কলডিল কিয় নাখাব ??

কলডিল কিয় নাখাব ??

এষাৰ প্ৰবাদ আছে যে ৰোগৰ কাল হল “কলৰ ফুল” অৰ্থাৎ কলডিল । সেয়ে অকল কলে নহয় কলডিল খোৱাটো বৰ উপকাৰী।
কলডিলত সমৃদ্ধ হৈ থকা প্ৰাকৃতিক উপাদান সমুহ হল ফাইভাৰ, যথেষ্ট পৰিমানৰ প্ৰটিন , কেলচিয়াম, কোবাল্ট, ফচফৰাছ, আইৰণ, মেজনেছিয়াম, ভিটামিন E আৰু ওমেগা 3 ফেঁটি এচিড নামৰ এন্টি অক্সিদেন্ত ।

 

কলডিলৰ উপকাৰী গুণ সমূহ হল:-

১. নিয়মিত কলডিল খালে বহুমূত্ৰ ৰোগীৰ তেজৰ ইনচুলিন হৰমনৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি হয় ।

 

২. কলডিলত প্ৰচুৰ পৰিমাণে মেংগানিজ থকা বাবে কলডিল খালে মানসিক অৱসাদ দূৰ হয় ।

 

৩. এন্টি অক্সিডেন্ট ভৰপূৰ হৈ থাকে বাবে কলডিল খালে দেহৰ কোষত জমা হৈ থকা বিষাক্ত পদাৰ্থ অৰ্থাৎ FREE RADICALS সমূহ সহজতে নিষ্কাশন হয় । ইয়াৰ ফলত দেহৰ হৃদযন্ত্ৰ, যকৃত আৰু মগজু সতেজ হৈ থাকে ।

 

৪. পেটৰ সমস্যা যেনে এচিডিটি নিয়ন্ত্ৰণ কৰিবলৈ কলডিল খোৱাটো খুবেই দৰকাৰী।

 

৫. কলডিল খালে মহিলাৰ অনিয়মীয়া ঋতুস্বাৱ নিয়মীয়া হোৱাত সহায়ক হয় । লগতে মহিলাৰ PCOS ৰোগ নিৰাময় হয় কলডিল খালে ।

৬. কলডিলত যথেষ্ট পৰিমাণে আইৰণ থাকে বাবে ৰক্তহীনতা দূৰ হয় ।

৭. বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে কলডিলত ।

      সেয়ে অকল কলেই নহয় কলডিলো খাওঁক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *