কুকুৰ বা অন্য জীৱই কামোৰাৰ পিছত কি কৰিব //

  • কুকুৰ বা যিকোনো মেৰুদণ্ডী প্ৰাণী যেনে মেকুৰী, বান্দৰ, বাঘ, শিয়াল, নিগনি আদিয়ে কামুৰিলে বেজী লবই নেকি :-

       সাধাৰণতে শুনা যায় যে পোহনীয়া কুকুৰে কামুৰিছে যেতিয়া একো নহয় আকৌ শুনা যায় যে মেকুৰীটোৱে আঁচোৰ মাৰি দিয়া যেন পালো কিন্তু তেজ ওলোৱা নাই এতিয়া কি কৰোঁ। সাধু যেন লাগিলেও আপুনি কোৱা শুনিছে যে এজন লোকে এটি কুকুৰ ৩০ বছৰ ধৰি পুহিছিল আৰু আজি কুকুৰটো মৰিল। কুকুৰটো মৰিল কিয় জানে দুদিন আগতে হেনো কুকুৰৰ মালিক জন ঢুকাইছে। আৰু মালিকৰ মৃত্যুৰ দুখতে হেনো কুকুৰটো ঢুকাল। আচলতে যদিহে আমি বিজ্ঞানগন্মত বিশ্লেষণ কৰোঁ মালিকৰ দুখত নহয় কুকুৰ আৰু মালিক দুয়ো জ্বলাতংক ৰোগ হৈহে মৃত্যু হৈছে। কিয়নো জীৱ জন্তুয়ে কামোৰাৰ ৩০ বছৰ পিছতো ৰেবিছ বা জ্বলাতংক ৰোগ ( HYDROPHOBEA ) দেখা দিব পাৰে। কাৰণ এই ৰেবিষ ভাইৰাছৰ ৰোগ সৃষ্টিৰ সময় ( INCUBATION PERIOD) ১০ দিনৰ পৰা ৩০ বছৰ।

   আমাৰ ভাৰত বর্ষত বছৰি ২০০০০ জন লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তাৰে ৯০ শতাংশ কুকুৰে কামোৰাৰ ফলত।

* কুকুৰ বা অন্য জীৱই কামোৰাৰ পিছত কি কৰিব :-

    ঘৰৰ প্ৰতিষেধক দিয়া কুকুৰ বা অইন জীৱই হওঁক বা ৰাস্তাৰ বা জংঘলৰ জীৱই যদিহে আপোনাক কামুৰিছে তেনেহলে পলম নকৰি তলৰ কথালৈ মন দিয়ক :-

১) কামোৰা ঠাই চাবোন পানীৰে কিছু সময় ধুই দিয়ক আৰু ৪৮ ঘণ্টাৰ ভিতৰত এন্টী ৰেবিষ ভেকচিন (Anti-Rabies Vaccine) ৰ ব্যৱস্থা কৰক।

২) যদিহে আপোনাক কুকুৰ বা মেকুৰী বা অইন জীৱই কামুৰিছে বা আছুৰিছে কিন্তু অকমাণো তেজ ওলোৱা নাই তেন্তে আপুনি ভেকচিন লব নালাগে। মানে তেজ ওলালে হে ভাইৰাছ বিধ দেহত প্ৰৱেশ কৰিব পাৰিব ।

৩) যদিহে আপোনাক কামোৰা জন্তুবিধ ঘৰচীয়া নহয় বা ঘৰচীয়া হলেও তাক ৰেবিছ ভেকচিন দিয়া হোৱা নাই তেন্তে আপুনি ৫ টা এন্টী ৰেবিষ ভেকচিন বেজী লব লাগিব।  কামোৰাৰ দিনাই এটা, কামোৰাৰ পৰা তৃতীয় দিনত এটা, কামোৰাৰ ৭ দিনত এটা, কামোৰাৰ ১৪ দিনত এটা আৰু কামোৰাৰ ২৮ দিনত এটা। দিনৰ হিচাপটো আপুনি বেজী লোৱা দিনৰ লগত নকৰিব, কামোৰাৰ দিনৰ পৰাহে কৰিব। আৰু এয়া বেজী চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্র সমূহত উপলব্ধ। মাত্ৰ চিকিৎসালয় লৈ যাওঁতে আপুনি দুখন পাছপোৰ্ট ফটো আৰু এখন আপোনাৰ পৰিচয় পত্ৰৰ প্ৰতিলিপি লৈ যাব।

৪) যদিহে আপোনাক কামোৰা কুকুৰ বা অইন জীৱটো ঘৰচীয়া আৰু তাক ইতিমধ্যেই ৰেবিষ ভেকচিন সময় মতে দি থকা হৈছে তেন্তে আপুনি দুটা বেজী ললেও হব । প্ৰথমটো কামোৰাৰ দিনাই আৰু দ্বিতীয়টো কামোৰাৰ ৩০ দিনৰ দিনা।

৫) যদিহে আপোনাক কামোৰা কুকুৰ বা অইন জীৱটো ইতিমধ্যে পগলা হৈছে অৰ্থাৎ সি বহুতকে কামুৰিছে তেনেহলে ওপৰৰ তিনি নম্বৰ ত উল্লেখ কৰা ধৰণে পাঁচটা এন্টী ৰেবিষ ভেকচিন বেজি লোৱাৰ উপৰিও আপুনি
আৰু এটা বেজী লব লাগিব সেয়া হল হিওমেন ৰেবিষ ইম্মুনুগ্লোবিন ( HUMAN RABIES IMMUNOGLOBULIN ) কামোৰাৰ দিনাই লওঁক।

৬) যদিহে আপুনি ভেকচিন লোৱা তিনিমাহ হোৱাই নাই পুনঃ কুকুৰে কামুৰিলে তেন্তে তিনিমাহৰ ভিতৰত একো লব নালাগে।

৭) যদিহে আপোনাৰ ভেকচিন লোৱা ছমাহ হৈছে আৰু পুনঃ কুকুৰে কামুৰিছে তেন্তে তিনি নম্বৰত উল্লেখ কৰা মতে সকলোখিনি ব্যৱহাৰ কৰিব।

 

  আকৌ এনে ঘটনা হব পাৰে যে কুকুৰটোৱে কামোৰা সময়ত আপুনি কুকুৰটো স্বভাৱিক দেখিছে আৰু কেইদিনমান ৰ ভিতৰত কুকুৰ বা সেই জীৱটো মৃত্যু হৈছে । এনে হলে জানিব যে কুকুৰ টো ইতিমধ্যে ৰেবিষ ৰ দ্বাৰা আক্ৰান্ত । এই ক্ষেত্ৰত আপুনি ৩ নম্বৰ ত উল্লেখ কৰা ভেকচিন ৰ লগতে  HUMAN RABIES IMMUNOGLOBULIN য়ো লব লাগিব।

 

👉আশা কৰিছো আপুনি আমাৰ ৰিপোৰ্ট যদিহে ভাল পাইছে আপোনাৰ আপোনজনলৈ ফেচবুক হোৱাটচপত এই বাৰ্তা বিলাই দিবলৈ নাপাহৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *