FIRST DAY OF THE YEAR

বছৰৰ প্ৰথম বহাগ শনিবাৰে এই কাম ভুলতো নকৰিব – শাস্ত্ৰ কথা ।

  সচৰাচৰ প্ৰথম বহাগ অৰ্থাৎ অসমীয়া বৰ্ষৰ প্ৰথম মাহৰ দিনটোত বহুজনে বিভিন্ন বস্তু বাহিনী কিনাৰ চখ ৰাখে ; কিন্তু এইবাৰ যিহেতু বৰ্ষৰ প্ৰথম দিনটো শনিবাৰ পৰিছে সেয়ে কিছুমান এনে বস্তু বা সম্পদ আছে যিবোৰ এই বৰ্ষৰ প্ৰথম শনিবাৰে কিনা একেবাৰে মংগলজনক নহয়।

MORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUE

প্ৰথম বিধ বস্তু হৈছে ঝাড়ু , যিবিধ এই প্ৰথম শনিবাৰত কিনা অকণো মংগলজনক নহয়। তাৰোপৰি লোণ, সৰিয়হৰ তেল আৰু লোহাৰ দ্বাৰা নিৰ্মিত বস্তু পদাৰ্থ আৰু লৌহ , কাঠৰ পৰা নিৰ্মিত যিকোনো সামগ্ৰী ক্ৰয় কৰা অনুচিত।

তাৰোপৰি জোতা, টিভি , ফ্ৰীজ , এয়াৰ কুলাৰ , যিকোনো বাহন আদি ক্ৰয় কৰা উচিত নহয়।

FIRST DAY OF THE YEARGerman as tourist venue
যদিহে এই প্রথম বহাগৰ দিনা কিবা কিনিব বিচাৰে তেন্তে বস্ত্ৰ, পঢ়া লিখাৰ সঁজুলি, ভগৱান আৰু দেৱ দেৱীৰ মূৰ্তি অথবা ছবি ক্ৰয় কৰিব পাৰে।

Good work to do on the first day of new year

এই বৰ্ষৰ প্ৰথম দিনটোত গৃহৰ স্থায়ী বস্তু সামগ্ৰী ভাগি ছিগি গলেও বাহিৰত পেলাই দিব নোৱাৰে ; অতি প্ৰয়োজন হলে বৰ্ষৰ দ্বিতীয় দিনা আঁতৰাই পেলাই দিব পাৰে । এই প্ৰথম দিনটোত দা কুঠাৰ বা ধাৰ থকা সামগ্ৰী ব্যৱহাৰ নকৰা শ্ৰেয়।

Denmark as tourist site
এই বৰ্ষৰ প্ৰথম দিনটোত নিজৰ গৃহলৈ অহা যিকোনো লোকক খালি হাতে অথবা খালি মুখে পঠিয়াব নালাগে। আৰু শনিবাৰে প্ৰথম বহাগ পৰাৰ বাবে এই কথাৰ গুৰুত্ব আৰু বেছি হৈ পৰিছে। সেয়ে এই দিনটোত যদি দুখীয়া নিছলা , ৰোগীয়া আদি লোক গৃহত উপস্থিত হয় তেওঁলোকৰ মুখ মিঠা কৰি পঠোৱা উত্তম।

way of holly life

শাস্ত্ৰ অনুসৰি, শনিবাৰত দান কৰা অত্যন্ত পূণ্যৰ কাম , আৰু যিহেতু এই প্ৰথম বহাগ এইবাৰ শনিবাৰ পৰিছে এই প্ৰথম বহাগত দান কৰা বছৰটোৰ বাবে মংগলজনক হৈ পৰিব। এই দিনটোত অবলা পশু পক্ষী যেনে গৰু, কুকুৰ , চৰাই ছিৰিকটিক কিবা খুৱাব পাৰিলে খুব মংগল দায়ক হ’ব। আৰু এনে কৰিলে শনিদেৱৰ কৃপাত পৰম মঙ্গল হৈ পৰিব।

World heritage Peru
এই প্ৰথম বহাগ শনিবাৰ হোৱা হেতুকে এই দিনটোত নিৰামিষ আৰু সাত্বিক আহাৰ গ্ৰহণ কৰা দৰকাৰী। এই দিনটোত আমিষ আহাৰ আৰু নিচা জাতীয় দ্ৰব্য গ্ৰহণৰ পৰা বিৰত থাকিলে শনিদেৱ সন্তুষ্ট হৈ পৰে।

the ultimate car
এই প্ৰথম বহাগৰ দিনা মিষ্টি জাতীয় খাদ্য যেনে গুৰ, চন্দেশ , পায়স আদি গ্ৰহণ কৰিলে আগন্তুক বৰ্ষৰ দিনবোৰ মিঠা হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিব। লগতে নিজে মিঠা খোৱাৰ লগতে আনকো মিঠা খাবলৈ দিয়াৰো আছে অনন্য উপকাৰ।

এই নতুন বছৰৰ প্ৰথম দিনটোত কোনো বিবাদ অথবা কাজিয়া পেছালত নিজক সংযুক্ত কৰা অনুচিত। এই দিনটোত কোনো বয়োজেষ্ঠ ব্যক্তি, কোনো মহিলাৰ, কোনো ধৰ্মগ্ৰন্থৰ সমালোচনা কৰিব নালাগে । বছৰৰ আৰম্ভণি যদি এনেদৰে ধনাত্মক ভাৱে আৰম্ভ কৰিব পৰা যায় তেন্তে গোটেই বৰ্ষৰ দিনবোৰত ধনাত্মক শক্তি বিৰাজ কৰিব।

Different existence of Shiva

বহাগ মাহ হৈছে ভগৱান বিষ্ণুৰ মাহ সেয়ে অৱশ্যে এই মাহৰ প্ৰথম দিনটোৰ সন্ধিয়া তুলসী মন্দিৰত এগছি প্ৰদীপ দিয়া লাভজনক।

2023 year predictions

নতুন বৰ্ষৰ নিয়মানুৱৰ্তীতা ৰাতিপুৱা শুই উঠাৰ পৰাই পালন কৰা উচিত । ৰাতিপুৱা টোপনিৰ পৰা উঠি নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰি প্ৰথমে স্নান কৰি লৈ নিজৰ মাতা পিতাক প্ৰণাম কৰা দৰকাৰী, কিয়নো মাতা পিতা হৈছে প্ৰথম আৰু প্ৰধান আৰাধ্য দেৱতা যাৰ আশীৰ্বাদ সদায় দৰকাৰী তাৰ পিছত সূৰ্য্য প্ৰণাম কৰি তুলসী গছত জল নিবেদন কৰা উপকাৰী। এই দিনটোত পাৰিলে এটি নাৰিকল ভগা ভাল, আৰু গৃহৰ সকলো দৰ্জা আৰু ঘৰৰ মন্দিৰৰ দুৱাৰত পাৰিলে সেন্দুৰৰে এটা স্বস্তিক চিহ্ন অথবা এটি নাৰায়ণ চিহ্ন অংকন কৰা মংগলজনক।

5 great mistakes of life

নতুন বৰ্ষৰ প্ৰথম দিনটোত নিজ গৃহত অৱশ্যেই মা লক্ষ্মী আৰু শ্ৰী গণেশৰ পূজা কৰা অত্যন্ত মংগল দায়ক। আৰু যিহেতু এই বৰ্ষৰ প্ৰথম দিন হৈছে শনিবাৰ সেয়ে এই দিনটোত কোনো শনি মন্দিৰত এটি সৰিয়হৰ তেলৰ প্ৰদীপ আগবঢ়োৱা খুব লাভজনক হৈ পৰিব। এই নতুন বৰ্ষৰ প্ৰথম দিনটোত নিজৰ পছন্দ অনুসৰি এজোপা গছপুলি ৰোপণ কৰিলে শনিদেৱ প্ৰসন্ন হোৱাৰ লগতে মাতা প্ৰকৃতিও প্ৰসন্ন হৈ পৰিব।

why good people feels sorrowGood works to do on the first day of a year

জীৱনৰ কিমান বয়সলৈ শিশু এটি নিষ্পাপ ? – মান্দব্য ঋষিৰ শাস্ত্ৰ কথা। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

জীৱনৰ কিমান বয়সলৈ শিশু এটি নিষ্পাপ ? – মান্দব্য ঋষিৰ শাস্ত্ৰ কথা।

এই ৫ মহাপাপ কৰিলে মনুষ্যই ৭ জন্ম নৰকত দহিব লাগে ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই ৫ মহাপাপ কৰিলে মনুষ্যই ৭ জন্ম নৰকত দহিব লাগে !

এই আগন্তুক নতুন ১৪৩০ চন আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ খুব সুন্দৰ হৈ পৰক , মনৰ সকলো বাঞ্ছা পূৰণ হৈ পৰক তাকে কামনা কৰিলো।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *