way of holly life

মহা শিৱৰাত্রীৰ আগতে অহাকালি এই কাম কৰিবলৈ নাপাহৰিব !

  ঔম নমঃ শিৱা , ঔম নমঃ শিৱা , ঔম নমঃ শিৱা !

way of holly lifetourist place Cocos island

 

আজিৰ আলোচ্য বিষয় হৈছে 2023 বৰ্ষৰ মহা শিৱৰাত্রী কেনেকৈ পালন কৰিব , আৰু যিসকলে এই মহা শিৱৰাত্রীৰ ব্ৰত ৰাখিব বিচাৰিছে তেওঁলোকৰ প্ৰস্তুতি কেনে হোৱা উচিত , আৰু যি সকলে এই শিৱৰাত্রীত কোনো মন্দিৰত যাব নোৱাৰে তেওঁলোকে ঘৰত বহি কেনেকৈ এই ব্ৰত পালন কৰিব পাৰে সেই বিষয়ে বিস্তাৰিত আলোচনা কৰা হ’ব ।

way of holly life
সকলো ব্ৰতৰ ভিতৰত অন্যতম ব্ৰত হৈছে এই মহা শিৱৰাত্রী ব্ৰত , নাৰী পুৰুষ উভয়ে এই ব্ৰত ৰাখিব পাৰে ।

way of holly life

শাস্ত্ৰত কোৱা হৈছে কোনো ব্যক্তিয়ে এই ব্ৰত নিষ্ঠা আৰু একান্ত বিশ্বাসেৰে পালন কৰিলে জীৱনৰ সমস্ত দুখ কষ্ট দূৰ কৰিবলৈ সক্ষম হয়। ভগৱান শিৱৰ কৃপাত জীৱনৰ সমস্ত ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হ’ব । এই ব্ৰত পালন কৰিলে মানুহৰ ৰজ আৰু তমগুন নিয়ন্ত্ৰণ হয়। যি লোকে এই ব্ৰত পালন কৰে তেওঁৰ হিংসা, ক্ৰোধ, ৰাগ আদি সকলো দূৰ হৈ মন নিৰ্মল হৈ পৰে।

way of holly lifetourist place Cocos island
এই শিৱৰাত্রী ব্ৰত পালনৰ কিছু নিয়ম আছে, যিসমূহ অতি ভক্তি আৰু নিষ্ঠাৰে পালন কৰা দৰকাৰী। যিসকলে এই শিৱৰাত্রী ব্ৰত ৰাখিবলৈ ইচ্ছা কৰিছে তেওঁলোকে ত্রয়োদশ তিথিৰ পৰাই নিজকে প্ৰস্তুত কৰি লোৱা দৰকাৰী।

way of holly lifeWorld heritage Peru

শাস্ত্ৰ অনুসৰি যিয়ে এই মহা শিৱৰাত্রী ব্ৰত ৰাখিব বিচাৰিছে তেওঁলোকৰ ত্ৰয়োদশ তিথি অৰ্থাৎ 17 ফেব্ৰুৱাৰী ( শুক্ৰবাৰ )ৰ ৰাতিৰ আহাৰ নিৰামিষ হোৱা উচিত কাৰণ সেইদিনা ৰাতি 8.27 মিনিটত ত্ৰয়োদশী তিথি আৰম্ভ হ’ব আৰু পিছৰ দিনা আবেলি শনিবাৰৰ 6.07 বজালৈ বিৰাজ থাকিব । আৰু এই বৰ্ষৰ মহা শিৱৰাত্রী পৰিছে 18 ফেব্ৰুৱাৰী শনিবাৰে আৰু সেইদিনাই ৰাতিপুৱাৰ পৰাই উপবাস থাকি সন্ধিয়া মহাদেৱ শিৱৰ পূজা বিধি আৰম্ভণি কৰিব লাগিব। যদি কোনোবাই সম্পূৰ্ণ উপবাস থাকিব নোৱাৰে তেন্তে ফলমূল , নাৰিকলৰ পানী আদি গ্ৰহণৰ দ্বাৰা হলেও উপবাস কৰিব পাৰে , অৰ্থাৎ আপোনাৰ নিজৰ শৰীৰ আৰু শক্তি অনুযায়ী এই উপবাস নিৰ্ধাৰণ কৰা উচিত।

INDUNESIA A PLACE OF BEAUTYDifferent existence of Shiva

আৰু যিয়ে মহা শিৱৰাত্রী ব্ৰত পালন কৰে তেওঁলোকে সেইদিনা সোনকালে টোপনিৰ পৰা উঠা দৰকাৰী , টোপনিৰ পৰা উঠি মনে মনে ভগৱান শিৱক স্মৰণ কৰা দৰকাৰী, আৰু তাৰ পিছত নিজকে শুদ্ধ কৰা উচিত । আৰু এনেদৰে টোপনিৰ পৰা উঠি সেইদিনা স্নানৰ সময়ত এটি বিশেষ কথা মানি চলা উচিত সেয়া হৈছে স্নান কৰা পানীত কলা তিল মিহলাই দিয়া দৰকাৰী ; শিৱ পুৰাণ অনুসৰি এনে কৰিলে শৰীৰ আৰু মন শুদ্ধি হয়। স্নান কৰাৰ পিছত নিজকে সংকল্প কৰা উচিত যে চতুৰ্দশীৰ সম্পূৰ্ণ ৰাতি আপুনি আপোনাৰ মন আৰু শৰীৰ সম্পূৰ্ণ শুদ্ধ ৰাখিব বুলি , তাৰ পিছত ঔম নমঃ শিৱাই , ঔম নমঃ শিৱাই , ঔম নমঃ শিৱাই বুলি মহাদেৱ শিৱক প্ৰণাম জনাই বাবাৰ আশীৰ্বাদ কামনা কৰা উচিত ।


যিয়ে শিৱৰাত্রী ব্ৰত পালন কৰিব বিচাৰে তেওঁলোকে এটা কথা মন দিয়া উচিত যে এই ব্ৰত কিন্তু ৰাত্রীকালীন ৰাখিব লাগে, কিন্তু যদি একান্তই আপোনাৰ ৰাতি জাগিবলৈ সমস্যা হয় তেন্তে সন্ধিয়া পৰত যেতিয়া ভগৱান শিৱৰ পূজা পৰ্ব আৰম্ভণি হয় সেই সময়তে আপোনাৰ পূজা সম্পূৰ্ণকৈ সম্পন্ন কৰি ব্ৰত ভংগ কৰিব পাৰে। আৰু যদিহে ৰাতি জাগিবলৈ আপোনাৰ সামৰ্থ আছে তেন্তে সম্পুৰ্ণ ৰাতি জাগি ভগৱান শিৱৰ পূজা আৰাধ্য কৰা উত্তম।

the ultimate car
এইবাৰ আহিল শিৱ পূজাৰ উপকৰণৰ কথা , যদি আপুনি নিজৰ গৃহত বহি ভগৱান শিৱৰ পূজা আৰাধনা কৰিব বিচাৰে তেন্তে সেই ক্ষেত্ৰত আপোনাৰ গৃহত এটি শিৱলিংগ থকা নিতান্তই প্ৰয়োজনীয় , তাৰোপৰি এটি তাম্রৰ বা পিতলৰ ঘটি যাৰ দ্বাৰা ভগৱান শিৱক স্নান কৰাব লাগিব , তাৰ লগতে এখন থালী , এটি গিলাচ আৰু এটা কোশাকুশী নহলে তাম্র বা পিতলৰ সাধাৰণ পাত্ৰ আৰু তাৰ পিছত অলপ বগা চন্দন , ফুল, বেলপাত, কিছু বগা চাউল ; কিন্তু ফুলৰ ভিতৰত তলত উল্লেখ কৰা যিকোনো এবিধ ফুল নিবেদন কৰাৰ চেষ্টা ৰাখিব , ধতুৰা , আকণ , নীলা অপৰাজিতা ফুলৰ যিকোনো এবিধ নিবেদন কৰিব পাৰে।

way of lifethe ultimate car

  ইয়াৰ উপৰিও ধূপ , জুইশলা আৰু এটি ঘণ্টা বা শংখ , আৰু আপোনাৰ সামৰ্থ অনুসৰি নৈবদ্য । উত্তম নৈবদ্য হৈছে পাছ প্ৰকাৰৰ ফল আৰু তাৰ ভিতৰত বেল অবশ্যে ৰখা দৰকাৰী ; তাৰ লগতে সামান্য মাখা বা চন্দেশ আৰু তাৰ পিছত পঞ্চশস্য আৰু খুব গুৰুত্বপূৰ্ণ হৈছে পঞ্চামৃত ( গাখীৰ, দৈ , মৌ , ঘি আৰু গংগাজল বা বিশুদ্ধ জল ) । এই পঞ্চামৃতৰ সহায়ত বিভিন্ন প্ৰহৰত ভগৱান শিৱৰ পূজা সম্পন্ন হয় । আৰু যদিহে আপুনি বহু চেষ্টা কৰি কিবা এটা নৈবদ্য সংগ্ৰহ কৰিব নোৱাৰে তেতিয়া সেই নৈবদ্যৰ নাম উচ্চাৰণ কৰি বাবাৰ ওচৰত ক্ষমা বিচাৰি সামান্য শুদ্ধ জল নিবেদন কৰিলেই বাবা সন্তুষ্ট হয়।

5 great mistakes of life

দেৱ আদিদেৱ ভগৱান শিৱৰ ১৯ অৱতাৰৰ পৌৰাণিক ৰহস্যময় কথা । জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

দেৱ আদিদেৱ ভগৱান শিৱৰ ১৯ অৱতাৰৰ পৌৰাণিক ৰহস্যময় কথা ।

ভগৱান শিৱক কিয় শিৱলিংগ ৰূপে পূজা কৰা হয় ? – পৌৰাণিক ৰহস্য। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

ভগৱান শিৱক কিয় শিৱলিংগ ৰূপে পূজা কৰা হয় ? – পৌৰাণিক ৰহস্য।

  কিন্তু পঞ্চ উপাচাৰ থকা অৱশ্যেই প্ৰয়োজনীয় ; পঞ্চ উপাচাৰ হৈছে চন্দন, জল, নৈবদ্য , ধূপ, দ্বীপ আৰু ফুল।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *