seven lessons to learn from an ant

পিপৰাৰ জীৱনৰ পৰা শিকক এই ৭ টা কথা ! বস্তু ভাগৱতৰা কৰাৰ মানসিকতা

  আপোনাক যদি প্ৰশ্ন কৰা হয় যে এই প্ৰকৃতিৰ পৰা কি কি শিকিব পাৰি ? উত্তৰ হ’ব বহুত কিবাকিবি । পক্ষীৰ ৰজা হৈছে ইগল আৰু জংঘলৰ ৰজা হৈছে সিংহ। এই ইগল আৰু সিংহৰ পৰা আমি কি শিকিব পাৰো সেয়া আজি নকওঁ এটি ক্ষুদ্ৰ প্ৰাণী পিপৰাৰ পৰা আমি মানুহে কি শিকিব লগীয়া আছে তাকেহে কোৱা হৈছে। আমি যদি এই ক্ষুদ্ৰ প্ৰাণী পিপৰাৰ সাতটা কথা শিকি লৈ, জানি লৈ নিজৰ জীৱনত প্ৰয়োগ কৰোঁ তেতিয়া আমাৰ জীৱন ভালেখিনি পৰিৱৰ্তন হৈ পৰিব। এই পিপৰা দেখাত কিন্তু এক ক্ষুদ্ৰ প্ৰাণী কিন্তু বুদ্ধিত বহুত প্ৰকট। পিপৰাৰ সাতোটা মহৎ গুণ হৈছে:-

Good management of child by parents

১) Ant teach us to ignore disruption :- সৰু কালত আপুনিও হয়তো এইটো বহুত কৰিছে যে এটি পিপৰা বা এটি পিপৰাৰ দল যেতিয়া গৈ থাকে আৰু সিহঁতৰ পথত যদি আমি আগভেটি দি বাধা দিবলৈ চেষ্টা কৰোঁ তেতিয়া সিহঁতে পিছুৱাই নগৈ অকণমান কাষেৰে বেঁকা পথেৰে হলেও আগবাঢ়ে। অৰ্থাৎ যেনেকৈ হলেও পিপৰাই আগবাঢ়ি যাবই যিকোনো বাধাক নেওচি। এইটোৰ পৰা মানুহে এটা শিক্ষাই লব পাৰে যে জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’ব লাগিলে যিকোনো বাধা আওকাণ কৰি আগবাঢ়িব লাগিব।

২) Ants are best planner :- পিপৰাই নিজৰ কৰ্মক্ষেত্ৰত বেছি পৰিশ্ৰম কৰে কিয়নো পিপৰাক খাবলৈ যিমান প্ৰয়োজন সিহঁতে তাতোকৈ বেছি খাদ্য সম্ভাৰ মজুত ৰাখিব বিচাৰে ; সিহঁতে জানে যে যেতিয়া বৰষুণ আৰু বানপানী আহিব সিহঁত বাহিৰলৈ ওলাব নোৱাৰিব। সেই কাৰণে সিহঁতে আগতীয়াকৈ নিজৰ বাবে খাদ্য সম্ভাৰ মজুত কৰি ৰাখে। কাৰণ তেওঁলোকে বুজি পাই যে বেয়া সময়ত অতি কমেও খাদ্য বস্তু খিনি নাথাকিলে জীৱন সম্ভব নহয়।

এটি পিপৰাৰ নিজৰ ভবিষ্যতৰ বাবে ইমান সুন্দৰ পৰিকল্পনা থাকে যিটো বহু মানুহৰে নাথাকে । এনে বহুত মানুহ আছে যাৰ আনকি আগন্তুক দিনটোৰ পৰিকল্পনাই নাথাকে ; সপ্তাহ, মাহ, বছৰ বহু দূৰৰ কথা। আৰু যদিহে পিপৰাৰ দৰে মানুহেও নিজৰ বেয়া সময়ৰ বাবে আগতীয়া পৰিকল্পনা কৰি থব জানে তেওঁ ভৱিষ্যত দুৰ্ভোগ ভুগিব নালাগে ।

৩) Ants can adopt to their in forced surroundings :- পিপৰাই যিকোনো পৰিস্থিতিতে নিজক জীয়াই ৰাখিব জানে। কৰবাত অসুবিধা হলে অইন ঠাইত গমন কৰি হলেও জীৱন ৰক্ষা কৰে। মাটিত পানী হলে গছৰ ওপৰত, ঘৰৰ চাদত, আনকি কাঠৰ ফুটাৰ ভিতৰত। ইয়াৰ পৰা আমি মানুহে এইটোৱেই শিকিব পাৰো যে জীৱনৰ সকলো সময়তে আমি নিজে ভবাৰ দৰে পৰিবেশ পৰিস্থিতি নাপাব পাৰো তথাপিও সেই প্ৰতিকূল পৰিস্থিতিৰ বাবে নিজক প্ৰস্তুত কৰি লব জানিব লাগিব যাতে আমি আমাৰ লক্ষ্যত উপনীত হ’ব পাৰো।

৪) Ants are strong and hard working always :- আমি সকলোৱে লক্ষ্য কৰিছোঁ যে এটি পিপৰাই নিজৰ দেহৰ ওজনতকৈ দহগুন বেছি ওজন কঢ়িয়াই নিবলৈ সক্ষম হয়। আৰু মানুহ এই পিপৰাৰ সম্পূৰ্ণ বিপৰীত। এজন মানুহে নিজৰ ওজনতকৈ ডেৰগুণ বেছি ওজন কঢ়িয়াই নিব পৰাৰ বিপৰীতে এটি পিপৰাই নিজৰ দেহৰ ওজনৰ ২৫ গুণ ওজন কঢ়িয়াই নিব পাৰে।

 

GOOD LESSON TO LEARN FROM AN ANTনিজতকৈ দহগুন ডাঙৰ খাদ্য টুকুৰা দেখি পিপৰাই ভয় নাখায় বৰং হাঁহি হাঁহি খৰধৰকৈ দাঙি লৈ পলাই যায়। বহুসময়ত দেখা যায় পিপৰাই এটি বহু ডাঙৰ খাদ্য টুকুৰা দাঙিব নোৱাৰি তাৰ সৈতে নিজৰ বল প্ৰয়োগ কৰি থাকে , কেতিয়াও হাৰ মানি নাযায় আৰু পাৰিলে টানি হলেও নিবলৈ চেষ্টা অব্যাহত ৰাখে। আমি মানুহে কিন্তু আমি যিখিনি কৰাৰ সমৰ্থবান সেইখিনি কষ্টও নকৰো।

৫) Spirit of sharing :- যিকোনো বস্তু ভাগৱতৰা কৰাৰ মানসিকতা পিপৰাৰ যিমান আছে অইন কোনো জীৱ জন্তুৰ ক্ষেত্ৰত দেখা নাযায় আৰু এই ক্ষেত্ৰত মানুহ বহুত পিছত । পিপৰাই নিজৰ খাদ্য আৰু জ্ঞান উভয় বিধে সিহঁতৰ মাজত ভাগৱতৰা কৰে। সিহঁতৰ জ্ঞানৰ ভাগবতৰাৰ কথা যদি কওঁ সিহঁতে নিজৰ দেহৰ পৰা এবিধ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰি চলাফুৰা কৰা পথত এৰে যাৰ ফলত সেই পথত গোন্ধ লৈ লৈ সমস্ত পিপৰাই আগবাঢ়ি গৈ নিজৰ গন্তব্য স্থান পাব পাৰে। যদিহে আগবাঢ়ি যোৱা প্ৰথম পিপৰাই নিজৰ ৰাসায়নিক দ্ৰব্য ক্ষৰণ নকৰে তেন্তে সমস্ত পিপৰাই নিজৰ পথ হেৰুৱাই পেলাব লাগিব কিন্তু কোনো এটি পিপৰাই নিবিচাৰে যে সিহঁতৰ লগৰ কোনো এজন হেৰাই যাওঁক, প্ৰত্যেক পিপৰাই বিচাৰে যে দলটোৰ সকলো সদস্য একেলগে বাধা বিঘিনি নোহোৱাকৈ নিজৰ গন্তব্য স্থানত উপস্থিত হওক। আৰু পিপৰাৰ এই গুণৰ পৰা আমি মানুহে শিকিব লগীয়া বহুত খিনি আছে। আমি বুজা উচিত যে ভাগবতৰা কৰিলে নিজৰ ফালে নকমে বৰং বাঢ়েহে। আপোনাৰ টিফিনৰ পৰা মই এখন জিলাপী খালে আৰু মোৰ পৰা আপুনি এখন ৰুটি খালে আমি দুয়ো ভিন্ন ব্যঞ্জনৰ সোৱাদ পালোঁ আৰু দুয়োৰে ভোক পলাল ; সেয়ে হলনে এই ভাগবতৰা এটি amazing গুণ আৰু জ্ঞান ভাগবতৰা কৰিলে কি হয় সকলোৱে জানে , জ্ঞান দুগুন হয়। মনত যদি বাঞ্ছা থাকে বহুদূৰ যাবলৈ , বহুত বেছি সফল হ’বলৈ তেন্তে জানিব আপুনি কেতিয়াও অকলে নোৱাৰে আনৰ লগত সহযোগিতা কৰিবই লাগিব, আনে আপোনাক সহায় কৰিব লাগিব । আৰু আনে আপোনাক তেতিয়াহে সহায় কৰিব যেতিয়া আপুনি তেওঁক সহায় কৰিব পাৰিব।

Lesson to learn from an ant

৬) Amazing sense of discipline :- নিয়মানুবৰ্তীতা আৰু ধাৰাবাহিকতা ( Consistency) সফলতাৰ বাবে কিমান প্রয়োজনীয় সেইটো সকলোৱে জানে ; আৰু এই কথা মানুহৰ তুলনাত পিপৰাই বেছিকৈ অনুসৰণ কৰে। যেতিয়া পিপৰা এটি শাৰীত গৈ থাকে সিহঁত কেতিয়াও শাৰী চ্যুত হ’ব নিবিচাৰে আৰু সেয়াই হৈছে discipline । এই Discipline আমি প্ৰত্যেকেই শিকা উচিত পিপৰাৰ পৰা।

POPULAR ASSAMESE COMEDY VIDEO

CONTINUE READING MAIN POST…

৭) Ants have incredible speed :- এটি পিপৰাৰ আকাৰ সৰু কিন্তু গতি বহু বেছি। আৰু এইটো আমি বহু মানুহৰ বাবে শিকিব লগীয়া কথা আমি যিবোৰে অলসতা পছন্দ কৰোঁ। পিপৰাই যি কৰে তাৰ অকল নিজৰ বাবে নকৰে সকলোৰে বাবে কৰে। আমি বহুবাৰ দেখিবলৈ পাওঁ যে যেতিয়া এটি পিপৰাই টুকুৰা এটা নিজে অকলে দাঙি নিব নোৱাৰে তেতিয়া বহু বহু পিপৰা আহি সেই টুকুৰা উঠাই লৈ যায় খুব খৰধৰকৈ। লিখনি ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু আন বহুজনে পঢ়িবৰ বাবে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।

পাইলস বা অৰ্শ কি, ইয়াৰ মুক্তিৰ উপায় কি ? Staple hemorrhoidectomy নেকি ?

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *