Gripe water শিশুৰ বাবে কিমান অপকাৰী ?? চিকিৎসকে কি কয় ?

   এগৰাকী মাতৃৰ বাবে নিজৰ নৱজাত শিশু অত্যন্ত আদৰ আৰু চেনেহৰ ; অকণমান বেছিকৈ কান্দিলেই হাঁহাকাৰ লাগি যায় মাতৃৰ যেন কিবা ৰোগেই পালে শিশুটিক আৰু সেইখিনিতে উপায়ন্তৰ হৈ বহু শিশুৰ মাতৃয়ে শিশুৰ বয়স ৬ মাহ সম্পূৰ্ণ হোৱাৰ আগতে বহু ঘৰুৱা দিহা ও পৰামৰ্শ নবজাতক শিশুৰ ওপৰত প্ৰয়োগ কৰে। যেনে বেছিকৈ কন্দা বাবে পেটৰ বিষ হোৱা বুলি ভাবি গ্ৰাইপ ৱাটাৰ খুৱাই দিয়া, ভোক লগা বুলি অনুমান কৰি কল খুৱাই দিয়া , পানী খুৱাই দিয়া, মৌ খুৱাই দিয়া আদি ইত্যাদি।

Gripe water harmful effects
চিকিৎসা বিজ্ঞান অনুসৰি নৱজাতক এটিৰ বয়স ৬ মাহ সম্পূৰ্ণ নোহোৱালৈকে মাতৃদুগ্ধৰ বাহিৰে অইন একো খুৱাবলৈ দিয়া নহয় যদিও বহু পৰিয়ালত নবজাতকক এই বয়সৰ আগতে গ্ৰাইপ ৱাটাৰ খুৱাই দিয়া লক্ষ্য কৰা যায়।

Gripe water harmful effectstourist place Cocos island
Gripe water আচলতে কি ?

এয়া হৈছে এবিধ পানীয় supplement যিটো চডিয়াম বাইকাৰ্বনেট , চডিয়াম, প্ৰপাইলিন গ্লাইকল, মেলটিতল, পেৰাহাইড্ৰক্সি’ বেনজোয়েট আৰু কেইবাবিধ ভেষজ যেনে আদা, জালুক , মিথিগুটিৰ ৰস, এজাৰ ফুলৰ ৰস , পদিনাৰ ৰস আদিৰে প্ৰস্তুত কৰা হয়। লগতে Gripe water ত ব্যৱহাৰ কৰা হয় সীমিত পৰিমাণৰ এলকহল আৰু সংৰক্ষক দ্ৰৱ্য বিশেষ।

Gripe water শিশুৰ বাবে নিৰাপদ হয়নে ?

truth of past life

FDA ৰ তথ্য অনুসৰি Gripe water কোনো ঔষধ নহয়, ইয়াক dietery supplement হিচাপে ধৰা হয়, আৰু এই পানীয় শিশুৰ বাবে উপকাৰী নে অপকাৰী তাৰ কোনো বৈজ্ঞানিক তথ্যভিত্তিক প্ৰমাণ পোৱা নাযায় । কিন্তু সংৰক্ষক হিচাপে এলকহল ব্যৱহৃত হেতুকে Gripe water শিশুৰ বাবে সুৰক্ষিত বুলি কব নোৱাৰি।

গৱেষণাই কি কয় ?

WORDS NOT TO UTTER TO PARENTS
ভাৰতবৰ্ষত এই Gripe water ৰ কিবা সুফল বা অপকাৰ আছে নে জানিবলৈ এক গৱেষণা সম্পন্ন কৰা হৈছিল ; গৱেষণাত প্ৰায় ৩৩৫ গৰাকী নৱজাত মাতৃক সাঙুৰি লোৱা হৈছিল, আৰু তাৰে প্ৰায় ৬৪ শতাংশ মাতৃয়ে নিজৰ নৱজাতক শিশুক Gripe water সেৱন কৰাইছিল শিশুয়ে যেতিয়াই বেছিকৈ কান্দিছিল নাইবা এক দুদিন শৌচ কৰা নাছিল বা শিশুটিয়ে যেতিয়া বেছিকৈ আমনি কৰিছিল। গৱেষণাৰ অন্তত এইটো প্ৰমাণ হৈছিল যে এই Gripe water য়ে অধিকাংশ শিশুৰে কান্দোন নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । সেয়ে যিহেতু এই পানী খুৱাই দিয়াৰ পিছতো কোনো গুণাগুণ বা সুফল প্রত্যক্ষ কৰা নাছিল সেয়ে শিশু বিশেষজ্ঞৰ একাংশই এই পানীৰ পৰা নিজৰ শিশুক বিৰত ৰখাৰ পৰামৰ্শ প্ৰদান কৰিছে।

GREAT LINES FOR MANKIND
Gripe water খুৱাই দিয়াৰ ফলত পাৰ্শ্বক্ৰিয়া কি হ’ব পাৰে ?

বয়স ছমাহ পৰ্য্যন্ত নৱজাতক শিশুক মাতৃদুগ্ধ পান কৰোৱা উচিত , মাতৃদুদগ্ধ পান কৰোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ফৰ্মূলা গাখীৰ দিব পৰা যায় যদিও পাৰিলে বিৰত থকাই শ্ৰেয়। কিন্তু গাখীৰৰ বাহিৰে অইন একো পান কৰোৱা উচিত নহয় আনকি পানী পান কৰোৱা শিশুৰ বাবে হানিকাৰক। বিশ্বস্বাস্থ্য সংস্থা ( WHO ) ৰ পৰাও সেই একে নিৰ্দেশনা আছে।

২০১২ চনৰ সেই গৱেষণা অনুসৰি কোৱা হয় যে ছমাহ বয়সৰ আগত নবজাতক শিশুক যিকোনো পানী আনকি Gripe water দিলেও শিশুৰ পেটত বেক্টেৰিয়াৰ সংক্ৰমণ হয়, দেহত এলাৰ্জিজনীত সমস্যা দেখা দিব পাৰে, ফলত ডায়েৰীয়া সদৃশ উপসৰ্গ দেখা দিব পাৰে।

Gripe water harmful effectsGripe water harmful effects
শিশু বিশেষজ্ঞই কি কয় ?

ভাৰতবৰ্ষৰ প্ৰসিদ্ধ শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰোহিত আৰোৰাই টাইমছ্ অফ ইণ্ডিয়াৰ এটি সাক্ষাৎকাৰত কয় যে, ” মই নৱজাতক শিশুৰ ছমাহ বয়স নোহোৱালৈকে শিশুটিক Gripe water নুখুৱাবলৈ পৰামৰ্শ দিওঁ, কিয়নো বজাৰত সহজতে উপলব্ধ Gripe water সমূহত ভিন্ন ধৰণৰ উপাদান ব্যৱহাৰ কৰা হয় যিসমূহ নৱজাতক শিশুৰ স্বাস্থ্যৰ বাবে হানিকৰক “। লগতে ডাঃ আৰোৰাই কৈছিল যে যদিহে নৱজাতক শিশুটিক Gripe water খুৱাবৰ বাবে একান্তই প্ৰয়োজন তেন্তে শিশুৰ বয়স তিনিমাহ সম্পূৰ্ণ হোৱাৰ পিছত ব্যৱহাৰৰ কৰিব পাৰে কিন্তু সেই Gripe water নিজে গৃহত প্ৰস্তুত কৰি লোৱা হ’ব লাগিব। লগতে তেওঁ উল্লেখ কৰিছে যে নৱজাতক শিশুৱে অত্যাধিক কান্দিলে বা অইন লক্ষণ দেখুৱালে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰী , ঘৰুৱা দিহা বা উপচাৰৰ নহয়।

নিজৰ সন্তানক এই ৮ টা কথা সদায় কওঁক ! – শ্ৰীকৃষ্ণ অমৃত বাণী। সম্পুৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

নিজৰ সন্তানক এই ৮ টা কথা সদায় কওঁক ! – শ্ৰীকৃষ্ণ অমৃত বাণী।

মা দেউতাৰ কিছু বেয়া অভ্যাসে অন্ধকাৰ কৰিব পাৰে সন্তানৰ ভৱিষ্যত ! সম্পুৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

মা দেউতাৰ কিছু বেয়া অভ্যাসে অন্ধকাৰ কৰিব পাৰে সন্তানৰ ভৱিষ্যত !

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *