কেনেকৈ গম পাব কামোৰা সাপটি বিষাক্ত নে অবিষাক্ত??

সৰ্পদংশন হলে কি কৰিব ?? কেনেকৈ গম পাব কামোৰা সাপটি বিষাক্ত নে অবিষাক্ত??

      আপুনি জানেনে বিষাক্ত সাপে কামুৰিলে খুব বেছি এজন লোক ২ ৰ পৰা ৩ ঘণ্টা জীয়াই থাকে। আচৰিত যেন লাগিছে যদিওবা এয়াই সত্য। সেয়ে আপুনি এই সময় খিনিত যদিহে সঠিক সিদ্ধান্ত লৈছে তেতিয়াহে ৰক্ষা পৰিব এজনৰ জীৱন। সেয়ে পলম নকৰি তলৰ কথাবোৰ মনযোগেৰে পালন কৰক:-
    ১) প্ৰথমে সাপে কামোৰা ঠাই খিনি নিৰীক্ষণ কৰক যদিহে দুটা দাঁত ফুটিছে তেনেহলে আপুনি নিশ্চিত যে সাপতো বিষাক্ত। আৰু যদিহে দুটাকৈ বেছি দাঁত ফুটিছে তেন্তে আপুনি নিশ্চিত যে সাপটি অবিষাক্ত আৰু আপোনাৰ ভয় নাই।
   ২) যদিহে দুটা দাঁত ফুটিছে আৰু আপুনি দংশন কৰা ঠাইৰ পৰা একেবাৰে লৰচৰ নকৰাকৈ সেই ঠাইতে বহি থাকক নহলে শুই থাকক। ওচৰতে থকা এজনক খবৰ দিয়ক আৰু আপোনাক চিকিত্সালয়লৈ নিয়াৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়ক। খোজ কাঢ়িলে বা ভয়তে দৌৰিলে আপোনাৰ বিপদ হব। বিষ বেছি হলেও আপুনি দংশন কৰা অংগতো লৰচৰ ও নকৰিব। কিয়নো সাপৰ বিষ তেজেৰে নহয় দেহত থকা লিম্ফৰ যোগেদি সঞ্চালন হয়। আৰু আমাৰ দেহ লৰচৰ হলে লিম্ফৰ চলাচল সক্ৰিয় হয়।

                     
   ৩) ওজা বা বেজৰ ওচৰলৈ গৈ অবাবত সময় নষ্ট কৰি মৃত্যুক সাৱটি নলব। ওজা বা কবিৰাজে বিষাক্ত সৰ্পদংশন হোৱা লোকক আৰোগ্য দান কৰিব নোৱাৰে।
   ৪) দংশন হোৱা ঠাইৰ অকণমান ওপৰতে এডাল ৰছীৰে বান্ধি দিয়ক । কিন্তু গাঁঠিটো সিমান টানকৈ মাৰিব যাতে তেজৰ চলাচল বন্ধ হৈ নাযায় কিয়নো সাপৰ বিষ তেজেৰে নহয় মাংস পেশী আৰু চৰ্বীৰ ভিতৰত থকা লিম্ফ নামৰ পনিয়া দ্ৰৱ্য বিধেৰেহে হয়। প্ৰথমে আপোনাৰ বুঢ়া আঙুলি এটা সোমাই দি টানকৈ গাঁঠিটো মাৰি দিয়ক আৰু পিছত আঙুলিটো উলিয়াই দিয়ক। প্ৰত্যেক ৩০ মিনিটৰ মূৰে মূৰে গাঁঠিটো এক মিনিটৰ বাবে খুলি দি পুনঃ বান্ধিব।
   ৫) দংশন হোৱা ঠাইৰ পৰা লাগিলে আপোনাক কোনোবাই দাঙিলৈ গাড়ীত উঠাব আৰু গাড়ীৰ পৰা দাঙিলৈয়ে চিকিৎসালয়ৰ বিচনাত দিয়ক।
   ৬) দংশন হোৱা ঠাইত কোনো মলম বা তেল নতুবা বন দৰৱ নলগাব। আৰু কাপোৰ বা বেণ্ডেজ নাবান্ধিব।
   ৭) কেতিয়াবা অবিষাক্ত সাপে খুটিলে ও হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হয় অত্যাধিক ভয় খোৱাৰ বাবে । সেয়ে ভয় নাখাব ।
   ৮) লোকজনক এনেকুৱা এখন চিকিৎসালয়লৈ লৈ যাব লাগিব যিখনত সাপৰ বিষৰ বেজী মানে এন্টী ভেনম (anti-venom) উপলব্ধ আছে। কাৰণ আপুনি যোৱা চিকিৎসালয় খনত সেই বেজী উপলব্ধ নহবও পাৰে। আৰু এনে কৰিলে অবাবত সময় নষ্ট হব। সেয়ে আপোনাৰ অঞ্চলৰ কোনখন চিকিৎসালয়ত এয়া বেজী তাৰ বিষয়ে আগতীয়া কৈ জানি থওক লাগিলে চিকিৎসালয়ৰ ফোন নম্বৰ লিখি ৰাখক। নাইবা চৰকাৰী সেৱা ১০৪ ত ফোন কৰি নিশ্চিত হৈ লওঁক। আৰু তেনেদৰে যাত্ৰা আৰম্ভ কৰক।
তলত অসমৰ বিভিন্ন জিলাৰ চিকিৎসালয়ৰ নাম যত আপুনি এন্টী ভেনম পাব:-

 

 কামৰূপ ( মেত্ৰ) :-
১) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ২) পাণ্ড সামূহিক চিকিৎসালয় ৩) গুৱাহাটী বিশ্ববিদ্যালয় চিকিৎসালয় ৪) চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয় ৫)মহেন্দ্ৰ মোহন অসামৰিক চিকিৎসালয় আৰু ৬)সোণাপুৰ জিলা চিকিৎসালয়।

কামৰূপ(গ্ৰাম্য):-
১) টি আৰ বি অসামৰিক চিকিৎসালয় ২) কমলপুৰ প্ৰাথমিক চিকিৎসালয় ৩) ৰঙিয়া সামূহিক চিকিৎসালয় ৪) শুৱালকুচি সামূহিক চিকিৎসালয় ৫)বামুনিগাও ক্ষুদ্র প্ৰাথমিক চিকিৎসালয় আৰু ৬) বকো অসামৰিক চিকিৎসালয়।

দৰং জিলা :-

১.মংগলদৈ অসামৰিক চিকিৎসালয় আৰু ২) কুৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়।

ধুবুৰী জিলা :-

১) বগৰীবাৰী আদর্শ চিকিৎসালয় ২) ধুবুৰী অসামৰিক চিকিৎসালয় ৩)লেখীগঞ্জ ৰাজ্যিক চিকিৎসালয় ৪) হলাকুৰা সামূহিক চিকিৎসালয় ৫) ধৰ্মচালা প্ৰাথমিক চিকিৎসা লয় ৬) চাপৰ সামূহিক চিকিৎসালয় ৭) ফুটকীবাৰী ৰাজ্যিক চিকিৎসালয় ৮) টামাৰহাত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় ৯)হাতশিঙি মাৰি ৰাজ্যিক চিকিৎসালয় ১০) বিলাসীপৰা ৰাজ্যিক চিকিৎসালয় আৰু ১১) বগৰী বাৰী ৰাজ্যিক চিকিৎসালয়।

ডিমা হাচং জিলা:-

১) হাফলং অসামৰিক চিকিৎসালয় আৰু ২) গুণজোং প্ৰাথমিক চিকিৎসালয়।

গোৱালপাৰা জিলা :-

১) গোৱালপাৰা অসামৰিক চিকিৎসালয় ২) লখিমপুৰ সামুহিক চিকিৎসালয় ৩) বিকালি ৰাজ্যিক চিকিৎসালয় আৰু ৪) দুধনৈ অসামৰিক চিকিৎসালয়।

গোলাঘাট জিলা:-
১)এছ কে কে অসামৰিক চিকিৎসালয় ২) সৰুপথাৰ সামূহিক চিকিৎসালয় ৩) বোকাখাত ৰাজ্যিক চিকিৎসালয় আৰু ৪) চাৰিঙিয়া প্ৰাথমিক চিকিৎসালয়।

হাইলাকান্দি জিলা :-
১) এছ কে ৰয় অসামৰিক চিকিৎসা লয়।9. তিনিচুকীয়া জিলা:-
১) এল জি বি অসামৰিক চিকিৎসালয় ২) ডিগবৈ সামুহিক চিকিৎসালয় ৩)মাৰ্ঘেৰিটা সামুহিক চিকিৎসালয় আৰু ৪) চপাখোৱা সামুহিক চিকিৎসালয়।

ডিব্ৰুগড় জিলা :-

১) চিচিয়া বকুলনি ৰাজ্যিক চিকিৎসালয় ২)কাছাৰি পথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় ৩) লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয় ৪) নাহৰনী সামুহিক চিকিৎসালয় ৫) নামৰূপ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় ৬)তেঙাখাত আদৰ্শ চিকিৎসালয় আৰু ৭) অসম চিকিৎসা মহাবিদ্যালয়।

শিৱসাগৰ জিলা:-
১)ডিমৌ আদৰ্শ চিকিৎসালয় ২) শিৱসাগৰ অসামৰিক চিকিৎসালয় ৩)সোনাৰী ৰাজ্যিক চিকিৎসালয়

যোৰহাট জিলা :-
১) যোৰহাট চিকিৎসা মহাবিদ্যালয় ২) ভোগামুখ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় ৩) তিতাবৰ ৰাজ্যিক চিকিৎসালয় ৪) গড়মূৰ ৰাজ্যিক চিকিৎসালয় আৰু ৫) নাকচাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় ।

বাক্সা জিলা :-

১) শলবাৰী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় ২) তামোলপুৰ প্ৰাথমিক চিকিৎসালয় ৩) নিজকৌৰবাহা খণ্ড প্ৰাথমিক চিকিৎসালয় ৪) বৰমা আদৰ্শ চিকিৎসালয় ৫) ডঃ ৰবি বড়ো চিকিৎসালয় (বাক্সা) আৰু ৬) শলবাৰী আদৰ্শ চিকিৎসালয়।

বৰপেটা জিলা:-
১) বৰপেটা আদৰ্শ চিকিৎসালয় ২) বাঘমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৩) ভবানিপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয় ৪) ভক্তাৰদবা আদৰ্শ চিকিৎসালয়
৫) বাৰপেটাৰোড সামূহিক চিকিৎসালয় আৰু ৬) ফকোৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়

বঙাইগাঁও জিলা :-
১) বইটামাৰী প্ৰাথমিক চিকিৎসালয় ২) বইটামাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু ৩) বঙাইগাঁও সামূহিক চিকিৎসালয় ।

কাছাৰ জিলা :-
১) এছ এন দেৱ অসামৰিক চিকিৎসালয় ২) ছোতো দুট পাতিল আদৰ্শ চিকিৎসালয় ৩) বৰখলা প্ৰাথমিক চিকিৎসালয় ৪) শিবিতাবেছিয়া আদৰ্শ চিকিৎসালয় ৫) হৰিনগৰ প্ৰাথমিক চিকিৎসালয় ৬) শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু ৭) টিকল আদৰ্শ চিকিৎসালয় ।

চিৰাং জিলা :-
১) জে এচ বি অসামৰিক চিকিৎসালয় আৰু ২) চিদলি প্ৰাথমিক চিকিৎসালয়।

ধেমাজি জিলা :-
১) শিলাপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় ২) ধেমাজি অসামৰিক চিকিৎসালয় আৰু ৩) শিলাপথাৰ আদৰ্শ চিকিৎসালয়।

কাৰ্বি আংলং পাৰ্বত্য জিলা :- ১) খেৰণী সামূহিক চিকিৎসালয় আৰু ২) ডিফু অসামৰিক চিকিৎসালয়।

কৰিমগঞ্জ জিলা :
১) পথাৰকান্দি সামূহিক চিকিৎসালয় ২) বৰাইগ্রাম মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় ৩) দুৰ্লভ হাচেৰা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় ৪) শ্ৰী গৌৰী সামূহিক চিকিৎসালয় ৫) গিৰিছ গণ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু ৬) কৰিমগঞ্জ অসামৰিক চিকিৎসালয়।

কোকৰাঝাৰ জিলা :-
১) আৰ এন বি অসামৰিক চিকিৎসালয় ২) ভালুকমাৰী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় |

লখিমপুৰ জিলা :-
১) উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয় ২) নাওবৈছা সামূহিক চিকিৎসালয় ৩) বিহপুৰীয়া সামূহিক চিকিৎসালয় আৰু ৪)ঢকুৱাখানা ৰাজ্যিক চিকিৎসালয় ।

মৰিগাঁও জিলা:-
১) মৰিগাঁও অসামৰিক চিকিৎসালয় ২) ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয় ৩) মৈৰাবাৰী সামূহিক চিকিৎসালয় আৰু ৪) নাওখলা আদৰ্শ চিকিৎসালয় ।

নগাঁও জিলা :-
১) ধিং সামূহিক চিকিৎসালয় ২) বি পি অসামৰিক চিকিৎসালয় ৩) যোগিজান আদৰ্শ চিকিৎসালয় ৪) হোজাই সামূহিক চিকিৎসালয় ৫) জখলাবন্ধা সামূহিক চিকিৎসালয় ৬) লামডিং সামূহিক চিকিৎসালয় আৰু ৭)কামপুৰ সামূহিক চিকিৎসালয়।

নলবাৰী জিলা :
১) মোকালমুৱা প্ৰাথমিক চিকিৎসালয় আৰু ২) এছ এম কে অসামৰিক চিকিৎসালয় ।

শোণিতপুৰ জিলা :-
১) কনকলতা অসামৰিক চিকিৎসালয় ২) বালিচাঙ ক্ষুদ্ৰ চিকিৎসালয় ৩) বিশ্বনাথ চাৰিআলি ৰাজ্যিক চিকিৎসালয়
৪) টি এম অসামৰিক চিকিৎসালয় ৫), বালিচাঙ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু ৬) গহপুৰ ৰাজ্যিক চিকিৎসালয়।

ওদালগুৰি জিলা :-
১) ওৰাং সামূহিক চিকিৎসালয় ২) টংলা সামূহিক চিকিৎসালয় ৩) ভেৰগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় ৪) ভেৰগাঁও আদৰ্শ চিকিৎসালয় আৰু ৫) ওদালগুৰি অসামৰিক চিকিৎসালয়।

   পৰবৰ্তী সময়ত আমি প্ৰতেকখন চিকিৎসালয়ৰ ফোন নম্বৰ যোগান ধৰিবলৈ চেষ্টা কৰিম।

👉আশা কৰিছো আপুনি আমাৰ ৰিপোৰ্ট যদিহে ভাল পাইছে আপোনাৰ আপোনজনলৈ ফেচবুক হোৱাটচপত এই বাৰ্তা বিলাই দিবলৈ নাপাহৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *