ফটা গোৰোহাই সমস্যা কৰিছে নেকি??

ফটা গোৰোহায় সমস্যা কৰিছে নেকি ?? চিন্তা নকৰিব তিনিদিনৰ ভিতৰত ভাল হব:-

শীত কালত কম বেছি পৰিমাণে প্ৰায় লোকে এইটো সমস্যাত ভোগা দেখা যায়। সমাধান আগবঢ়োৱাৰ আগতে প্ৰথমতে জানিব লগা কথা হৈছে যে গোৰোহা কিয় ফাট মেলে। বিভিন্ন কাৰণত আপোনাৰ গোৰোহা ফাটিব পাৰে যদিও মূল কাৰণ কেইটি হল :-

 

১) যদিহে আপোনাৰ ছালখন বেছি শুকান প্ৰকৃতিৰ হয়।
২) ধূলিকণা, মাটিৰ লগতে পৰিবেশৰ বতাহ, ধাণ্ডাৰ ছালৰ ওপৰত প্ৰভাব।
৩) যদিহে ছালত চৰাইছিছ,একজমা, ৰোগ থাকে।
৪) দেহত ডায়েবেটিচ থাকিলে।

অকল গোৰোহা কিয় ফাটি যায় কিন্তু ভৰিখন নাফাটে ?

 কিয়নো গোৰোহা দুটিয়ে দৈনন্দিন আমাৰ দেহৰ ওজন কঢ়িয়াই লৈ ফুৰে বাবে যথেষ্ট চাপত থাকে আৰু তেজৰ চলাচল বহুগুণে কম থাকে লগতে যথেষ্ট পৰিমাণৰ ধূলি, মাটি, লেতেৰা কণিকা ইত্যাদি ৰ প্ৰত্যাহ্বান ৰ সন্মুখীন হয়। আৰু যদিহে গোৰোহা দুটিত দীৰ্ঘ সময়ৰ বাবে লেতেৰা লাগি থাকে তেন্তে ফটা সমস্যা দেখা দিয়া নিশ্চিত।

পৰিত্ৰাণ ৰ উপায় :

১) যিমানেই সম্ভৱ গোৰোহা দুটি পৰিস্কাৰ কৈ ধুই ৰাখিবলৈ চেষ্টা কৰক। বহুতে গোৰোহা দুটি পৰিষ্কাৰ কৰিবলৈ শিল বা চামুচ আদি ব্যৱহাৰ কৰে যিটোৱে আৰু বেছিহে কৰিব সমস্যাটি। ধুবৰ সময়ত ঘঁহিবলৈ সূতাৰ কাপোৰ উত্তম।

 

২) যদিহে আপোনাৰ গোৰোহা ফটা সমস্যা আছে তেন্তে কামৰ সময়ত জোতা আৰু সূতাৰ মোজা পিন্ধা অভ্যাস কৰক। ঊলৰ মোজা কিন্তু নিপিন্ধাই ভাল কিয়নো উলে এলাৰ্জি সৃষ্টি কৰি সমস্যাটি দুগুণ বঢ়োৱাৰ ভয় আছে।

 

৩) যদিহে আপুনি এই সমস্যাটো ত ভুগিছে তেন্তে দিনত দুবাৰ গোৰোহা কেইটি নিমিষ মিহলোৱা কুহুমীয়া পানীত ১০ মিনিট ডুবাই ৰাখক আৰু আৰু লাহে লাহে হাতৰ তলুৱাৰে গোৰোহা কেইটি ঘঁহি পৰিস্কাৰ কৰক তাৰ পিছত যিকোনো চাবনেৰে ঘঁহি ঘঁহি পৰিষ্কাৰ কৰক। আৰু তাৰ পিছত সুন্দৰকৈ মচি বজাৰত উপলব্ধ ভেচেলিন জেলী নাইবা FOOTLIN মলম নাইবা SILVEREX ক্ৰীম ডাঠকৈ লগাই দিয়ক আৰু লগে লগে এযোৰ সূতাৰ মোজা পিন্ধি লওক।

 

৪) যদিহে আপোনাৰ গোৰোহা দুটি বেছিকৈ ফাটিছে বা ফাটি তেজ ওলোৱা বা বিষ অনুভৱ হয় তেন্তে আপুনি ঘৰতে এটি সুন্দৰ মিশ্ৰণ প্ৰস্তুত কৰি লব পাৰে । তাৰ বাবে আপুনি এক চামুচ ভেচেলিন কম উত্তাপত গৰম কৰক লগত এচামুচ এলিও ভেৰা ক্ৰীম মিহলাই দি ভালদৰে চামুচ এখনেৰে মিলাই দিয়ক। শেষত এই মিশ্ৰণটো ৰ সৈতে ৪-৫ টোপ গ্লিচাৰিন মিহলাই লওঁক। আৰু এইখিনি মিশ্ৰণ যদি দিনত দুবাৰকৈ লগাই নিশ্চিত ভাবে তিনিদিনৰ ভিতৰত আপোনাৰ ফটা গোৰোহা পুনঃ ভাল হৈ যাব।

 

যদিহে আপুনি আমাৰ এই স্বাস্থ্য বাৰ্তা ভাল পাইছে আপোন জনলৈ বিলাই দিব। আৰু এনে ধৰণৰ অধিক স্বাস্থ্য বাৰ্তা পঢ়িবলৈ আমাৰ ৱেবচাইট KAMALPUREXPRESS.COM ক্লিক/দৰ্শন কৰিব পাৰে

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *