তৰুণ গগৈ ছাৰলৈ অশ্ৰু শ্ৰদ্ধাঞ্জলি,,

এটি হাঁহিৰ অৱসান আজি,,

( তৰুণ গগৈ শ্ৰদ্ধাৰ্ঘ্য )

মধু পাটোৱাৰী

কি কওঁ কি কৰোঁ
ভাবিয়ে পোৱা নাই !
তোমাক হেৰুৱা খবৰটো কলিজাই
মানি ল’ব পৰা নাই !!

 

 

কি আছিলা কি নাছিলা
নিবিচাৰোঁ সেয়া আজি ;
হম্ হমকৈ কলিজাত উঠিছে
শোকৰ নিনাদ বাজি !

এটিয়েই বেদনা ইহসংসাৰত
তুমি যে আৰু নাই !!

 

তৰুণ তুমি তৰুণেই আছিলা
পদুমফুলীয়া হাঁহিৰে ;
তৰুণ তুমি তৰুণেই আছিলা
সদায় অন্তৰে-বাহিৰে
সেই হাঁহিটো সেই সংলাপটো
আজি যে আৰু নাই ….!!

 

মৃত্যু যে শাশ্বত জীৱনৰ ছায়া
মৃত্যুয়ে নকৰে দয়া !
কায়া নহ’লেও মায়াৰ ছায়া
হ’ব চিৰযুগমীয়া !!

স্বৰ্গ যাত্ৰাত তোমাৰ আত্মাই
যেন কষ্ট নেপায়
তাৰেই কামনা কৰিলোঁ শতবাৰ
ঈশ্বৰক প্ৰণতি জনায় !!

এটিয়েই বেদনা ইহ সংসাৰত
তুমি যে আৰু নাই ..

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *