ৰাতি শুবৰ সময়ত মোবাইল ব্যৱহাৰ কৰিলে চৰ্বী বাঢ়ে…

দেহৰ ওজন কেনেকৈ কমাব ??

১) মিঠা পনীয় (sweet drinks) আৰু মিঠাই খোৱা বন্ধ কৰক।

২) দিনটোত ৩-৪ কাপ গ্ৰীণ টি খাওঁক। ইয়াত কেটচিন নামৰ চৰ্বী বিয়োজক এন্টী অক্সিডেন্ট থাকে।

৩) অস্বাস্থ্যকৰ খাদ্য যেনে :- ফাষ্ট ফুড, চাইনীজ ফুড, এলকহল ইত্যাদি সেৱন নকৰিব।

৪) ঘনাই দাঁত ব্ৰাছ কৰক।

৫) প্ৰতিদিনে ১০-১৫ মিনিট মন খুলি ডাঙৰকৈ হাঁহিব । যাৰ ফলত ৪০ কেলৰি চৰ্বী বিয়োজন হব।

৬) প্ৰতিদিনে আপুনি খোৱা ৩-৪ লিটাৰ পানীৰ ভিতৰত কমেও ডেৰ লিটাৰ গৰম পানী খাব।

৭)দিনৰ ভিতৰত ৪৫ মিনিট ব্যায়ামৰ ভিতৰত কমেও ২.৫ মিনিট কঠোৰ ব্যায়াম কৰক। ওপৰলৈ জঁপিওয়া ব্যায়াম চৰ্বী কমাবলৈ উত্তম।

৮) কমকৈ খাওক আৰু ঘনাই খাওক। এনেকুৱা নকৰিব যে এসাজ লঘোন দি এসাজ বেছিকৈ খাই দিব।

৯) ৰাতি টোপনিৰ আগে আগে মোবাইল, পি চি , টি ভি স্ক্ৰীন ৰ নীলা লাইট ব্যৱহাৰৰ নকৰিব। এয়া কৰিলে মগজুৰ মেলাটনিনৰ ক্ষৰণ কমে আৰু খাদ্যৰ বিপাক হ্ৰাস হয়।

১০) দিনত টোপনি নামাৰিব।

১১) টোপনি মাৰা কথাটো ঠাণ্ডা হব লাগে। ঠাণ্ডা কোঠাত শুলে পেটৰ বগা চৰ্বী বিয়োজন হয়।

১১) সপ্তাহত এদিন নৈমিত্তিক কাম এৰি বাহিৰলৈ ওলাব আৰু সেইদিনাই নৈমিত্তিক খাদ্য গ্ৰহণ নকৰি খাদ্যৰ তালিকাৰ বাহিৰৰ খাদ্য গ্ৰহণ কৰক। আপুনি জানে যে শিঙৰা বেয়া তথাপিও খাওক চৰ্বী কমিব।

১২) মানসিক চাপৰ পৰা সদায় দূৰত থাকক। আৰু চাপত থাকিলে চৰ্বী জাতীয় খাদ্য পৰিহাৰ কৰক।

১৩) দৈনিক ৮ ঘণ্টা টোপনি বাঞ্ছনীয়। নিশা ১০-১১ বজাৰ পৰা ৬-৭ বজালৈ হল টোপনিৰ উত্তম সময় । যদিহে টোপনি ক্ষতি হয় খাদ্য কমাই খাব।
১৪) আপোনাৰ বাবে আপুনি সপ্তাহৰ খাদ্য তালিকা প্ৰস্তুত কৰি লব। যদিহে দিনত তিনি বাৰ খাদ্য গ্ৰহণ কৰে সপ্তাহত ২১ বাৰ হব, তাৰে ৭ সাজত আমিষ আৰু বাকী কেই খাজত নিৰামিষ খোৱা উত্তম।

যদিহে আপুনি আমাৰ ৰিপোৰ্ট ভাল পাইছে তেনেহলে আমাৰ ৰিপোৰ্ট আপোনজনলৈ ফেচবুক আৰু হোৱাটচপত বিলাই দিবলৈ নাপাহৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *