HOW TO GET EVERYTHING IN LIFE

 খুব সহজ সৰল পদ্ধতিৰ দ্বাৰা আমি আমাৰ ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব পাৰো, আৰু সেইখিনিতে তেওঁ সন্তুষ্ট হৈ পৰে কিয়নো তেখেত অতি সৰল। প্ৰত্যেক দিনে যদি আমি কৃষ্ণৰ আৰাধনা কৰো তেতিয়াহে ভগৱান কৃষ্ণ সন্তুষ্ট হৈ পৰিব মাত্ৰ এটি বিষয় মনোযোগ দিব লাগে যাতে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কোনো ব্যয়বহুল নহয়, তেখেতক পুঁজিবলৈ আচল কথা হৈছে তেওঁৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্পণ, ভক্তি আৰু নিষ্ঠা। আৰু তেনেকৈয়ে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰি যাওঁক আপুনি নিবিচৰাকৈয়ে বহুত কিবা পায় যাব।

How to win life battleIs your future been already decided by luck

যদিহে আপোনাৰ গৃহত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি আছে তেনেহলে আপুনি সেই মূৰ্তিৰ ওচৰতে তেখেতক পুঁজিব পাৰিব আৰু যদিহে নাই তেন্তে কমেও ভগৱান শ্ৰীকৃষ্ণৰ এখন ফটো নাইবা যদি পাৰে এটি কৃষ্ণমূৰ্তি নিজ গৃহলৈ লৈ আহক, আৰু মনত ৰাখিব ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠাৰ লগতে এটি গণেশ মূৰ্তি নিজ গৃহলৈ লৈ আনিবলৈ পাহৰিব নালাগে যদি অসমৰ্থ তেন্তে ফটো এখন হলেও আনিবলৈ কুণ্ঠাবোধ নকৰিব আৰু স্নান আদি কৰি নিজ গৃহৰ কোনো কোলাহল মুক্ত ঠাইত মূৰ্তি দুটি নাইবা ফটো দুখন প্ৰতিষ্ঠা কৰিব ; আৰু মনত ৰাখিব যদিহে গৃহত আপুনি ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি স্থাপন কৰিছে তেন্তে তেওঁৰ শৃংগাৰ কৰা অতি প্ৰয়োজন অৰ্থত মূৰ্তি অথবা ফটো কেইখন ধুনীয়াকৈ পৰিষ্কাৰ কৰি সজাব লাগিব, আৰু সাজোঁৱাৰ সময়ত সদায় ফুল ব্যৱহাৰ কৰিব লাগিব, যদিহে ৰজনীগন্ধা অথবা তেনে ধৰণৰ ফুল ব্যৱহাৰ কৰে উত্তম ; আৰু যদিহে তেনে ফুল নেপায় তেন্তে আপোন পছন্দ মতেই ভগৱান শ্ৰীকৃষ্ণৰ সিংহাসন সজাব পাৰে তথাপি তেওঁ প্ৰসন্ন হ’ব, মাত্ৰ তেওঁক দেৱতা বা ঠাকুৰ হিচাপে পুঁজিব নালাগে যি তেওঁ পছন্দ নকৰে। কিয়নো আমাৰ কৃষ্ণ ভগৱানে তেখেতক আমাৰ নিজৰ গৃহৰ সন্তান বা নিজ গৃহৰ সদস্য ৰূপে পূজা আৰধনা কৰিলে তেওঁ অতি প্ৰসন্ন হয়; আৰু তেনেদৰে নিজৰ সন্তান অথবা নিজ গৃহৰ সদস্য হিচাপে তেওঁক পূজা অৰ্চনা কৰা উচিত ।

HOW TO BE SUCCESFUL IN LIFEBenefits of keeping different figurine in own home according to Indian beliefs and Feng shui

বিপদ যেতিয়াই নহওঁক শ্ৰীকৃষ্ণৰ এটা বাণী মনত পেলাওঁক – অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

বিপদ যেতিয়াই নহওঁক শ্ৰীকৃষ্ণৰ এটা বাণী মনত পেলাওঁক – অমৃত বাণী।

কিয় কোনো শিশু দুখীয়াৰ গৃহত আৰু কোনো ধনী গৃহত জন্ম হয় ? জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

কিয় কোনো শিশু দুখীয়াৰ গৃহত আৰু কোনো ধনী গৃহত জন্ম হয় ?

আৰু তেনে পূজা অৰ্চনা সদায় কৰক আৰু সেয়া স্নান আদি কৰাৰ পিছতহে কৰিব আৰু তেখেতক পূজা কৰিবলৈ যি বিধ দ্ৰব্য নিত্য প্ৰয়োজন সেয়া হৈছে তুলসী পাত ; সেয়ে প্ৰত্যেক দিন স্নানৰ পিছত দুটি তুলসী পাত তুলি ৰাখিব লাগে আৰু তাৰ পিছত তেখেতক আৰধনা কৰিব লাগে। আৰু তেখেতৰ পূজাৰ প্ৰাৰম্ভত সদায় গণেশ বন্দনা কৰিবলৈ নাপাহৰিব । আমি সকলোৱে জানো যে যিকোনো বন্দনা অথবা পূজাৰ আগত গণেশক স্মৰণ কৰা হয়, সেয়ে প্ৰদীপ আৰু ধূপ কাঠি জ্বলোৱাৰ পিছত ভগৱান গণেশৰ সন্মুখলৈ ফুল অৰ্পণ কৰি গণেশ মন্ত্ৰ পাঠ কৰি প্ৰণাম কৰিব।

which subject are subjected to LordRemember four legendry woman in the morning to be worthy in life

মৃত্যুৰ পিছত বৈতৰণী পাৰ হওঁতে পাপী আত্মাৰ কি হয় – গৰুড় পুৰাণ ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

মৃত্যুৰ পিছত বৈতৰণী পাৰ হওঁতে পাপী আত্মাৰ কি হয় – গৰুড় পুৰাণ !

 গণেশ মন্ত্ৰ হৈছে, ” ঔম,গণঃ গণেশাই নমঃ” এই গণেশ মন্ত্ৰ এশ আঠ বাৰ নহ’লে কমেও তিনিবাৰ পাঠ কৰি উঠি নিজৰ মনত ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰক। আৰু শ্ৰীকৃষ্ণক পুঁজিবলৈ এই মন্ত্ৰ পাঠ কৰক, ” ঔম, বাসুদেবাই নমঃ ” । আৰু এই মন্ত্ৰ আকৌ এশ আঠবাৰ উচ্চাৰণ কৰি কৰি ফুল অৰ্পণ কৰক, তুলসী পাত অৰ্পণ কৰক; নিজ গৃহত গঙ্গাজল ছটিয়াই দিয়ক আৰু আৰতি প্ৰদীপ নিবেদন কৰক শেষত। আৰু পিছৰ খিনি কৰোতে মাত্ৰ এটি মন্ত্ৰ আকৌ এশ আঠ বাৰ উচ্চাৰণ কৰক, “ঔম নমঃ ভগৱতে বাসুদেৱাহঃ “। আৰু শেষত ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম কৰিব কিন্তু সেই সময়ত তেখেতৰ পৰা কোনো পাৰ্থিৱ বিষয় বস্তু নিবিচাৰিব কাৰণ তেওঁ আপোনাৰ মনৰ সকলো কথা ইতিমধ্যে বুজি পাব, মাত্ৰ প্ৰাৰ্থনাৰ সময়ত তেখেতক সমস্ত নিবেদন কৰিব। আৰু তাৰ ফলত ভগৱান শ্ৰীকৃষ্ণ ই আপোনক সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিব। আৰু সমস্ত শেষত ভাগৱত গীতাৰ অন্তত এটি শ্লোক হলেও পাঠ কৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *