পোন্ধৰ বিধ খাৰকীয় খাদ্য প্ৰতিদিনে সেৱন কৰক আৰু…

তলত উল্লেখিত পোন্ধৰ বিধ খাৰকীয় খাদ্য প্ৰতিদিনে সেৱন কৰক আৰু নিৰোগী হৈ থাকক :-

১. নেমু :- প্ৰচুৰ পৰিমাণে পটাচিয়াম আৰু মেগনেছিয়াম নামৰ খাৰকীয় খনিজ লবন থাকে । তদুপৰি কেলচিয়াম আইৰন ভিটামিন A , C, B1 , B3 , B5 , B6 নেমুত পোৱা যায় ।
নেমুৰ বেক্টেৰিয়া আৰু ভাইৰাছ প্ৰতিৰোধী গুণ আছে । নেমু খালে হজম শক্তি বুদ্ধি হয় , দেহৰ ওজন কমে, ছালৰ উজ্জলতা বৃদ্ধিৰ উপৰিও দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

২. তিয়ঁহ:- প্ৰচুৰ পৰিমাণে ভিতামিন K, C আৰু B সমৃদ্ধ হৈ থাকে । ইয়াৰ ওপৰিও এমিনো এচিড , কাৰ্বহাইড্ৰেদ , ফচফৰাচ , মেনগানিছ , পতচিয়াম , বায়টিন , চিলিকন , সমৃদ্ধ হৈ থাকে । তিয়ঁহৰ খাদ্যৰ কেলৰি অতি কম । তিয়ঁহত ANTI-INFLANATORY আৰু ANTI-OXYDENT
গুণ সমৃদ্ধ হৈ থাকে । দৈনিক তিয়ঁহ খাদ্য হিচাবে গ্ৰহণ কৰিলে হৃদৰোগ , বদহজম , মধুমেহ , কেঞ্চাৰ , ইত্যাদি ৰোগৰ পৰা , হাত সাৰিব পাৰি। ইয়াৰ উপৰিও তিয়ঁহত যথেষ্ট পৰিমানৰ পানী থাকে বাবে ই মূত্ৰনলীৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

৩. বীত ৰ সেউজীয়া পাত :- আটাইতকৈ উত্তম খাৰকীয় খাদ্য । এই পাত খালে খাদ্যনলিৰ যিকোনো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি । লগতে দৈনিক খাদ্যৰ লগত এই পাত সেৱন কৰিলে পেটৰ অবাঞ্চিত চৰ্বি নাইকিয়া হয় ।

৪. কল :- পকা কলক আমি খাৰকীয় খনিজ লবন পতাচিয়াম ৰ লাঠী বুলিও কব পাৰি । কলত প্ৰচুৰ পৰিমাণে ফাইভাৰ থাকে।

৫. তৰমুজ :- যথেষ্ঠ পৰিমাণৰ পানী , ফাইভাৰ ,ভিটামিন, মিনাৰেল আদি থকাৰ উপৰিও আৰ্জেনিন নামৰ কেঞ্চাৰ প্ৰতিৰোধী দ্ৰব্য থাকে তৰমুজত।

৬. সেউজীয়া শাক :- ইয়াৰ বিষয়ে নকলেও হব ।

৭. ব্লুবেৰী :- ইয়াত প্ৰচুৰ পৰিমানে এন্তি অক্সিডেন্ট থাকে । প্ৰতিদিনে ব্লুবেৰী খালে হৃদৰোগৰ সম্ভাৱনা 15 শতাংশ হ্ৰাস পায় । প্ৰতিদিনে ব্লুবেৰী খালে মানুহ বৃদ্ধ নোহোৱাকৈ অৰ্থত চিৰ যৌৱনা হৈ থাকিব পাৰি ।স্মৃতিশক্তি বৃদ্ধি কৰে ব্লু বেৰীয়ে।

৮. এপ্ৰিকটছ :- উচ্চস্তৰৰ খাৰকীয় খাদ্য ।

৯. বীণ :- প্ৰচুৰ পৰিমাণে চিলিকন থাকে । চিলিকন থকা বাবে হাড় মজবুত কৰি ৰখাৰ সহায়ক হয় ।

১০. নহৰু :- নহৰুত থকা বিশেষ দ্ৰৱ্য এলিচীনৰ বেক্টেৰিয়া , ভাইৰাছ আৰু ভেঁকুৰ প্ৰতিৰোধী ক্ষমতা থকাৰ উপৰিও এবিধ উত্তম এন্তি অক্সিডেন্ট । নহৰুত প্ৰচুৰ পৰিমাণে ভিটামিন B1 , B6 আৰু C , খনিজ লৱন ক্ৰমে কেলচিয়াম , কঁপাৰ , চেলেনীয়াম থাকে । খাদ্যনলীৰ পৰা ক্ষতিকাৰক টক্সিন নিষ্কাশন কৰিব পাৰে নহৰুৱে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় , তেজৰ কলেষ্টেৰল কমায় আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে নহৰুৱে ।

১১. বাদাম :- প্ৰচুৰ পৰিমাণে কেলচিয়াম প্ৰটিন আৰু আইৰনেৰে সমৃদ্ধ বাদাম ।

১২. জলকীয়া:- এন্তি অক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰি গুণেৰে সমৃদ্ধ জলকীয়া।

১৩. সাগৰীয় শাক-পাচলি :- প্ৰচুৰ পৰিমাণে এমিনো এচিড , এন্টি অক্সিডেন্ট যেনে ফেনলছ , তেননিন্স, আৰু আয়ডিন থাকে ।

১৪. মধুৰি আম :- প্ৰচুৰ পৰিমাণে ভিটামিন , মিনাৰেল আৰু এন্টি অক্সিডেন্ট ৰে সমৃদ্ধ এই মধুৰী আম ।

১৫. নাৰিকল পানী :- প্ৰতিদিনে খালে সকলো ধৰণৰ মূত্ৰশয় ৰ ৰোগৰ পৰা আপুনি বহু দূৰত থাকিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *