ভেদেইলতা স্বাস্থ্য উপকাৰী !! উত্তম স্মৃতি শক্তি বৰ্দ্ধক,,

ভেদেইলতা স্বাস্থ্য উপকাৰী কিন্তু খাব লাগে কেতিয়া ??

 Dr Az Ahmed

  সংস্কৃত নাম গন্ধ প্ৰচাৰিণী আৰু Paederia foetida বৈজ্ঞানিক নামেৰে জনাজাত এই ভেদেইলতাৰ পাত এক উৎকৃষ্ট ব্যঞ্জন হিচাপে ঘৰে ঘৰে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ উপৰিও এই লতাৰ শিপা আৰু পাতৰ বহুতো স্বাস্থ্য উপকাৰ আছে বাবে এই লতা নানা ধৰণৰ ৰোগ নির্মূল ৰ বাবে যুগে যুগে ব্যৱহাৰ হৈ আহিছে।

 

ভেদেইলতা পাত আৰু শিপাৰ প্ৰাকৃতিক ভাবে সমৃদ্ধ সক্ৰিয় ৰাসয়নিক মিশ্ৰণ সমূহ হল :- এছেন্ছিয়েল তৈল ( মিথাইল মাৰকাপ্তান, লিনালূল), বহুবিধ গ্লুকচাইড, কুইনইন, এলকালইদ, কেইবাটাও ফেটি এচিড, ভেলিন, ট্ৰাইছিন, হিষ্টাদিন, ভিটামিন C আৰু কেৰটিন।

এই লতাৰ শিপা আৰু পাতৰ গুণসমূহ হল:-

ন্টী-ইনফ্লেমেটৰী (ফুলা কমাই) , এন্টী-হেলমেনথিক (কৃমি নাশক), এন্টী-অক্সিডেন্ট  ( দেহৰ কোষত জমা হৈ থকা বিষাক্ত দ্ৰব্য নিষ্কাষক), এন্টী-বেক্টেৰিয়াল ( বেক্টেৰিয়া প্ৰতিৰোধী) আৰু হাইপ’গ্লাইচেমিক।

স্বাস্থ্য উপকাৰ সমূহ :-

১) ই উত্তম স্মৃতি শক্তি বৰ্দ্ধক । স্নায়ুৰোগত ভুগি থকা লোকে খালে উপকাৰ পাব কিয়নো এই পাতৰ ৰসে কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ ক উদ্দীপ্ত কৰে। আনকি একাঙ্গী ৰোগৰ ( paralysis) ৰোগীয়ে দিনে তিনি চাৰীচামুছ এই পাতৰ ৰস বা শিপাৰ ৰস প্ৰতিদিনে খালে একাঙ্গী ৰোগ সোনকালেই ভাল হয়।

২) আৰথ্ৰাইটিছ, সন্ধি বিষ আৰু বাত বিষ আদিৰ মহৌষধ। নিয়মিত পাত বা শিপাৰ ৰস তিনিচামুচকৈ সেৱন কৰক।

৩) ই উত্তম শুক্ৰবৰ্ধক । এই লতাৰ পাত খালে পুৰুষৰ টেষ্টষ্টেৰণ হৰমন উদ্দিপ্ত হব আৰু ফলত পুৰুষৰ যৌন দুৰ্বলতা দুৰ হয়।

৪) পেটৰ পেলু নিয়ন্ত্ৰন হয়।

 

৫) আনকি সকলো ধৰণৰ পেটৰ সমস্যা যেনে গেছ, বদহজম, কোষ্ঠ-কাঠিন্য, কলাইটিছ, ডায়েৰীয়া, পেটচলা আদিৰ বাবে ভেদেইলতা লাভজনক। ইয়াৰ বাবে এই পাতৰ ৰস বা ইয়াৰ শিপাৰ ৰস দুচামুচ কৈ দিনে দুবাৰকৈ এসপ্তাহ খাব পাৰে।

 

৫) অৰ্শ আৰু ভগণ্ডৰ ( Piles & Fistula) ৰোগীয়ে নিয়মিত 2 চামুচকৈ দুবাৰ এই পাতৰ ৰস বা এই গছৰ শিপাৰ ৰস এমাহৰ বাবে খালে নিশ্চিত ভাবে উপকাৰ পাব।

 

৬) সাধাৰণ দুখ পোৱা বা আঘাতৰ ফলত ফুলি উঠা ঠাইত ভেদেইলতা পাত পেষ্ট কৰি লৈ বান্ধি থলে সোনকালে উপশম পাব।

 

৭) লিভাৰৰ ৰোগ যেনে:- ভোক নলগা, উদগাৰ অহা, ফেঁটি লিভাৰ আদিৰ বাবে এই পাতৰ তৰকাৰী বা ৰস উপকাৰী। ৰস খালে 2 চামুচ কৈ দুবাৰ এসপ্তাহৰ পৰা চাৰি সপ্তাহলৈ খাব পাৰে।

 

৮) যিকোনো ৰোগ হৈ শৰীৰ দুৰ্বল হলে এই গছৰ শিপাৰ ৰস বা পাতৰ ৰস এচামুচকৈ দিনে দুবাৰ ভাত খোৱাৰ পিছত টনিক হিচাপে খাব পাৰে ।

 

৯) ভগা হাড় প্লাষ্টাৰ কৰাৰ পিছত সোনকালে জোৰা লাগিবলৈ এই পাতৰ বা শিপাৰ ৰস দুই চামুচকৈ দৈনিক খাওক।

 

১০) প্ৰসুতি ৰোগৰ বাবে বৰ উপকাৰী এই পাতৰ ৰস। প্ৰসব হোৱাৰ পিছত দেখা দিয়া অগ্নিমাণ্ড, গাৰবিষ, পেটৰ বিষ, ৰক্তহিনতা আদিৰ বাবে এই পাতৰ ৰস বৰ উপকাৰী।

 

১১) হাইপ’গ্লাইচেমিক গুণ থকা হেতুকে এই পাতৰ ৰস বা শিপাৰ ৰস দুচামুচকৈ প্ৰতিদিনে ভাত খোৱাৰ আগত খালে নিশ্চিতভাবে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *