Srikrishna and Gita quotes

জীৱনৰ এই তিনি কৰ্ম হৈছে নকৰৰ দ্বাৰ ! – শ্ৰীকৃষ্ণ গীতাজ্ঞান।

  যি লোকে গীতাৰ উপদেশ সঠিক ভাৱে অনুসৰণ কৰিব পাৰে তেওঁ জীৱনত প্ৰচুৰ পৰিমাণে উন্নতি লাভ কৰিব পাৰে আৰু অনুসৰণ নকৰি অৱহেলা কৰিলে মানুহৰ অধঃপতন হয়। গীতাত শ্রীকৃষ্ণই মানুহৰ তিনিটা কুকৰ্মৰ কথা উল্লেখ কৰিছে যিয়ে মানুহক ধ্বংস কৰে আৰু নৰকলৈ লৈ যায়।

Excellent parenting tipswhy good people feels sorrow
হিন্দুধর্মৰ আটাইতকৈ পবিত্র গ্রন্থ হ’ল শ্রীমদভাগৱত গীতা। গীতাৰ বাণীয়ে মানুহৰ জীৱন সঠিক পথে চলাৰ সন্ধান দিয়ে। এই গ্ৰন্থই মানুহক ধৰ্ম আৰু কৰ্মৰ শিক্ষা প্ৰদান কৰে ।
why good man dies early ?Hunza valley an adventure
কুৰুক্ষেত্ৰৰ যুদ্ধত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশ হাজাৰ হাজাৰ বছৰ পিছতো মানুহৰ জীৱনৰ বাবে প্ৰাসংগিক আৰু কাৰ্যকৰী। গীতা এখন গ্ৰন্থ নহয় , হয় মানৱ জীৱনৰ সম্পূৰ্ণ দৰ্শন ; যি গ্ৰন্থ অনুসৰণ কৰি মানুহে জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৰু সুগম পথত গতি কৰিব পাৰে।

End of human lifeexpectations of wife from husband

শ্ৰীমদ্ভাগৱত গীতাত শ্ৰীকৃষ্ণই মানুহৰ বাবে নৰকৰ তিনিখন দ্বাৰৰ কথা উল্লেখ কৰিছিল। সেয়া হৈছে লোভ, ৰাগ আৰু লালসা। যি ব্যক্তিৰ মাজত এই তিনিয়ে আধিপত্য কৰে তেওঁক কোনোৱে ৰক্ষা কৰিব নোৱাৰে। বহু প্ৰতিপত্তিশীল আৰু শক্তিশালী লোকৰো সৰ্বনাশ কৰে এই তিনি দুৱাৰে।

Srikrishna and Gita quotesexpectations of wife from husband

গীতাত কোৱা হৈছে যে কোনো লোকে নিজকে বৰ ডাঙৰ আৰু চহকী বুলি আচৰণ কৰিব নালাগে। কিন্তু অহংকাৰ ৰ বশৱৰ্তী হৈ মানুহে তেনে বিপৰীত কৰ্মই কৰি পেলাই যি নিজৰ বাবে সঠিক নহয় আৰু শেষত সেই অহংকাৰে তেওঁৰ ধ্বংস আৰু সৰ্বনাশ ৰ কাৰণ হৈ পৰে।

when we must speakhome decoration tips
শ্রীকৃষ্ণই গীতাত উল্লেখ কৰিছে যে পৰিবর্তন এই জগতৰ নিত্যসত্য । শ্রীকৃষ্ণই কৈছিল, ” যি ঘটিছে সেয়া ভালৰ বাবে , আৰু যি হ’বলৈ গৈ আছে সেয়া ও ভালৰ বাবে “। তুমি কি সৃষ্টি কৰিছিলা যি আজি ধ্বংস হৈ গৈছে ? তুমি কি লৈ আহিছিলা যে তুমি হেৰুৱাই পেলাইছা ? তুমি যি পাইছা ইয়াতে পাইছা, কাৰোবাক কিবা দিছা ইয়াৰ পৰাই দিছা, যিটো আজি তোমাৰ সেয়া বিগত দিনত আনৰ আছিল আৰু সেয়া অনাগত দিনত অইন কাৰোবাৰ হ’বলৈ গৈ আছে।

Few tips to control and manage your abuse childRemember four legendry woman in the morning to be worthy in life
গীতা অনুসৰি এজন মানুহে নিজৰ মনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰখা দৰকাৰী, আৰু যিজনে এই মনক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে তেওঁ লোভ, লালসা আৰু ৰাগ নামৰ সেই তিনি মাৰাত্মক বস্তুক প্ৰশ্ৰয় দিবলৈ বাধ্য হৈ পৰে।

how to stop nail biting habit of childBehaves that should be avoided by parents in front of their child
শ্ৰীকৃষ্ণই গীতাত আৰু কৈছিল ,” না এই শৰীৰ তোমাৰ , না তুমি এই শৰীৰৰ ; এই শৰীৰ অগ্নি, জল, আকাশ, মাটি আৰু বায়ুৰ দ্বাৰা গঠিত আৰু মৃত্যুৰ পিছত সেই শৰীৰ পঞ্চভূতত বিলীন হৈ পৰে ; কিন্তু আত্মা চিৰকালীন, সেয়ে হে মানৱ তুমি ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰা, সেয়া তোমাৰ বাবে সহায়ক হ’ব , কিয়নো ঈশ্বৰে যাক সহায় কৰে তেওঁ সকলো ধৰণৰ ভয়, উদ্বেগ আৰু দুখৰ পৰা মুক্ত থাকে”।

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ জানি আচৰিত হ’ব ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ জানি আচৰিত হ’ব !

নিজৰ ভাগ্য পৰিবৰ্তন কৰক এনেদৰে ! – অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

 

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *