REASON BEHIND POOR AND RICH

কিয় কোনো শিশু দুখীয়াৰ গৃহত আৰু কোনো ধনী গৃহত জন্ম হয় ?

  এই সংসাৰত এনে কিছুমান মানুহ থাকে যিসকল জন্মৰ পৰাই বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থাকে ; কোনোবা অন্ধ , কোনোবা কণা , খোৰা আদি হৈ জনম লয়, আৰু আন কাৰোবাৰ সৈতে এই সমস্যা সমূহ জীৱনৰ আধাবাটত ঘটে। কোনোবা অকাল মৃত্যু বৰণ কৰে আৰু কোনো জীৱনৰ শৈশৱৰ পৰাই নৰক যন্ত্ৰণা পাবলৈ বাধ্য হয়। কোনোবা দুখীয়া গৃহত জন্ম লয় আৰু কোনোবাই সোণৰ চামুচ মুখত লৈ পৃথিৱীলৈ আহে অৰ্থাৎ অত্যন্ত ধনী ঘৰত জন্ম গ্ৰহণ কৰে। এই প্ৰশ্ন সকলোৰে মনলৈ আহে যে প্ৰত্যেক মানুহ জন্মৰ সময়ত ভিন্ন ভিন্ন পৰিস্থিতিৰ সন্মুখীন কিয় হয় ? কিয় মানুহ ভিন্ন ভিন্ন ঠাইত জন্ম গ্ৰহণ কৰে ? কিয় কিছু লোক আকস্মিক ভাবে ধনী হৈ পৰে, কিয় মানুহ হঠাৎ দুখীয়া হৈ যায়?

in which home baby child bornREASON BEHIND POOR AND RICH

এই সমস্ত প্ৰশ্নৰ উত্তৰ আমাৰ প্ৰাচীন শাস্ত্ৰ সমূহত সুন্দৰকৈ লিখা আছে। আমি সকলোৱে জানো যে কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছৰ আৰু পৰীক্ষিতৰ জনমৰ সময়ত ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত যি কথোপকথন হৈছিল তাক গৰ্ভ গীতা বোলা হয়। আৰু এই গৰ্ভ গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ওপৰত উল্লেখিত সকলো প্ৰশ্নৰ উত্তৰ সুন্দৰকৈ দি থৈ গৈছিল।

Remember four legendry woman in the morning to be worthy in life

ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ” হে অৰ্জুন, এই সংসাৰৰ প্ৰায় প্ৰতিজন মানুহ মায়াত বন্দী, কি বস্তু মানুহে পাব, কি লাভ কৰিব সেই চিন্তা মানুহৰ মনৰ পৰা কেতিয়াও দূৰ নহয়, মানুহৰ অস্তপ্ৰহৰ মায়াত বন্দী আৰু মায়াৰে অন্ত পৰে, সেইকাৰণে মানুহৰ বাৰম্বাৰ জন্ম আৰু মৃত্যু হয়”। অৰ্জুনে তেতিয়া কৃষ্ণক কৈছিল , ” সেয়া আমাৰ মনেই বিচাৰে প্ৰভু , আৰু আমাৰ মন হৈছে আপোন ইচ্ছাত চলাফুৰা কৰা হাতীৰ দৰে, আৰু এই মনৰ তৃষ্ণা কেতিয়াও দূৰ নহয় “। কৃষ্ণই কৈছিল, ” নিঃসন্দেহে এই মন হাতীৰ দৰে, আৰু এই মনে পঞ্চইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰে , কিন্ত পঞ্চইন্দ্ৰিয়ৰ পৰা উদ্ভৱ হয় কাম , ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ ; আৰু এইসমূহৰ মাজত অহংকাৰ অতি ঘৃণনীয় , অহংকাৰে মানুহক নৰকলৈ লৈ যায় ; সেইকাৰণে হাতীক যেনেদৰে এজন মাউতে নিয়ন্ত্ৰণ কৰে ঠিক তেনেদৰে মানুহৰ মনৰূপী হাতীক নিয়ন্ত্ৰণ কৰা সম্ভৱ আৰু দৰকাৰী আৰু তাৰ বাবে প্ৰয়োজন জ্ঞানৰূপী অঙ্কুশ যাৰ মাধ্যমত মানুহে তেওঁৰ মনৰ এই ৰিপুসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে “।

Remember four legendry woman in the morning to be worthy in life

 তাৰ পিছত অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল, ” হে বাসুদেৱ, কিয় কোনো ব্যক্তিৰ স্ত্ৰী অথবা স্বামীৰ অকাল মৃত্যু হয় , কিয় কোনো লোকৰ পুত্ৰৰ অকাল মৃত্যু হয়, কিয় কিছুমান মানুহ নিঃসন্তান থাকে, কিয় কিছুমান মানুহ নপুঙ্খক হয় , “? উত্তৰত শ্ৰীকৃষ্ণই কৈছিল, ” কাৰোবাৰ পৰা ঋণ লৈ যদিহে কোনো লোকে পৰিশোধ নকৰে, সেই গৃহৰ স্বামী অথবা স্ত্ৰীৰ অকাল মৃত্যু হয় , অথবা কোনো ব্যক্তিয়ে যদি পৰপুৰুষ গমন কৰে বা পৰস্ত্ৰী গমন কৰে একে ফলে ভুগিব লাগিব , যি ব্যক্তিয়ে অইন কাৰোবাৰ আমানাতৰ ধন সম্পদ আত্মসাত কৰে তেনে ব্যক্তিৰ পুত্ৰ বা কন্যাৰ অকাল মৃত্যু হয় , কাৰোবাক প্ৰতিশ্ৰুতি দি সময়ত সেই কাম সম্পূৰ্ণ নকৰিলে মানুহ নপুঙ্খক হৈ জন্ম লয় , যি লোকে ভ্ৰূণহত্যা কৰে তেনে লোক দুয়োজনমতে নিঃসন্তান হৈ থাকে “।

how to stop nail biting habit of child

লগতে কৈছিল, ” হে অৰ্জুন, যিয়ে স্বৰ্ণ দান কৰে, যিয়ে অৰ্থ দান কৰে আৰু সেই দানৰ বাবে কোনো অহংকাৰ নকৰে, তেওঁলোকৰ সেই সমস্ত বস্তুৱে প্ৰাপ্ত হয়, যিয়ে অন্নদান কৰে তেওঁলোকৰ স্বৰূপ সুন্দৰ হয়, যিয়ে বিদ্যা দান কৰে – যিয়ে গুৰুৰ সেৱা কৰে তেওঁলোক বিদ্যান হয়, যিয়ে সৰু ল’ৰা ছোৱালীক মৰম কৰে তেওঁলোকৰ সুসন্তান প্ৰাপ্তি হয়”।

অৰ্জুনে প্ৰশ্ন কৰিছিল, ” হে কৃষ্ণ, কাৰোবাৰ অৰ্থৰ প্ৰীতি আৰু কাৰোবাৰ মহিলাৰ প্ৰীতি বৰ বেছি থাকে, তাৰ কাৰণ কি “? অৰ্জুনৰ প্ৰশ্নৰ উত্তৰত কৈছিল,” ধন আৰু নাৰীৰ মোহ হৈছে মানুহৰ নাশ ৰোগ, কিন্তু ঈশ্বৰৰ প্ৰতি মোহৰ কোনো নাশ নাথাকে”। অৰ্জুনে কৈছিল, ” হে বাসুদেৱ, মানুহে কেনেকৈ পৰিশ্ৰম নকৰাকৈ আকস্মিক ধন লাভ কৰে তাৰ বাবে তেওঁলোকে কি পূণ্য কৰে “? লগে লগে হাঁহি মাৰি কৃষ্ণই উত্তৰ দিছিল, ” যিয়ে গোপনে দান কৰে তেওঁলোকৰ আকস্মিক ধন প্ৰাপ্তি হয়, যিয়ে ঈশ্বৰৰ আৰাধনা কৰে, যিয়ে লোকৰ সেৱা কৰিছে তেওঁলোক দীৰ্ঘায়ু হয় – ৰোগমুক্ত থাকে”।

LIFE CHANGING QUOTES

ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল, ” হে অৰ্জুন, যি ব্যক্তিয়ে গুৰুৰ পৰা বিদ্যা লাভ কৰি মুখ ঘূৰাই দিয়ে, যিয়ে সদায় লোকক অপমান কৰে, সেই ব্যক্তি বোবা, অন্ধ হৈ যায়, যি লোকে সদায় খঙক প্ৰশ্ৰয় দিয়ে তেওঁৰ তেজত ৰোগ হয়, যিয়ে সদায় লেতেৰা আৰু অপৰিষ্কাৰ হৈ থাকে তেওঁলোক দৰিদ্ৰ হয়, পৰকালত দৰিদ্ৰৰ গৃহত জনম লভে, যি লোকে পৰস্ত্ৰী বা পৰপুৰুষক নগ্ন দেখিলে কুদৃষ্টি দিয়ে তেওঁলোক অন্ধ হৈ যায়”।

চাৰি গৰাকী নাৰীৰ নাম ৰাতিপুৱা স্মৰণ কৰক জীৱন সফল হৈ পৰিব ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

চাৰি গৰাকী নাৰীৰ নাম ৰাতিপুৱা স্মৰণ কৰক জীৱন সফল হৈ পৰিব !

অৰ্জুনে কৈছিল, ” হে প্ৰভু তোমাক নমস্কাৰ, আগতে মই আপোনাক মোৰ আত্মীয় বুলি জ্ঞান কৰিছিলোঁ আৰু এতিয়া বুজিলোঁ আপুনি পৰম ভগৱান, এতিয়া আপুনি কওঁকচোন জীৱনত গুৰুৰ ভূমিকা আৰু গুৰুদীক্ষা কেনেকৈ হয় মোক কব পাৰিবনে”? লগে লগে ভগৱান শ্ৰীকৃষ্ণই কৈছিল হে অৰ্জুন তুমি ধন্য, তোমাৰ মা পিতা ধন্য যে তেওঁলোকে তোমাৰ দৰে পুত্ৰ লাভ কৰিছে , আৰু অৰ্জুন শুনা সমস্ত সংসাৰৰ গুৰু হৈছে জগন্নাথ, বিদ্যাৰ গুৰু কাশী আৰু চাৰিটা বৰ্গৰ গুৰু সন্ন্যাসী, যিয়ে সকলো ত্যাগ কৰি মোৰ কথা মনত কৰিছে তেওঁ হৈছে জগতগুৰু। ভগৱান শ্ৰীকৃষ্ণই কৈছিল হে অৰ্জুন মন দি শুনা কেনে গুৰুৰ সংস্পৰ্শলৈ যোৱা উচিত – যি গুৰুৱে সংসাৰ জয় কৰিছে, যিয়ে সমস্ত ইন্দ্ৰিয়ক ঈশ্বৰ বুলি আচৰণ কৰে, যি সমস্ত জগতৰ প্ৰতি উদাসীন তেনে গুৰুৰ সংগত থকা উচিত , যিয়ে পৰমেশ্বৰক জানে সেই গুৰুৰ পূজা কৰা উচিত।

WHEN TO GIVE ADMISSION TO YOUR CHILD IN SCHOOL

  আৰু কৈছিল, হে অৰ্জুন যি গুৰুৰ ওচৰত থাকি যি ভক্তই গুৰুৰ সৈতে ভোজন কৰে তেওঁৰ ভোজন সফল, যি গুৰুৰ বিমুখ তেওঁৰ সপ্তগ্ৰাস পাপ হয়, গুৰু বিমুখ প্ৰাণী দৰ্শন যোগ্য নহয় , যি গৃহস্থ গুৰু বিহীন তেওঁলোক চণ্ডালৰ সম, মদিৰাৰ ভাণ্ডাৰত যেনেকৈ গঙ্গাজল অপবিত্ৰ হয় তেনেকৈ গুৰু বিমুখ ব্যক্তিৰ ভোজন সদায় অপবিত্ৰ । যাৰ প্ৰতি ভক্তি ওপজে তেওঁক গুৰু বুলি স্বীকাৰ কৰা , যাকে তুমি মনে প্ৰাণে বিশ্বাস কৰা, যাৰ কথা তোমাৰ অন্তৰত সোমাই তেওঁকে তুমি গুৰু বুলি মানি লোৱা । লগতে শ্ৰীকৃষ্ণই কৈছিল, ” যদি গুৰু বিচাৰি নোপোৱা তেনেহলে মোক গুৰু বুলি জ্ঞান কৰিবা, আৰু গুৰুদীক্ষা হৈছে দুটি আখৰ যাৰ অৰ্থ হৰিঔম , আৰু যিয়ে গুৰুৰ সেৱা কৰে তেওঁ মোৰ আশীৰ্বাদ লাভ কৰে, তেওঁ ৮৪ কোটি যোনিৰ পৰা মুক্তি লাভ কৰে, জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লভে, তেওঁ নৰক ভোগ কৰিব নালাগে”।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *