মদন কামদেবঃ অসমৰ বুকুত এক খাজুৰাহো

মদন কামদেবঃ অসমৰ বুকুত অন্য এক খাজুৰাহো।
                                       ঘনশ্যাম শৰ্মা, আলিসভা।

অসম তন্ত্ৰ-মন্ত্ৰৰ দেশ বুলি প্ৰাচীন কালৰে পৰাই বিখ্যাত। ইয়াত এনে কিছুমান নিষিদ্ধ ‘কাল্ট’ৰ (ভূত-প্ৰেত পূজা)ৰ কথা শুনা যায় যে এই অসম ভূমি তন্ত্ৰ-মন্ত্ৰৰ স্বৰূপ অতি প্ৰাচীন। সেয়ে এই দেশক বোলা হয় “কামৰূপা-কামাখ্যা”। কামাখ্যা কেৱল ‘যোনি-দেৱী’য়েই নহয় …. এই কামৰূপা-কামাখ্যাৰ বুকুতেই আছে অন্য এক ৰহস্যময় মন্দিৰ। যত পৰম আৰধ্য দেৱতা হ’ল- কামদেৱ। আজিকালি কামদেৱৰ পূজা নাই বুলিবই পাৰি। অতীতৰ সেই কাল্ট বা কাপালিক তন্ত্ৰ এতিয়া হৈ পৰিছে ব্যৱসায়। তথাপিও মদন কামদেৱৰ দেৱালয়ৰ কাৰুকাৰ্য সমূহ দেখিয়েই হয়তু ভাৰতক ‘লেণ্ড অব চেক্স’ বোলা হয়!

                   

কামদেৱ প্ৰেম বা অতি নিবিড়ভাবে ক’বলৈ হ’লে ‘কামনা-বাসনা’ৰ দেৱতা! উল্লেখযোগ্য যে ভাৰতীয় পৰম্পৰাগত ভাবে উল্লেখিত ‘কাম’ কোনো কাৰণতেই পশ্চিমীয়া ‘চেক্সুয়েলিটি’ৰ সমপৰ্যায়ৰ নহয় বুলি বিশেষজ্ঞ সকলে বাৰে বাৰে দোহাৰি আহিছে।

 

পুৰাণৰ মতে কামদেৱ ‘কাম’ অৰ্থাৎ দেহজ আৰু দেহাতীত অনুভৱেৰে জগতক একত্ৰিত ভাবে মুক্ত কৰাৰ পথ! অথৰ্ববেদত কামদেৱৰ বিষয়ে বিস্তাৰিত ভাবে পোৱা যায়।

                                                 

কামদেৱ বা মদন বিষ্ণু আৰু লক্ষ্মীদেৱীৰ সন্তান। বহুতেই তেওঁৰ জন্ম আকৌ কৃষ্ণ-ৰুক্মিণীৰ অৱতাৰত বুলি বিশ্বাস কৰে।কোনো কোনোৱে আকৌ কামদেৱক ব্ৰহ্মাৰ পুত্ৰ বুলিও উল্লেখ কৰিছে। কামদেৱ অতি সুদৰ্শন যুৱাপুৰুষ, যাৰ হাতত থাকে এক আশ্চৰ্যজনক ধনু-শৰ! তেওঁৰ ধনু নিৰ্মিত হৈছে ইক্ষুদণ্ডৰে, ধনুৰ জ্যা মৌৰে, শৰবোৰ নিৰ্মাণ কৰা হৈছে অশোক, পদুম আৰু আমৰ মুকুলেৰে। কামদেৱৰ বাহন ভাটৌ চৰাই। কামদেৱৰ পত্নী ৰতিদেৱীক প্ৰেমৰ দেৱী বুলিও কোৱা হয়।

 

অসমকে ধৰি প্ৰাচীন ভাৰতবৰ্ষত ৰীতিমতেই কামদেৱৰ পূজা কৰা হৈছিল। গুপ্তযুগত দেশৰ বিভিন্ন প্ৰান্তত কামদেৱৰ মন্দিৰ আছিল বুলি প্ৰাচীন সাহিত্যত উল্লেখ আছে। সেই মন্দিৰ সমুহ হেনো সেই যুগৰ প্ৰেমিক-প্ৰেমিকাৰ নিয়মিত বিহাৰৰ স্থান! মদনোৎসৱ বা হলি বা ফাকুৱা আছিল কামদেৱৰ উদ্দেশ্য নিবেদিত উৎসৱ। শূদ্ৰকৰ ‘মৃচ্ছকটিকম’ত গুপ্তযুগৰ মদনোৎসৱৰ যি বৰ্ণনা কৰা হৈছে তাৰ তুলনাত আজিকালিৰ ‘নাইটক্লাৱ’ও তুচ্ছ। অৱশ্যে কালৰ গতিত মদনোৎসৱ বসন্তোৎসৱলৈ পৰিণত হ’ল। কামদেৱৰ নাম সংশ্লিষ্ট নহলেও কিন্তু উৎসৱ আজিও প্ৰচলিত।

 

কামদেৱৰ উপাসনা আজিও বহমান যদিও তাৰ উদ্দেশ্য আৰু বিধেয় মুঠেই প্ৰাচীন কামদেৱৰ উপসনাৰ অনুৰূপ নহয়। বিভিন্ন, বিচিত্ৰ কাৰণত কামদেৱৰ উপাসনা কুক্ষিগত হৈ আহিছে এক শ্ৰেণীৰ ‘ধৰ্ম ব্যৱসায়’ৰ বাবে। তেওঁলোকে জাকজমকতাৰে বিজ্ঞাপন প্ৰকাশ কৰে যে ‘কামদেৱ-বশীকৰণ’ তথা কামদেৱ-যজ্ঞৰ দ্বাৰা কোনো ব্যক্তিৰ বাসনা চৰিতাৰ্থ কৰণৰ ব্যৱস্থা কৰিব পাৰে।

                                                     

   ইয়াৰ ফলতে একালত এখন দেশৰ এটা কাল্ট বা কাপালিকা তান্ত্ৰিকৰ দৰে এক বিশাল সংস্কৃতিৰ গঢ় লৈ উঠিছিল, সেয়া আজি ‘তুকতাক’ স্তৰলৈ নামি আহিছে। তথাপিও ভাৰতবৰ্ষৰ কেইবাটাও স্থানত কামদেৱৰ মন্দিৰ আজিও বিদ্যমান। তামিলনাডুৰ আৰাগালুৰ কামেশ্বৰ মন্দিৰ, বৃন্দাবনত থকা ১২টি মন্দিৰৰ অন্যতম কাম্যবন, তামিলনাডুৰ থাড়িকোম্বুৰ পেৰুমল মন্দিৰ তথা ৰাজস্থানৰ হৰচত-মাতা মন্দিৰত আজিও কামদেৱৰ পূজা কৰা হয়।
(আগলৈ……

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *