পুনৰ নিৰ্দেশ নিদিয়ালৈ দৰঙ জিলাত ১৪৪ ধাৰা জাৰি….

পুনৰ নিৰ্দেশ নিদিয়ালৈ দৰঙ জিলাত ১৪৪ ধাৰা জাৰি

তাৎক্ষণিক ভাবে বলবৎ হোৱাকৈ জিলা দণ্ডাধিশে সমগ্র জিলা খনতে শান্তি সম্প্ৰতি অটুট ৰাখিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে।

এই ধাৰা মৰ্মে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপঠত কোনো ধৰণৰ শোভাযাত্ৰা, ধৰ্ণা আৰু পথ অৱৰোধ কৰিব নোৱাৰিব।

দৰঙ জিলাৰ উপযুক্ত ৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰবেশ নিষিদ্ধৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ ধৰ্ণা আৰু অনাবশ্যকীয় সমাবেশ নিষিদ্ধ কৰা হৈছে।

প্ৰশাসনৰ বিনা অনুমতি অবিহনে ৰাজহুৱা স্থানত ৫ জন বা তাতোধিক ব্যক্তিৰ সমাবেশ, সাম্প্ৰদায়িক আৰু অপ্ৰীতিকৰ শোভাযাত্ৰা, প্ৰতিবাদী সভা, ধৰ্ণা, ৰেলী কৰিব নোৱাৰিব।
ৰাজহুৱা স্থানত কোনো ব্যক্তি বিশেষে চোকা অস্ত্ৰ, লাঠি, ধনু-কাড় প্ৰদৰ্শন নিষিদ্ধ হব।

কোনো চৰকাৰী বেৰ আৰু গৃহত পোস্তাৰ লিখিব নোৱাৰিব।

লগতে জিলা খনলৈ আৰু জিলা খনৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ সকলো ধৰণৰ নাও আৰু ফেৰীৰ চলাচলত নিষেধাজ্ঞা থাকিব।

অসামৰিক লোকে সামৰিক পোচাক পিন্ধিব নোৱাৰিব।আৰু উপৰোক্ত নিৰ্দেশনা অমান্য ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব জিলা প্ৰশাসনে।

প্ৰশাসনৰ অনুমতি অবিহনে কোনোৱে মাইক ব্যৱহাৰ কৰা, কোনো কাৰ্য্যলয়, গুদাম আৰু ব্যক্তি বিশেষ ক ঘেৰাও কৰিব নোৱাৰিব।

কোনো চৰকাৰী বেৰ আৰু গৃহত পোস্তাৰ লিখিব নোৱাৰিব।

লগতে জিলা খনলৈ আৰু জিলা খনৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ সকলো ধৰণৰ নাও আৰু ফেৰীৰ চলাচলত নিষেধাজ্ঞা থাকিব।

অসামৰিক লোকে সামৰিক পোচাক পিন্ধিব নোৱাৰিব।আৰু উপৰোক্ত নিৰ্দেশনা অমান্য ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব জিলা প্ৰশাসনে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *