মা দেউতাৰ কিছু বেয়া অভ্যাসে অন্ধকাৰ কৰিব পাৰে সন্তানৰ ভৱিষ্যত !
এটি শিশুৰ বাবে সকলোখিনি হৈছে মা পিতা ; মা পিতাই যি কব, যি কৰিব সকলো খিনি অনুসৰণ কৰে শিশুয়ে। আনহাতে এই পৃথিৱীত আটাইতকৈ কঠিন কাম হৈছে শিশু লালন পালন কৰা, কাৰণ এই কামত এজন অভিভাৱকক সঠিক পথ দেখুৱাবলৈ আন কোনো নাথাকে। নিজৰ ভুল ক্ৰুটি , নিজৰ জ্ঞান বুদ্ধি আৰু বুজাবুজিৰ দ্বাৰা সকলো খিনি নিজেই কৰিব লাগে অভিভাৱকে। এই পথ ইমানেই কঠিন যে অভিভাৱকৰ সামান্য ভুলৰ ফলত অভিভাৱকে কেতিয়াবা মূল্য ভৰিব লাগিব পাৰে, আৰু যদি কোনোৱে সঁচাকৈয়ে ভুলকৈ অভিভাৱকৰ দায়িত্ব পালন কৰিছে তেন্তে সন্তানৰ ওপৰত দিৰ্ঘম্যাদী প্ৰভাৱ পৰা নিশ্চিত।
বেছিভাগ অভিভাৱকে তেঁওলোকৰ সন্তানক তেনেদৰে ডাঙৰ দীঘল কৰিব খোজে যিদৰে তেওঁলোকক তেওঁলোকৰ মা দেউতাই কৰিছিল, কিন্তু সেয়া সমাজ, সামাজিক পৰিবেশ আৰু পৰিৱৰ্তনশীল সমাজ অনুসৰি গ্ৰহণযোগ্য নহ’ব পাৰে। অভিভাৱক হিচাপে যদি তলত উল্লেখ কৰা গুণসমূহ থাকে সেইবোৰ অতি শীঘ্ৰে সলনি কৰা দৰকাৰী। সেইসমূহ হৈছে :-
১) অতিৰিক্ত তিৰস্কাৰ কৰা :- যদিও সন্তানে কিবা ভুল বা অপৰাধ কৰিছে তাৰ বাবে সন্তানক বেছিকৈ গালি গালাজ কৰা বা বাৰবাৰ তিৰস্কাৰ কৰে তেন্তে সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ভুল আঙুলিয়াই দিয়াৰ পিছত যদি সন্তানে সততা দেখুৱাই বা নিজৰ ভুল স্বীকাৰ কৰে তাৰ পিছতো যদি কোনো অভিভাৱকে সন্তানক গালি গালাজ কৰি থাকে তেন্তে কৰাৰ ফলত সন্তানৰ ওপৰত side effect হ’ব আৰু তাৰ ফলতে তেওঁ বেছি ঋণাত্মক হোৱাৰ আশংকা বেছি বাঢ়িব।
২) সকলোৰে সন্মুখত সন্তানক শাসন কৰা অনুচিত :-
কিছুমান পিতৃ মাতৃ আছে যিয়ে আলহী অতিথি , ওচৰ চুবুৰীয়া আদি সকলোৰে সন্মুখত যেতিয়াই তেতিয়াই সন্তানক শাসন কৰা আৰম্ভ কৰি দিয়ে , হঠাতে খং কৰি দিয়ে, চিঞৰ বাখৰ কৰে, চিৎকাৰ কৰি দিয়ে সন্তানক। আৰু এই কামে সন্তানৰ আত্মবিশ্বাসৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলাই। এনে ধৰণৰ অশৃংখলাবদ্ধ অনুশাসনৰ ফলত সন্তানৰ মনত লজ্জাৰ অনুভূতি ঘনীভূত হয়।
৩) মাত্ৰ উপদেশ কিন্তু উৎসাহৰ অভাৱ :-
বহু অভিভাৱকে সন্তানক উৎসাহিত কৰাৰ পৰিবৰ্তে দাঁত ঘঁহাৰ পৰা কাপোৰ কানি পিন্ধালৈ মাত্ৰ উপদেশ আৰু পৰামৰ্শ দিয়াত ব্যস্ত থাকে ; এটি শিশুয়ে যেতিয়া ভাল কাম কৰে তেতিয়া তেওঁক প্ৰশংসা কৰাও বাঞ্চনীয়।
৪) মৰম ভালপোৱাৰে সকলো সময়তে সন্তানক ধৰি ৰখাৰ চেষ্টা :-
সকলো সময়তে ঘনে ঘনে সন্তানক আলিংগন কৰা , বাৰ বাৰ ” তুমি মোৰ বহুত আদৰৰ” , আদি কথা কৈ থকা আদি আচৰণৰ ফলত সন্তান আৰু অভিভাৱকৰ মাজত অন্তৰংগতা দৃঢ় হ’ব বুলি বহু অভিভাৱকে বিশ্বাস কৰে যদিও কিন্তু বাস্তৱত সেয়া হৈ নুঠে, তেনে আচৰণৰ ফলত সন্তানৰ আবেগ অভিভাৱকৰ পৰা বিচ্ছিন্ন হৈ গৈ থাকে। বিপৰীতে অভিভাৱক হিচাপে নিজৰ দায়িত্ব আৰু সন্তানৰ প্ৰতি লোৱা যত্নৰ দ্বাৰা সন্তানে যাতে অভিভাৱকৰ প্রতি আকৃষ্ট থাকে তাৰ ওপৰতে গুৰুত্ব প্ৰদান কৰা দৰকাৰী।
সংগীত শিকা শিশুৰ চিন্তাশক্তি , creativity বৃদ্ধি হয়। সম্পুৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
৫) নিয়মানুৱৰ্তীতা :- শিশুক ভৱিষ্যতে ভাল মানুহ হিচাপে গঢ় দিবলৈ তেওঁলোকৰ সন্মুখত কিছু নিয়ম আৰু সীমাৰেখা বান্ধি দিয়া দৰকাৰী। যদি সন্তানক শাসন নকৰে তেতিয়া বাহিৰৰ ছেলেঞ্জ আৰু প্ৰত্যাহ্বান সমূহক ভৱিষ্যত জীৱনত মানি লবলৈ সদায় অপাৰগ থাকিব আৰু কঠিন হৈ পৰিব সন্তানৰ বাবে।
৬) শিশুৰ অনুভূতিক অৱজ্ঞা কৰা :- শিশুৰ সৈতে যোগাযোগ আৰু তেওঁলোকৰ অনুভূতিক সঁহাৰি দিবলৈ সময় লোৱা অনুচিত। কাৰণ যেতিয়াই শিশুৰ মতামত আৰু অনুভূতিক উপেক্ষা কৰা হয় নাইবা স্বাস্থ্যকৰ উপায়েৰে সম্বোধন কৰা নহয় তেতিয়াই শিশুৰ মনত বিৰোধী আৰু বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
POPULAR ASSAMESE VIDEO