truth of past life

পূৰ্বজন্মৰ কৰ্মৰ ফলতে ৩ সন্তানে মা পিতাক কষ্ট দিয়ে ! – শ্ৰীকৃষ্ণ বাণী।

  জীৱই নিজৰ ইচ্ছা অনুসৰি কোন ঠাইত জন্ম হ’ব, কাৰ ঘৰত জন্ম হ’ব সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰে ; জীৱই পৰজন্মত কত জনম লব সেয়া তেওঁৰ কৰ্ম আৰু ভাগ্যই নিৰ্ণয় কৰে, যিটো জীৱৰ জন্মৰ আগতে নিৰ্ধাৰিত হৈ থাকে পূৰ্বজন্মৰ কৰ্ম অনুসৰি ।

truth of past lifetruth of past life
মানুহে নিজৰ জীৱনত কেনেকুৱা পৰিয়াল পাব, কেনে ধৰণৰ সন্তান প্ৰাপ্তি কৰিব , সুখ শান্তি কিমান প্ৰাপ্তি কৰিব সেয়া পূৰ্ব জন্মত কৰা কৰ্মই নিৰ্ধাৰণ কৰে। শাস্ত্ৰ অনুসৰি মানুহৰ আগৰ জন্মৰ সম্বন্ধতহে পৰৱৰ্তী জনমৰ সন্তান জন্ম গ্ৰহণ কৰে।

Excellent parenting tips2023 year predictions
পূৰ্বজন্মত যদি কোনো লোকে কাৰোবাৰ প্ৰচণ্ড ক্ষতি কৰিছে , কাৰোবাক অন্যায় কৰিছে তেতিয়া তেওঁ নিজৰ পৰৱৰ্তী জনমত ৰুণানুবন্ধ পুত্ৰ প্ৰাপ্তি কৰে ; এই সন্তানৰ গাত কিছুমান ৰোগ ব্যাধি থাকে আৰু সেই ৰোগ ব্যাধিৰ বাবে পিতৃ মাতৃৰ ধন সম্পত্তিৰ অপচয় হৈ থাকে যেতিয়া লৈকে পূৰ্বজন্মত কৰা সেই কৰ্মৰ হিচাপ সম্পূৰ্ণ নহয়। কিন্তু এই সাৰ কথা মানুহে বুজি নোপোৱা হেতুকে সন্তানৰ ৰোগৰ বাবে ভগৱান বা ঈশ্বৰকহে দোষাৰোপ কৰিবলৈ আৰম্ভ কৰে ; বাস্তৱত সেয়া কোনোপধ্যেই কৰা উচিত নহয়।

MORITIOUS AS TOURIST VENUE
দ্বিতীয় যি পুত্ৰ সন্তানৰ কথা কোৱা হৈছে সেয়া হৈছে শত্ৰু পুত্ৰ ; অৰ্থত এনে সন্তান যিজন পূৰ্বজন্মত তেওঁৰ শত্ৰু আছিল আৰু পিছৰ জন্মত তেওঁৰ ওপৰত প্ৰতিশোধ লবৰ বাবে শত্ৰুপুত্ৰ হৈ জন্ম লয়। এই ধৰণৰ সন্তান ডাঙৰ হৈ মা দেউতাৰ ওপৰত ভীষণ ভাৱে অত্যাচাৰ কৰে ।

5 great mistakes of lifeWORDS NOT TO UTTER TO PARENTS

আৰু এই বিষয়ত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ প্রিয় বান্ধৱ অৰ্জুনক কৈছিল, ” হে অৰ্জুন মিছাতে কিয় ক্ষোভ কৰিছা , এই সংসাৰৰ কোনো সম্পৰ্কই সত্য নহয় ; এই সংসাৰত তুমি যি ভাতৃ, পিতা , মাতা , সন্তান আদিক আপোন বুলি জ্ঞান কৰিছা , হ’ব পাৰে তেওঁলোক তোমাৰ পূৰ্বজন্মত কোনো ঘোৰ শত্ৰু আছিল “।

why good man dies early ?2023 year predictions
ইয়াৰ পিছত যি সন্তানৰ কথা কোৱা হৈছে সেয়া হৈছে সেৱা কৰা পুত্ৰ সন্তান। এনে সন্তান প্ৰাপ্তি হয় মানুহে পূৰ্বজন্মত কাৰোবাক প্ৰচুৰ পৰিমাণে সেৱা কৰাৰ ফলতহে। আৰু সেই পুত্ৰই পিতৃ মাতৃয়ে আগৰ জন্মত লোকক কৰা সেৱা শুশ্ৰূষাৰ হিচাপ পূৰণ কৰে।

greatness of lifeIntelligent child's nature

ওপৰত উল্লেখিত এই তিনি ধৰণৰ সন্তানৰ উপৰিও আৰু এক ধৰণৰ সন্তানৰ জন্ম হয় , সেয়া হৈছে উদাসীন সন্তান । সেই সন্তান ডাঙৰ হোৱাৰ পিছত মা পিতাৰ বিন্দুমাত্ৰা সেৱা নকৰে , সেই সন্তানে বিবাহৰ পিছত মা দেউতাৰ পৰা অতি শীঘ্ৰে পৃথক হৈ পৰে । শাস্ত্ৰ অনুসৰি সেইসকল উদাসীন পুত্ৰ পশুৰ সমান । আৰু সেয়া হৈছে মা পিতাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল ।

ঈশ্বৰ সন্তুষ্ট হ’লে মানুহৰ গাত এই চিহ্ন দেখা যায় ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

ঈশ্বৰ সন্তুষ্ট হ’লে মানুহৰ গাত এই চিহ্ন দেখা যায় !

ৰাতিপুৱা সহবাস কৰিলে কি হয় ? উত্তম সময় কি ? -শাস্ত্ৰ কথা। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

ৰাতিপুৱা সহবাস কৰিলে কি হয় ? উত্তম সময় কি ? -শাস্ত্ৰ কথা।

 

ভগৱানে মানুহক সুখ দুখ আদি নিদিয়ে ; মানুহে নিজৰ পূৰ্বজন্মত যি কৰ্ম কৰে তাৰ ফল হিচাপে এইজনমত সুখ দুখ প্রাপ্তি কৰে। আৰু এই জনমত ভাল কৰ্ম কৰিলে মৃত্যুৰ পিছত যেতিয়া পুনঃ জনম হ’ব তেতিয়া নিশ্চিত ভাৱে কল্যান হ’ব ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *