Featured Video Play Icon

শিহৰণকাৰী পথ দুৰ্ঘটনা // চাওক এই ভিডিঅ

দৰঙৰ চিপাঝাৰত শিহৰণকাৰী পথ দুৰ্ঘটনা:-

 

   মঙলদৈৰ পৰা গুৱাহাটী অভিমুখে AS12 BC 6356 নম্বৰৰ মা আমিনা নামৰ যাত্ৰী পৰিবাহী চুপাৰ দিলাক্স আলট্ৰা বাছ এখন আৰু AS13 E 9481 KWID চাৰিচকীয়া ব্যক্তিগত বাহন দুখনৰ মাজত দৰং আৰু কামৰূপ জিলাৰ সীমান্তত ননৈ নদীৰ দৰং সীমান্তত সংঘটিত হয় এই পথ দুৰ্ঘটনা 

       

   তীব্ৰবেগী আলট্ৰা বাছ খনক অভাৰটেক কৰিবলৈ গৈ KWID বাহন খনে সন্মুখত হঠাতে অন্য এখন তীব্ৰবেগী বাহন দেখি আলট্ৰা খনৰ পিছফালে খুন্দা মাৰাৰ ফলত KWID খন আলট্ৰা ৰ পিছফালে ভাঙি সোমাই যায় ।

 

   আলট্ৰা খনত যাত্রীৰে ভৰি থকাৰ লগতে KWID খনত আছিল তিনিগৰাকী আৰোহী ।

         

   KWID খনৰ চলক জনে মূৰত গুৰুতৰ ভাবে আঘাত পাইছে যদিও বাকী এগৰাকী মহিলা আৰু এটি শিশু নিৰাপদ অৱস্থাত উদ্ধাৰ হৈছে। লগতে আলট্ৰা খনৰ যাত্ৰী সমূহ আঘাতপ্ৰাপ্ত হোৱা নাই ।

 

  স্থানীয় ৰাইজে চিপাঝাৰ আৰক্ষী চকীত খবৰ দিয়াত আঘাতপ্ৰাপ্ত চালক জনক মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *