True love definition

আটাইতকৈ মধুৰ সম্পৰ্ক হৈছে প্ৰেম, এয়া বিচাৰিলে পোৱা নাযায়!

  এই পৃথিৱীৰ আটাইতকৈ মধুৰ সম্পৰ্ক হৈছে প্ৰেম আৰু ভালপোৱা, এয়া বিচাৰিলে পোৱা নাযায় ; ইয়াক অর্জন কৰিব লাগে। কিন্তু বহুসময়ত দেখা যায় যে বহু মানুহে এই প্রেম ভালপোৱা ৰ সৈতে মোহ বোলা বস্তুবিধ মিহলাই পেলাই অৰ্থাৎ ভালপোৱা আৰু মোহ একে নিচিনা বুলি কব খোজে আৰু তাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হয় নানান সমস্যা। আৰু বহুসময়ত এইটো ও দেখা যায় যে এই ভালপোৱা মানুহ বা বস্তুবিধ যেতিয়া জীৱনৰ পৰা আঁতৰি যায় তেতিয়া মানুহ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে , আনকি বহুজনে চৰম সিদ্ধান্ত লবলৈ বাধ্য হৈ পৰে।

True love definition Childhood life cycle
এতিয়া প্ৰশ্ন হৈছে কোনটো ভালপোৱা আৰু কোনটো মোহ বা আকৰ্ষণ ; আৰু এই প্ৰশ্নৰ উত্তৰৰ মাজতে বিৰাজ কৰে কোনে আপোনাক ভাল পায় আৰু কোনে আপোনাৰ মোহত পৰে , লগতে আপোনাৰ ভালপোৱা প্ৰকৃত নে অইন কিবা। কিয়নো মোহ আৰু ভালপোৱা আপত দৃষ্টিত একে যেন লাগিলেও দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে।

True love definition
মোহ হৈছে একপ্ৰকাৰ আকৰ্ষণ বা চাহিদা। যদি আপোনাৰ মাজত মোহে ক্ৰিয়া কৰিছে তেতিয়া আপুনি প্ৰতি সময়ত বিচাৰিব যে আপোনাৰ সন্মুখত থকা ব্যক্তিজনে সদায় আপোনাক আনন্দ দিয়ক, সুখত ৰাখক। আৰু যেতিয়ালৈকে সেই ব্যক্তিয়ে আপোনাক সন্তুষ্ট কৰি যাব পাৰিব তেতিয়ালৈকে থাকিব সেই মোহ ; আৰু যেতিয়াই তেওঁ আপোনাক সন্তুষ্ট কৰিবলৈ অমান্তি হ’ব বা কোনো কিছু কাৰণত সন্তুষ্ট কৰিব নোৱাৰা হৈ পৰিব তেতিয়াই ক্ষন্তেক ৰ ভিতৰতে তেওঁৰ প্ৰতি আপোনাৰ মোহভংগ হৈ পৰিব।

বিপৰীতে ভালপোৱা হৈছে সম্পূৰ্ণ এক বিপৰীত আকৰ্ষণ , এক মজবুত বান্ধোন, এক অবুজ অনুভূতি। যদি কোনো ব্যক্তিৰ প্ৰতি আপোনাৰ ভালপোৱা আছে তেন্তে আপুনি সকলো সময়তে তেওঁৰ সুখ, শান্তি আৰু আনন্দ বিচাৰি ফুৰিব , আপোনাৰ নিজৰ নহয়। আপোনাক তেওঁ সুখ শান্তি আৰু প্ৰেম দিব নোৱাৰিলেও তেওঁৰ প্ৰতি আপোনাৰ মোহভংগ নহয় বা আপুনি তেওঁক এৰি যাব নোৱাৰে। আৰু সেয়াই হৈছে সত্য ভালপোৱা, প্ৰকৃত প্ৰেম ( true love) ।

True love definition tips to build good relationship among family
সদায় এই কথা মন দিয়া ভাল যে তাৎক্ষণিক ভাৱে কোনো ব্যক্তি অথবা পাৰ্থিৱ বস্তুক ভাল লাগিলেই সেয়া প্ৰকৃত ভালপোৱা নহয় বৰং সেয়া মোহ অথবা লালসা । ভালপোৱা আহে লাহে লাহে আৰু তাৰ গভীৰতা বিস্তৃত আৰু ব্যাপক। মোহৰ সৈতে শৰীৰৰ আকৰ্ষণ থাকে বিপৰীতে ভালপোৱাৰ অনুভূতি হয় হৃদয়ৰ গভীৰতাত। মোহত লিপ্ত ব্যক্তিয়ে সদায় আপোনাৰ শৰীৰক ভাল পাব কিন্তু যাৰ প্ৰকৃত ভালপোৱা আছে তেওঁৰ আগ্ৰহ থাকিব আপোনাৰ মনৰ ওপৰত।

World heritage Peru

পৃথিৱীৰ বহুত মানুহে ভালপোৱাৰ বাবে নানান অযুক্তিৰ কৰ্ম কৰে, বহুজনে পাগলৰ দৰে আচৰণ কৰে , সেয়া কিন্তু কেতিয়াও প্ৰকৃত ভালপোৱাৰ লক্ষণ হ’ব নোৱাৰে , সেয়া সম্পূৰ্ণৰূপে মোহ ।

5 great mistakes of life
ভালপোৱাই মনক প্ৰশান্তি দিয়ে, মনত সাহস দিয়ে , মানুহক সৃষ্টিশীল কৰি তোলে। কিন্তু চিনেমাৰ পৰ্দাত যিসমূহ দৃশ্য অধিকাংশ সময়ত ভালপোৱা বা প্ৰেম বুলি দেখুৱাব বিচৰা হয় সেইসমূহ মোহৰ বাহিৰে একো নহয়। মোহ খুব ক্ষন্তেকীয়া, মোহত উগ্ৰতাৰ গোন্ধ থাকে ; এই মোহৰ বাবে আজি এওঁক ভাল লাগিব, কাইলৈ অইন এজনক ভাল লাগে আদি পৰিঘটনা মানুহৰ সৈতে সংঘটিত হয়। আৰু এই অৱস্থা যদি মনৰ ভিতৰত বাৰে বাৰে হয় বা কাৰোবাক পাবলৈ মনত যদিহে তীব্ৰ ইচ্ছা জাগ্ৰত হয় তেনেহলে সেয়া মোহ ৰ বাহিৰে একো নহয়, কাৰণ প্ৰকৃত ভালপোৱা ত মনে বিচৰা মানুহজন নাপালেও তেওঁৰ প্ৰতি ভালপোৱা ৰ অনুভৱ অনুভূতি কেতিয়াও কম হৈ নাযায়। কিন্তু মনৰ মাজত যদি মোহে ক্ৰিয়া কৰে তেতিয়া এই ভাৱনা জাগ্ৰত হয় যে যেনেকৈ হলেও লাগিলে অন্যায় কৰি হলেও মনে বিচৰা বস্তু বা মানুহজন পোৱাৰ বাবে লালসা থাকিব কিয়নো তেনে অৱস্থাত মানুহে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে আৰু তেতিয়া মন সংকীৰ্ণ হৈ পৰে , অৱশেষত মানুহজন স্বাৰ্থপৰ হৈ পৰে কিন্তু প্ৰকৃত ভালপোৱা ইয়াৰ সম্পূৰ্ণ বিপৰীত।

5 great mistakes of lifeTrue love definition

প্ৰকৃত ভালপোৱাই মানুহক বুজিবলৈ সহায় কৰে, বিশ্বাসৰ সৃষ্টি কৰে, সম্পৰ্কৰ মাজত গভীৰতা আনে, মানুহক দয়ালু হবলৈ শিকাই । কিন্তু মোহে সদায় কিবা পোৱাৰ আশা আকাংশাৰ জন্ম দিয়ে আৰু যেতিয়া আশা পূৰণ নহয় তেতিয়া শত্ৰুতা সৃষ্টি হয়। কিন্তু ভালপোৱাই বিপৰীত পক্ষৰ পৰা সঁহাৰি নাপালেও শত্ৰুতাৰ সৃষ্টি নহয় বিপৰীতে মোহে কোনো এজনক সম্পূৰ্ণ নিঃশেষ কৰি পেলাব পাৰে।

WORDS NOT TO UTTER TO PARENTS

স্বামী স্ত্ৰীৰ সাত জন্মৰ সম্পৰ্কৰ সত্য ৰহস্য ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী

স্বামী স্ত্ৰীৰ সাত জন্মৰ সম্পৰ্কৰ সত্য ৰহস্য !

বিবাহিত মহিলাই শিৰত সেন্দুৰ লওঁতে এই সমূহ কথা মন দিয়ক ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী

বিবাহিত মহিলাই শিৰত সেন্দুৰ লওঁতে এই সমূহ কথা মন দিয়ক !

সেয়ে সহজতে কোনোবাই যদি কৈ দিয়ে ভালপাওঁ বুলি তেনেহলে প্ৰথমে বিচাৰ কৰক যে সেয়া প্ৰকৃত ভালপোৱা নে মোহ লালসা। সচাঁ ভালপোৱাত কোনো স্বাৰ্থ নাথাকে, কোনো দিয়া লোৱা থাকিব নোৱাৰে থাকে মাত্ৰ অকৃত্ৰিম ভালপোৱা।

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *