সিমিত উপস্থিতিৰে অনুষ্ঠিত হব খটৰা সত্ৰৰ পাচেতি উৎসৱ

   সিমিত উপস্থিতিৰে অনুষ্ঠিত হব এইবেলিৰ পাচেতি উৎসৱ:-

    সমগ্র বিশ্বতে কৰনা অতিমাৰীৰ সন্ত্ৰাসৰ বাবে এইবেলিৰ দৰং জিলাৰ খটৰা সত্ৰত অনুষ্ঠিত হব লগা  “পাচেতি উৎসৱ সত্ৰীয়া পৰম্পৰা আৰু ধৰ্মীয় সাত্বিকতা ৰক্ষাৰে সিমিত ভকত-বৈষ্ণৱ ও কলা -কুশলীৰ অংশগ্ৰহণ ৰে অনুষ্ঠিত হব আৰু  অনুষ্ঠিত নহয় পাচেতি মেলা ” বুলি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী যাদব চন্দ্ৰ মহন্তই জানিবলৈ দিছে।

                             
    বিগত ১৩ চেপ্টেম্বৰত অনুষ্ঠিত সত্ৰৰ পৰিচালনা সমিতিৰ বৈঠকত লোৱা হয় এই সিদ্ধান্ত।


সিদ্ধান্ত অনুসৰি ১৬ চেপ্টেম্বৰৰ সন্ধিয়া পানীতোলা, দধিমথন কৃষ্ণ আৰু দিহানাম পৰিবেশন কৰা হব। আৰু ১৭ চেপ্টেম্বৰৰ পুৱা ধৰ্মধ্বজা উত্তোলন আৰু নৈমিত্তিক নাম প্ৰসঙ্গৰ লগতে দুপৰীয়া পুনৰ দধিমথন অনুষ্ঠিত কৰা হব।
আৰু দৰ্শনাৰ্থী সকলে সম্পূৰ্ণ কভিদ নিয়ম মানিহে সত্ৰ চৌহদত প্ৰবেশ কৰিব পাৰিব বুলি জানিবলৈ দিছে।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *