বিশেষজ্ঞ সকলে সঁচাই কয় যে এটি সম্পৰ্কত ইজনে সিজনৰ প্ৰতি ভালপোৱা আৰু বুজাবুজি খুবেই দৰকাৰী । কিন্তু মোৰ ক্ষেত্ৰত এই কথা কেতিয়াও নহ’ল। মই মাত্ৰ দুজন মানুহৰ মন ভাগি দিয়াই নহয় তাৰ বাবে পৰিনাম নিজেও ভুগি আছোঁ।
আচলতে মই মোৰ বাবে চাকৰি এটাৰ বাবে বেছি যত্নপৰ আছিলোঁ, আশাবাদী আছিলোঁ আৰু সেই চাকৰিটোক সাৰ পানী যোগান ধৰিবলৈ : চাকৰি এটি যোগাৰ কৰিবৰ বাবে সেই সময়ত মই যি হলেও কৰিবলৈ মান্তি আছিলোঁ। আৰু সৌভাগ্যক্ৰমে যেতিয়াই চাকৰিটো পাবলৈ সক্ষম হৈছিলো তেতিয়া কিজানি মোৰ বাহিৰে এই পৃথিৱীত আৰু অইন কোনো মোৰ সমান সুখী মানুহ নাছিল। চাকৰিত যোগদান কৰাৰ লগে লগে কাম কৰি খুব উত্তেজিত আছিলোঁ , আনন্দ পাইছিলোঁ আৰু বেছি ভাল লাগিছিল আমাৰ কাৰ্যালয়ৰ boss ক, কিয়নো তেওঁ আছিল এজন হেণ্ডচাম হাঙ্ক ( Handsome hunk ) । কোন সময়ত মোৰ মন কাঢ়ি নিছিল তেওঁ মই গমেই নাপালোঁ । তেওঁ বিশাল আত্মবিশ্বাসৰ অধিকাৰী আছিল , দেখিবলৈ বহুত মৰমিয়াল আৰু যিকোনো নাৰীয়ে বিচৰা সকলো গুণৰ অধকাৰী আছিল তেওঁ। আৰু মোৰ ক্ষেত্ৰত একে ঘটনাই ঘটিছিল, যিদিনাই মই চাকৰিত যোগদান কৰুছিলোঁ সিদিনাই মই মোৰ boss ৰ প্ৰতি অনাকাংক্ষীত ভাৱে আকৃষ্ট হৈ পৰিছিলো। তেখেতেও মাজে প্ৰায়ে মোৰ ওপৰত চকু দিয়া মই লক্ষ্য কৰিছিলোঁ। খুব সোনকালে তেখেতে মোৰ সৈতে সহজ হৈ পৰিছিল আৰু হাঁহি ধেমালি কৰিবলৈ লৈছিল , অফিচৰ বাকী কৰ্মচাৰীৰ তুলনাত মোক বেছিকে গুৰুত্ব দিয়া আৰম্ভ কৰিছিল।
দিন বাগৰি যোৱাত আমি বেছি ওচৰ চাপি আহিছিলোঁ। তেওঁ আৰু মই বহু ৰাতিলৈ অফিচত কাম কৰিছিলোঁ কামৰ চাপত বাবেই হয়তো সম্পৰ্কই গাঢ়তা পাব লৈছিল। হঠাতে এদিন তেওঁ মোক বাহিৰত দিনাৰৰ ( Dinner) বাবে প্ৰস্তাৱ দিছিল ; ময়ো মান্তি হৈছিলো সহজতে। সিদিনা মই নিশ্চিত হৈ পৰিছিলোঁ যে তেওঁ মোক লাইক কৰে, মোৰ সান্নিধ্য বিচাৰে। সিদিনা আমি অফিচৰ বাহিৰৰ বহু কথা পাতিছিলোঁ , কিছু ধেমেলীয়া আৰু তাৰ মাজতে কিছু আবেগিক হৈ পৰিছিলোঁ দুয়ো। সেই দিনাৰ ডেটৰ (Date) পিছতে মোৰ চাকৰিৰ প্ৰমোচন হৈছিল আৰু সেয়া ২০১৮ চনৰ কথা।
সময় অতিবাহিত হৈছিল আৰু আমাৰ সম্পৰ্ক ভালদৰে আগবাঢ়ি গৈছিল । আমাৰ সম্পৰ্কৰ কথা কিন্ত অফিচৰ কোনেও তিলমানো গম নাপাইছিল । এইটোৱেই সত্য আছিল যে আমাৰ সম্পৰ্কৰ গভীৰতা বহুদূৰ শিপাই গৈছিল তাৰ মাজতেই মোৰ দ্বিতীয় বাৰৰ বাবে প্ৰমোচন হৈছিল মেজিকৰ দৰে। মই খুব সুখী হৈ পৰিছিলো দ্বিতীয় পদোন্নতি পাই।
এই সময়ছোৱাৰ ভিতৰতে অফিচত এজন নতুন কৰ্মচাৰী চাকৰিত ভর্তি হৈছিল আৰু তেওঁক দেখা মাত্ৰকে মোৰ ভাল লগা আৰম্ভ হৈছিল যদিও মোৰ boss ৰ লগত সম্পৰ্ক নিয়াৰিকৈ চলি আছিল । ইফালে নতুন লোক জনেও মোৰ মনত খেলিমেলি লগোৱা আৰম্ভণি কৰিছিল। মনটোক বান্ধিব নোৱাৰি উপায়ন্তৰ হৈ ময়ো তেওঁৰ কথা ভাবিবলৈ লৈছিলোঁ। চাকৰিৰ দায়িত্বত এটি নতুন প্ৰজেক্টত তেওঁ আৰু মই একেলগে কাম কৰিবলগীয়া হৈছিল , তেওঁৰ সৈতে যাবলগীয়া হৈছিল বিভিন্ন ঠাইলৈ আৰু তেনেদৰে আমাৰ ঘনিষ্ঠতা বৃদ্ধি হৈছিল। লাহে লাহে তেওঁৰ সৈতেও দিনাৰ ( Dinner) শ্বেয়াৰ কৰিছিলোঁ মাজে মাজে। এই নতুন পুৰুষ জনৰ সান্নিধ্য ভাল লগা হৈ পৰিছিল মোৰো।
এনেতে হঠাত আহি পৰিল ২০২০ চন , আৰম্ভণি হৈ পৰিল “ৱৰ্ক ফৰ্ম হোম ” ( Work from home ) ৰ নীতি । প্ৰথম বাৰৰ বাবে আমি মানুহবোৰ পৃথক হৈ পৰিছিলো । মেছেজ আৰু টেলিফোনৰ দ্বাৰা যোগাযোগ হৈছিল অফিচৰ সকলোৰে। অফিচৰ boss য়ে মোক খুব কমকৈ ফোন কৰিছিল আৰু কমকৈ মেছেজ কৰিছিল কিন্ত নতুন লোক জনে প্ৰায়ে মোৰ সৈতে কথা বতৰা পাতি সময় পাৰ কৰিছিল , তেওঁৰ সৈতে মই মোৰ অনুভূতিবোৰ ভাগৱতৰা কৰিছিলোঁ। লাহে লাহে যেতিয়া কৰণা’ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত আমি আকৌ অফিচ অহা যোৱা আৰম্ভ কৰিছিলোঁ। সেই সময়তো মই খুব সুখী আছিলোঁ। সেই সময়তো নতুন মানুহজনৰ সৈতে মোৰ জীৱন পুনৰ আগবাঢ়িছিল । ইফালে বহুদিনলৈ মোৰ boss য়ে ৱৰ্ক ফৰ্ম হোম ” ৰ দ্বাৰাই নিজৰ কাম আগবঢ়াই যোৱাত ব্যস্ত আছিল। ফলতে হয়তো মই সহকৰ্মী জনৰ বেছি ওচৰ চাপিছিলোঁ।
Related post …
কিছু দিনৰ পিছত boss অফিচলৈ অহা আৰম্ভণি কৰিছিল। ইতিমধ্যে অফিচৰ বহুতে মোৰ আৰু অফিচৰ নতুন সহকৰ্মী জনৰ সম্পৰ্কৰ কথা গম পাইছিল যদিও প্ৰথমে কোনোৱে কথাবোৰ boss ক জনোৱা নাছিল । মই মোৰ boss ৰ সৈতেও আগৰ দৰেই সম্পৰ্ক চলাই নিবলৈ চেষ্টা কৰিছিলোঁ যদিও মনত ভয় আহিছিল মাজে মাজে মোৰ চাকৰিটো গুছি যাব বুলি যদিহে মোৰ boss য়ে মোৰ নতুন সম্পৰ্কটোৰ কথা গম পাই কেনেবাকৈ। এনেদৰে তিনিমাহ পাৰ হৈ গৈছিল হঠাৎ এদিন সন্ধিয়া মোৰ boss য়ে কিছু ফটো মোৰ WhatsApp ত পঠাই দিছিল আৰু সেই সময়ত মই অফিচতে আছিলোঁ । তাকে দেখি মই অবাক হৈ পৰিছিলোঁ ; লগতে তলত লিখিছিল যে , ” তুমি চাকৰিৰ পৰা ৰিজাইন কৰা , নহ’লে তোমাৰ পৰিনীতি ভীষণ হ’ব “। মই আৰু boss ৰ ওচৰলৈ নগলোঁ , পোনে পোনে নিজৰ ঘৰ পালোঁ অফিচ আধৰুৱা কৰি। মই খুব ভয় খাইছিলোঁ। দুদিনমান পিছত কথাবোৰ অফিচৰ সকলোৱে গম পাইছিল বুলি মই মোৰ লেডী সহকৰ্মীৰ মুখেৰে টেলিফোনত খবৰ পাইছিলোঁ। আনকি মোৰ নতুন প্রেমিকেও সকলো কথা গম পাইছিল আৰু তেৱোঁ মোৰ ঘৰলৈ আহি প্ৰচণ্ড গালি গালাজ কৰিছিল ।
মই প্ৰথম বাৰৰ বাবে তেওঁৰ ওচৰত ক্ষমা বিচাৰিছিলোঁ যদিও তেওঁ মোক এৰি গুছি গৈছিল। মোৰেই দোষ আছিল ! কিয়নো মই তেওঁকো প্ৰতাৰণা কৰিছিলোঁ। মনৰ দুখত কেইদিনমান পিছত চাকৰি ৰিজাইন দিলোঁ লগতে মোৰ মান সন্মানকো বিসৰ্জন দিলোঁ। এটি ভুল সিদ্ধান্তই মোৰ জীৱনৰ সকলো শেষ কৰি দিলে।