How to win life battle

বিপদ যেতিয়াই নহওঁক শ্ৰীকৃষ্ণৰ এটা বাণী মনত পেলাওঁক – অমৃত বাণী।

  মানুহৰ জীৱনত যেনেদৰে সুখ আহে আৰু যায় , দুখ আহে আৰু যায় ঠিক একেদৰে মানুহৰ জীৱনলৈ বিপদ আহিব আৰু বিপদ যাব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এনে কোনো লোক নাই যাৰ জীৱনলৈ বিপদ অহা নাই, স্বয়ং ভগৱানে যেতিয়া মানুহৰূপে জন্ম গ্ৰহণ কৰিছিল তেতিয়া তেৱোঁ বাৰম্বাৰ বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল । সেয়ে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে যেতিয়া কিবা বিপদ আহিব তেতিয়া ভাগি নপৰি তাক মজবুত হাতেৰে দমন কৰা আৰু মুখামুখি হোৱা উচিত।

How to win life battle

আমি সদায়ে ভাবি থাকোঁ যে ভগৱানে মানুহ সৃষ্টি কৰিছে কিন্তু মানুহৰ জীৱনত ইমান বিপদ কিয় আহে ? এই বিষয়ত ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ” এই জগত সংসাৰত প্ৰত্যেক জীৱকে ভগৱানে সৃষ্টি কৰিছে, মনুষ্যও ভগৱানৰে সৃষ্টি আৰু প্ৰত্যেকজন মানুহৰ এক পৃথক পৃথক সত্তা থাকে আৰু এই সত্তা বিশেষে মানুহে দুই ধৰণৰ কৰ্ম কৰে সেয়া হৈছে সুকৰ্ম আৰু কুকৰ্ম “। ভগৱান কৃষ্ণই আৰু কৈছিল, ” কৰ্মফলে মানুহক কেতিয়াও পিছত নেৰে অৰ্থাৎ যেনে কৰ্ম – তেনে ফল, জন্মা জন্মান্তৰে মনুষ্যই কৰ্ম ফল ভোগ কৰি থাকিব , কিন্তু যেতিয়া বিপদ আহিব সেই বিপদৰ মুক্তিৰ বাবে নিশ্চিত পথ বিচাৰিব জানিব লাগিব আৰু সেয়া হৈছে, যদি কোনো মনুষ্যই ভগৱানৰ চৰণত আশ্ৰয় গ্ৰহণ কৰে আৰু বিপদত ভগৱানৰ নাম বাৰে বাৰে লৈ কান্দে তেতিয়া সেই মনুষ্য বিপদৰ পৰা মুক্তি লাভ কৰিব পাৰিব আৰু সেই মনুষ্যক কোনো বিপদে স্পৰ্শ কৰিব নোৱাৰে “। লগতে কৈছিল, ” এই কলিযুগত কোনো মানুহৰ দুখ, জ্বলা যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ একমাত্ৰ কৃষ্ণ নামেহে মুক্তি দিব পাৰে”।

How to win life battlehow to stop nail biting habit of child

কলিযুগৰ ৫ টি কঠিন সত্য – ভগৱান শ্ৰীকৃষ্ণ বাণী  ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

কলিযুগৰ ৫ টি কঠিন সত্য – ভগৱান শ্ৰীকৃষ্ণ বাণী।

কিয় কোনো শিশু দুখীয়াৰ গৃহত আৰু কোনো ধনী গৃহত জন্ম হয় ?  জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

কিয় কোনো শিশু দুখীয়াৰ গৃহত আৰু কোনো ধনী গৃহত জন্ম হয় ?

সেয়ে যেতিয়াই বিপদত পৰিব তেতিয়াই ভগৱানক এনেদৰে স্মৰণ কৰা উচিত, ” হে প্ৰভু, আপোনাৰ এই অধম সন্তানক বিপদৰ পৰা ৰক্ষা কৰক”। আৰু যিমান বিপদে নহওঁক ভগৱানে ৰক্ষা কৰিব লগতে ভগৱানৰ গুণানুকীৰ্ত্তন যিয়ে কৰে কোনো বিপদে তেওঁক একো কৰিব নোৱাৰে ।

How to win life battlehow to stop nail biting habit of child

ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল, ” যি মনুষ্য ভগৱানক বিশ্বাস কৰে আৰু যিয়ে ভগৱন্তৰ চৰণত আশ্ৰয় লয় লগতে ভগৱানৰ গুণানুকীৰ্ত্তন সদায় কৰে তেওঁৰ জীৱনত কেতিয়াও বিপদ নাহে”।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *