way of life

গৃহত শিৱলিংগ থাকিলে এই কাম নকৰিব ! ন’হলে বিপদ নিশ্চিত।

  ভগৱান শিৱ হৈছে আমাৰ আৰাধ্য দেৱতা সেই হেতুকে আমি গৃহত শিৱৰ মূৰ্তি অথবা শিৱলিংগ প্ৰতিষ্ঠা কৰো, আৰু সেয়া কেতিয়াও বেয়া কথা নহয় বৰং সেইকথা ই আপোনাৰ ভগৱান শিৱৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধাকে প্ৰতিপন্ন কৰে। কিন্তু যদি গৃহত কোনো প্ৰকাৰৰ শিৱলিংগ অথবা ভগৱান শিৱৰ মূৰ্তি অথবা শিৱৰ ফটো আদি ৰখা হয় তেতিয়া কিছুমান কথাৰ ওপৰত অৱশ্যে গুৰুত্ব দিয়া দৰকাৰী যি কথা বহুজনৰে অৱগত নহয়। কাৰণ যদি ঘৰ সজোৱাৰ উপকৰণ হিচাপে শিৱলিংগ বা শিৱমূৰ্তি গৃহত ৰখা হয় তেতিয়া কিন্তু গৃহৰ পক্ষে অজানিতে চৰম ভুল কৰা হ’ব। ভগৱান শিৱ যে আপোনাৰ আৰাধ্য সেই বিষয় নিৰ্ভৰ কৰে আপুনি গৃহত শিৱলিংগ বা শিৱমূৰ্তি ৰখাৰ পিছত তলত উল্লেখিত বিষয় সমূহ কিমান মানি চলিছে । ভগৱান শিৱৰ মূৰ্তি আৰু ফটো ৰখাৰ ক্ষেত্ৰত কিছু নিয়মৰ শিথিলতা থাকিলেও শিৱলিংগ ৰখাৰ ক্ষেত্ৰত বহু বিষয় নিয়মীয়া কৈ মানি চলা দৰকাৰী।

way of lifeChildhood life cycle

কাৰণ শাস্ত্ৰ অনুসৰি শিৱলিংগ হৈছে অনন্ত শক্তিৰ প্ৰতীক ; নিৰাকাৰ শিৱ অগ্নিস্তম্ভ ৰূপে প্ৰকট হৈছিল এই শিৱলিংগ হিচাপে। আৰু সেইবাবেই এই শিৱলিংগৰ অকণমান পূজা কৰিলেই বহুত লাভ পোৱা যায়। সেয়ে গৃহত যদি শিৱলিংগ ৰখা হয় তেতিয়া হলে তলৰ কথা সমূহ গুৰুত্ব দিয়া দৰকাৰী।

Different existence of Shiva

শিৱপুৰাণ অনুসৰি যদি নিজৰ গৃহত শিৱলিংগ ৰখা হয় তেনেহলে তাৰ প্ৰাণ প্ৰতিস্থাপন কৰা উচিত নহয়। বৰং শিৱলিংগ ৰাখি নিয়ম নীতি অনুসৰি প্ৰতিদিনে পূজা অৰ্চনা কৰা আৰু অভিষেক কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। সদায় মনত ৰখা উচিত যে ভগৱান শিৱ কেৱল মাত্ৰ অকণমান পূজাতে সন্তুষ্ট হৈ পৰে , সামান্য ফুল আৰু বেলপাতকে যদি ভক্তি সহকাৰে শিৱলিংগৰ ওচৰত অৰ্পণ কৰা হয় তাতেই তেওঁ সন্তুষ্ট হৈ পৰে কিয়নো তেওঁ আশুতোষ। আৰু অভিষেকৰ সময়ত সামান্য গংগাজল বা বিশুদ্ধ পানী অথবা সামান্য গাখীৰ নিবেদন কৰিলেও ভগৱান শিৱ সন্তুষ্ট হৈ পৰে। সেয়ে মনত ৰখা উচিত যে শিৱলিংগ যদি গৃহত থাকে শিৱৰ আৰাধনা সদায় কৰা প্ৰয়োজন। আৰু যদিহে দৈনিক পূজা কৰিব নোৱাৰে তথাপি সোমাবাৰৰ পূজা কেতিয়াও এৰিব নোৱাৰে।

5 great mistakes of lifeHunza valley an adventure
গৃহত ৰখা শিৱলিংগ কেতিয়াও উচ্চতাত ওখ হ’ব নালাগে। সৰ্বোচ্চ ৬ ইঞ্চি উচ্চতা বিশিষ্ট শিৱলিংগ গৃহত ৰখা উচিত। যদিহে ডাঙৰ শিৱলিংগ গৃহত প্ৰতিষ্ঠা কৰিব খোজে তেন্তে গৃহৰ চৌহদত এটি পৃথক মন্দিৰ নিৰ্মান কৰি সেই শিৱলিংগ উপস্থাপন কৰা দৰকাৰ। আৰু সেই মন্দিৰ যে বহুত ডাঙৰ হ’ব লাগিব সেয়া কেতিয়াও নহয়। সৰু মন্দিৰ নিৰ্মান কৰিও সেই শিৱলিংগ স্থাপন কৰিব পাৰে। আৰু তেনে কৰিলে সেই শিৱলিংগৰ পূজা সকলোৰে বাবে উন্মুক্ত কৰাৰো প্ৰয়োজন।

Super spiritual lesson
তৃতীয়তে যদি গৃহত শিৱলিংগ ৰাখে তেতিয়া পাথৰৰ বা সোঁন ৰূপ বা তাম্রৰ শিৱলিংগ ৰাখিব পাৰে। কিন্তু বগা শিৱলিংগ ৰখাৰ ক্ষেত্ৰত আৰু বেছি সতৰ্কতা অৱলম্বন কৰা দৰকাৰী। আৰু উপযুক্ত শাস্ত্ৰ বিধিৰ পৰামৰ্শ লৈহে বগা শিৱলিংগ গৃহত স্থাপন কৰা দৰকাৰী।

meditation and good health

চতুৰ্থ যি বিষয় আছে সেয়া হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। যি প্ৰকাৰৰ শিৱলিংগ নহওঁক কিয় , যি পদাৰ্থৰে নিৰ্মিত শিৱলিংগ নহওঁক কিয়, সকলো শিৱলিংগৰ পৰা প্ৰতি মুহূৰ্ততে এটি শক্তি নিৰ্গত হয়, আৰু সেই শক্তিক শান্ত ৰাখে জলধাৰাই , আৰু সেইকাৰণে শিৱলিংগৰ অভিষেক কৰিব লাগে, অৰ্থাৎ শিৱলিংগৰ ওপৰত গাখীৰ, জল ইত্যাদিৰ দ্বাৰা স্নান কৰোৱা হয় । বাস্তুশাস্ত্ৰ অনুসৰি সপ্তাহত এবাৰ বা দুবাৰকৈ শিৱলিংগৰ জলস্নান পৰ্যাপ্ত নহয়। সেয়ে গৃহত যি শিৱলিংগৰ উপস্থাপন কৰা হয় সেই শিৱলিংগৰ ওপৰত এনে এক ব্যৱস্থা কৰিব লাগে যাতে উক্ত শিৱলিংগৰ ওপৰত সামান্য পৰিমাণৰ পানী অনবৰতে পৰি থাকে। আৰু এই কাম কৰিব পাৰিলে গৃহত সদায় শান্তি বিৰাজ কৰিব।


পঞ্চমতে শিৱ পুৰাণত কোৱা হৈছে যে গৃহত এটাতকৈ বেছি শিৱলিংগ ৰাখিব নালাগে। আৰু কিবা কাৰণত এটাতকৈ বেছি শিৱলিংগ থাকিলে সেয়া কিন্তু এটা ঘৰত কেতিয়াও ৰাখিব নালাগে। সেয়ে এটা শিৱলিংগহে গৃহত ৰাখিব লাগে আৰু সেই শিৱলিংগ গৃহৰ ঈশান কোন অৰ্থাৎ উত্তৰ পূব কোণত ৰখা দৰকাৰী। আৰু এনেকৈ ৰাখিব লাগে যাতে মজিয়াত বহি ভগৱান শিৱৰ পূজা কৰিব পাৰে। শিৱলিংগ ৰ মূৰ্তি অথবা ছবি ৰখাৰ ক্ষেত্ৰতো এই একে নিয়ম প্ৰযোজ্য। কিন্তু শিৱলিংগ, শিৱমূৰ্তি বা শিৱ ছবি মজিয়াত ৰাখিব নালাগে , মজিয়াৰ সামান্য ওখ বেদীৰ ওপৰত বগা কাপোৰ দি তাৰ ওপৰত ৰাখিব পাৰে।

SECRETS OF LONGEVITY
যিসকল লোকে শিল্প কলাৰ সৈতে জড়িত থাকে তেওঁলোকে ঘৰত ভগৱান শিৱৰ নটৰাজ মূৰ্তি গৃহত ৰাখিব পাৰে , কিন্তু অইন লোকৰ ঘৰত শিৱৰ নটৰাজৰ মূৰ্তি ৰখা উচিত নহয়। সদায় ভগৱান শিৱৰ এখন ধ্যানমগ্ন ছবি গৃহত ৰাখিবলৈ যত্নপৰ হ’ব লাগে আৰু তেতিয়া গৃহত শান্তিৰ পৰিবেশ বিৰাজ কৰে। কিন্তু গৃহত শিৱৰ ৰুদ্ৰমূৰ্তি বা নটৰাজ মূৰ্তি ৰাখিলে বাস্তু হিতে বিপৰীত হোৱাৰ আশংকা থাকে ।

Different existence of Shiva

দেৱ আদিদেৱ ভগৱান শিৱৰ ১৯ অৱতাৰৰ পৌৰাণিক ৰহস্যময় কথা । জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

দেৱ আদিদেৱ ভগৱান শিৱৰ ১৯ অৱতাৰৰ পৌৰাণিক ৰহস্যময় কথা ।

ভগৱান শিৱক কিয় শিৱলিংগ ৰূপে পূজা কৰা হয় ? – পৌৰাণিক ৰহস্য। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

ভগৱান শিৱক কিয় শিৱলিংগ ৰূপে পূজা কৰা হয় ? – পৌৰাণিক ৰহস্য।

শেষত কথা এটি কোৱা হৈছে যে গৃহত শিৱলিংগ, শিৱমূৰ্তি বা শিৱ ছবি অৱশ্যে ৰাখক কিন্তু সেইবোৰ ৰাখি উঠি যদি যথাযথ মৰ্যদা নিদিয়ে তেন্তে সেইসমূহ নৰখাই শ্ৰেয় ।

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *