TRUE AND HEALTHY FAMILY RELATIONSHIP

নিজৰ স্ত্ৰীৰ পৰা লুকাই ৰাখক এই ৪ টা বিষয় নহ’লে সম্পৰ্কত ফাট মেলা নিশ্চিত !

নিজৰ স্ত্ৰীৰ পৰা লুকাই ৰাখক এই ৪ টা বিষয় নহ’লে সম্পৰ্কত ফাট মেলা নিশ্চিত !

এটি সম্পৰ্ক ( Relationship) সুন্দৰ ভাৱে আগবঢ়াই নিবলৈ হ’লে উভয় পক্ষৰ সহযোগিতা আৰু সম্পৰ্কটোৰ ওপৰত একান্ত বিশ্বাস থকা অত্যন্ত জৰুৰী। যদিহে নিজৰ মাজতে বিশ্বাস নাথাকে তেন্তে নানান সমস্যাই দেখা দিয়াটো খাটাং। বিশ্বাসৰ অভাৱত সম্পৰ্ক এটিৰ বুনিয়াদী পৰ্যায়তে দেখা দিব পাৰে নানান জটিলতা। বিশেষকৈ বিয়াৰ পিছত উভয় পক্ষই কিছু সতৰ্কতা মানি চলা জৰুৰী আৰু তেতিয়াহে সমস্যাৰ পৰা দূৰত থকা সম্ভৱ।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

বিবাহৰ পিছৰ জীৱন হৈছে এটি ব্যস্ত পথ ; ব্যস্ত পথত দুৰ্ঘটনা বেছি হোৱাৰ দৰে এই সংসাৰৰ ব্যস্ত যাত্ৰাটো কিছু নহয় কিছু সমস্যা থাকিবই। আৰু যদি কোনো পক্ষই ভুল কৰে তেন্তে এই সমস্যা অধিক গুৰুতৰ হৈ পৰে সেয়ে বিবাহৰ পিছত জীৱনৰ প্ৰতিটো পদক্ষেপ আৰু বেছি সতৰ্ক হৈ খোজ দিয়া উচিত। অধিক সতৰ্ক হোৱাৰ পিছতো কেতিয়াবা যদি ভুল হৈ যায় তেতিয়া সম্পৰ্কৰ খাতিৰত কিছু কথা এৰা ধৰা কৰা দৃষ্টান্তমূলক কাৰণ ভুল মানুহৰে হয়।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

বিশেষজ্ঞৰ মতে এটি সম্পৰ্কত দুটি মানুহ ইজনে সিজনৰ ওপৰত অলপ বেছি নিৰ্ভৰশীল হৈ থাকে আৰু ইজনে সিজনৰ বুজাবুজিৰ ওপৰত নিৰ্ভৰ কৰে সম্পৰ্কৰ গভীৰতা । আৰু বুজাবুজিয়ে গাঢ়তা পাই সম্পকটোত থকা ভালপোৱা আৰু সততাৰ পৰা। সামাজিক বিশ্লেষণৰ পৰা দেখা যায় কেতিয়াবা এটি সম্পর্কত বেছি সততা থাকিলেও উদ্ভৱ হয় কিছু সমস্যা। এই সমাজত এনে কিছু কথা থাকি যায় যি সমূহ সততা জাহিৰ কৰি আনক কোৱাতকৈ কৈ নিদিয়াই ভাল সম্পৰ্কৰ মসৃনতাৰ স্বাৰ্থত। এনে কিছু কথা অৱশ্যেই থাকে যিবোৰ নিজৰ স্ত্ৰীক নোকোৱাকৈ থকা ভাল আৰু যত স্ত্ৰী গৰাকীৰো কোনো ক্ষতি নহয় বৰং উভয়ে মানসিক চাপমুক্ত জীৱন কটাবলৈ সুবিধাজনক হয়। তেনে কথা যিবোৰ নিজৰ স্ত্ৰী ( Wife) ক কব নালাগে সেইবোৰ হৈছে :-

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

১) বাৰে বাৰে নিজৰ পুৰণি সম্পৰ্কৰ ( EX ) প্ৰসংগ টানি অনা :- আপোনাৰ প্ৰাক্তনৰ দুই এটি কথা কৈ দিয়াত একো বাধা নাই কিন্তু কথা কথাই প্রাক্তনৰ প্ৰসংগ টানি আনিলে নিজৰ স্ত্ৰীয়ে কেতিয়াও হজম কৰিব নোৱাৰে আৰু অধিকতম সীমা অতিক্ৰম কৰিলে সেই কথা অসহনীয় হৈ পৰে তেওঁৰ বাবে। এই আচৰণৰ ফলত স্ত্ৰীয়ে ভৱিষ্যতৰ নিৰাপত্তা হীনতাত ( insecurity ) ভোগে । তেওঁ মনে মনে ভাবিবলৈ বাধ্য হৈ পৰে যে আপুনি নিজৰ স্ত্ৰীৰ সৈতে সুখী নহয়। সেয়ে সমস্যা দুগুন বঢ়াই নলবলৈ তেনে কথা লুকাই ৰখা শ্ৰেয়।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

২) তেওঁৰ ওচৰত অইন মহিলাৰ প্ৰশংসা নকৰিব :- কাৰোবাক ভাল লাগিলে তেওঁৰ প্ৰশংসা কৰা আমাৰ মানুহৰ সহজাত প্ৰবৃত্তি কিন্তু যদি আপুনি পুৰুষ তেন্তে কোনো দ্বিতীয় নাৰীৰ প্ৰশংসা নিজৰ স্ত্ৰীৰ ওচৰত নকৰিব । অইন এজনী নাৰীক দেখাত ভাল লগা বুলি কলে আপোনাৰ স্ত্ৰীৰ চকু কপাল পাবগৈ। স্ত্ৰীয়ে ভাবিবলৈ লব যে আপোনাৰ দৃষ্টিত তেওঁ নিজে ধুনীয়া নহয় ! আনকি তেওঁ তেওঁৰ সৈতে আপোনাৰ সম্পৰ্কৰ ওপৰত গৱেষণা আৰম্ভ কৰিব। সেয়ে এই বিষয়টি এৰাই চলাই শ্ৰেয়।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

৩) স্ত্ৰীৰ সাজপাৰৰ ওপৰত বেছিকৈ মন্তব্য নিদিব :- সকলোয়ে নিজৰ পচন্দ অনুসৰি সাজপাৰ পিন্ধি ডাঙৰ দীঘল হয় আৰু সকলোৰে পচন্দ আৰু ৰুচি ভিন্ন। আপোনাৰ পচন্দ আপোনাৰ স্ত্ৰীৰ পচন্দৰ সৈতে অমিল হ’ব পাৰে আৰু তাকে লৈ প্ৰশ্ন কৰি আপোনাৰ স্ত্ৰীক অপমানিত নকৰিব। কাৰণ মহিলাই সকলো সময়তে নিজৰ ড্ৰেছিং চেঞ্জ ( Dressing change) লৈ গৰ্বিত হৈ থাকে আৰু সেই ঠাইত আপুনি সোমাই আঘাট হানিলে তেওঁ অশান্তি পাবই আৰু সমস্যা আহিবই। বৰং আপুনি কিছু সচেতন হৈ বিষয়টো এৰাই চলক আৰু মাজে প্ৰায়ে তেওঁৰ সাজপাৰ পৰিধানৰ ক্ষেত্ৰত কিছু প্ৰশংসা কৰিবলৈ শিকক।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

৪) আনৰ সৈতে নিজৰ স্ত্ৰীক তুলনা কৰা অনুচিত :- অইন কাৰো লগতে যিকোনো বিষয়ত নিজৰ স্ত্ৰীক তুলনা কৰিব নালাগে , আপোনাৰ মনত তুলনামূলক প্ৰশ্ন উদয় হলেও অপ্ৰকাশ্য কৰি ৰাখক। এই পৃথিৱীত প্ৰতিজন মানুহ, প্ৰতিগৰাকী নাৰী নিজৰ মাজত ভিন্ন। প্ৰত্যেকেই নিজে নিজক ভিন্নভাৱে অনুভৱ কৰি ভাল পাই। এনে পৰিস্থিতিত যদি আপুনি নিজৰ স্ত্ৰীৰ সৈতে কথা কথাই আনক তুলনা কৰে সেয়া বৰ পৰিতাপৰ কথা। যদি আপোনাৰ এই স্বভাৱ আছে তেন্তে আপুনি আপোনাৰ স্ত্ৰীৰ পৰা ভাল কিবা আশা নকৰাই ভাল। এনে আচৰণে আপোনাৰ স্ত্ৰীৰ মগজুত কিছু প্ৰশ্নৰ অৱতাৰ ঘটাব যত জড়িত হৈ থাকিব আপোনাৰ আৰু তেওঁৰ সম্পৰ্কৰ গভীৰতাৰ প্ৰসংগ। আজিকালি বহু মহিলা নিজ স্বাধীন , তেওঁলোকে বহুতেই নিজেই উপাৰ্জন কৰি স্বাৱলম্বী হৈ থাকে তেনে ক্ষেত্ৰত আপোনাৰ এনে কৰ্মই স্বাভাৱিকতে তেওঁক দুখ দিব। সেয়ে এনে কৰ্মৰ পৰা বিৰত থকা উত্তম।

সম্বন্ধত প্ৰতাৰণাৰ ভয় থাকিলে কি কৰিব লাগে জানিবলৈ তলত ক্লিক কৰি পঢ়ক এই বাৰ্তা

Relationship ত প্ৰতাৰণাৰ ভয় থাকিলে এইটো কৰক ! -Reverse psychology

ওপৰত উল্লেখিত কথা সমূহ আচলতে স্ত্ৰীয়ে বেয়া পোৱাৰ কাৰণ হৈছে এটি এটি মানৱ চৰিত্ৰ ( Human nature) যাক সহজাত প্ৰবৃত্তি বুলিব পাৰি। কথাখিনি ভাল লাগিলে বিলাই দিব।

MOST POPULAR ASSAMESE COMEDY VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *