WHY INFANT SUFFER LOTS OF PAIN IN MOTHER WOOMB

  কোন পাপৰ কাৰণে পাপী গৰ্ভত প্ৰৱেশ কৰে আৰু গৰ্ভত নানান কষ্ট ভোগ কৰিব লগীয়া হয় ? কিছুমান স্ত্ৰীৰ কিয় গৰ্ভৱতী অৱস্থাত মৃত্যু হয় ? কিয় দেউতা জীয়াই থকাৰ পিছতো পুত্ৰৰ মৃত্যু হৈ যায় ? এই সকলো বোৰ প্ৰশ্নৰ উত্তৰ খুব সুন্দৰকৈ গৰ্ভগীতাত বৰ্ণিত আছে।

REASONS OF PAIN OF BABY IN MOTHER WOMBWORSHIP AND SIN

গৰ্ভ গীতাৰ প্ৰথম অধ্যায়ত এই কথা উল্লেখ আছে যে অৰ্জুনে এদিন ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল, ” হে , মধুসূদন আপুনি মোক কওঁকচোন প্ৰাণী কোন গুণ বা দোষৰ বাবে গৰ্ভত প্ৰৱেশ কৰে, প্ৰাণীয়ে কিয় জন্মৰ আগত আৰু জন্মৰ সময়ত অসহনীয়া পীড়া ভোগ কৰে , তাৰ পিছতো প্ৰাণীয়ে কিয় বিভিন্ন ৰোগ আদিৰ বাবেও পীড়া আৰু দুখ ভুগিব লাগে , প্ৰাণীক কিয় বৃদ্ধ অৱস্থাত অনেক ৰোগ পীড়াই আগুৰি ধৰে আৰু শেষত কিয় প্ৰাণীৰ মৃত্যু হয় “? লগতে অৰ্জুনে সুধিছিল, ” হে ভগৱান , মানুহ জন্ম আৰু মৃত্যুৰ দুখৰ পৰা কিয় বাচিব নোৱাৰে “? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ কথাৰ উত্তৰত কৈছিল, ” জন্ম মৃত্যুৰ বন্ধন সমস্ত প্ৰাণীৰ নিয়তি , অৰ্থাৎ যি প্ৰাণী এই মৃত্যুলোকত জন্ম লৈছে তেওঁৰ মৃত্যু নিশ্চিত আৰু সেয়া সকলো সময়তে চক্ৰ আকাৰে সংসাৰত বিৰাজমান ; যি প্ৰাণীয়ে সংসাৰৰ নশ্বৰ বস্তুৰ সৈতে প্ৰেম কৰে, যি প্ৰাণীয়ে সংসাৰত অৰ্থ পোৱাৰ আশা ৰাখে কিন্তু ভগৱান ভক্তিৰ পৰা বিমুখ হৈ থাকে সেই প্ৰাণী বাৰ বাৰ অনেক যোনিত জন্ম লয় আৰু জীৱন মৰণৰ দুখ ভোগ কৰি থাকে”।

Is your future been already decided by luck

শ্ৰীকৃষ্ণৰ মুখৰ পৰা এনে সাৰুৱা কথা শুনি অৰ্জুনে পুনঃ প্ৰশ্ন কৰিছিল, ” হে মাধৱ, এই সংসাৰৰ মোহ মায়াৰ পৰা মুক্তি পোৱা সম্ভৱ নহয় সেইটো বুজিলোঁ কাৰণ প্ৰাণীৰ মন ৫ টি বিকাৰৰ অধীনত থাকে সেয়া হৈছে কাম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ ; লগতে এই ৫ টি বস্তু ৫ টি মত্ত হাতীৰ দৰে , মোহে মনক হৰণ কৰি নিয়ে আৰু এই ৫ বিকাৰৰ ভিতৰত অহংকাৰ আটাইতকৈ প্ৰবল , আৰু এই ৫ হাতীয়েই প্ৰাণীক নৰকলৈ লৈ যায় ; হে জনাৰ্দন, এই ৫ হাতীক কেনেকৈ বশ কৰা যায় অৰ্থাৎ মানুহে কেনেকৈ নিজৰ মনক ভক্তিৰ পথলৈ নিব পাৰে “? লগে লগে ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছিল, ” পাণ্ডুপুত্ৰই যেনেদৰে মত্ত হাতীক বধ কৰিবলৈ মহাবধ অঙ্কুশ প্ৰয়োগ কৰে সেইদৰে মনতোক নিজৰ নিয়ন্ত্ৰণলৈ আনিবৰ বাবে জ্ঞানৰূপী অঙ্কুশৰ প্ৰয়োজন হয়, ভক্তি আৰু জ্ঞান অভ্যাসৰ দ্বাৰা প্ৰাপ্ত হয় , অহংকাৰ কৰিলে জীৱন নৰকত পৰিণত হয়”। শ্ৰীকৃষ্ণৰ উত্তৰ শুনি অৰ্জুনে পুনঃ প্ৰশ্ন কৰিছিল, ” হে জনাৰ্দন, কিছুমান মানুহে আপোনাক ভক্তি কৰিবলৈ ঘন জংঘললৈ গৈ থাকে আৰু বহুজনে সংসাৰৰ মোহ মায়া এৰি বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি আপোনাক তপস্যা কৰে ; হে প্ৰভু এই বিষয়ত আপোনাৰ মন্তব্য কি আৰু আপোনাৰ ভক্তি পোৱা কেনেকৈ সম্ভৱ “?

which subject are subjected to Lord

উত্তৰত ভগৱান শ্ৰীকৃষ্ণই কৈছিল ,” যি প্ৰাণীয়ে ভক্তি নিবেদন কৰিবলৈ মোক বিচাৰি পাবলৈ জংঘলে জংঘলে ঘূৰি ফুৰে তেওঁলোকক সন্ন্যাসী বা বৈৰাগী বুলি কোৱা হয়, তেওঁলোকে মোক পাবৰ বাবে জংঘলে জংঘলে ঘূৰি ফুৰে লগতে ভিন্ন পন্থা অৱলম্বন কৰে তথাপিও তেওঁলোকে মোৰ দৰ্শন নাপাই , যদিহে তেওঁলোকৰ মনত ভক্তি বা প্ৰেম নামৰ বস্তু নাথাকে , যদিহে তেওঁলোকৰ মন সকলো সময়তে অহংকাৰত ডুবি থাকে, অহংকাৰে সকলো সময়তে প্ৰাণীক মোৰ দৰ্শন লাভ কৰাত বাধা প্ৰদান কৰি থাকে, কিন্তু যিজনে শুদ্ধ মনে কাম, ক্ৰোধ, লোভ মোহ আৰু অহংকাৰ ত্যাগ কৰি আমাৰ ভক্তি কৰে তেওঁকহে মই দৰ্শন দি থাকোঁ “।

expectations of wife from husband

পুনৰাই অৰ্জুনে প্ৰশ্ন কৰিছিল, ” হে প্ৰাণনাথ , মনুষ্য এই ৫ বিকাৰৰ দ্বাৰা গ্ৰাসীত হৈ থাকে, নিজৰ সংসাৰ আৰু জীৱন নষ্ট কৰি পেলাই, এতিয়া আপুনি মোক কওঁকচোন এইটো কি পাপ যাৰ বাবে কৰোৱাৰ স্ত্ৰীৰ অকাল মৃত্যু হয়, পিতা জীৱন্ত থকা অৱস্থাত কিয় পুত্ৰৰ মৃত্যু হয় আৰু কোন পাপৰ কাৰণে মানুহ নপুংসক হৈ জন্ম গ্ৰহণ কৰে “? শ্ৰীকৃষ্ণই হাঁহি মাৰি উত্তৰ দিছিল, ” হে অৰ্জুন, যি লোকে কাৰোবাৰ পৰা ঋণ লৈ সেইটো পৰিশোধ নকৰে তেওঁ সেই পাপ কৰ্মৰ বাবে নিজৰ স্ত্ৰীক হেৰুৱাই পেলায়, ঠিক একেদৰে যিয়ে কাৰোবাৰ আমানত ঘূৰাই নিদিয়ে তেওঁ পুত্ৰ হেৰুৱাই, যিয়ে কাৰোবাক সহায় কৰাৰ বচন দি সময়ত সহায় নকৰে তেনে লোক নপুংসক হৈ ৰয় কিয়নো এইবোৰ হৈছে ডাঙৰ আৰু ভয়ংকৰ পাপ”। ভগৱান শ্ৰীকৃষ্ণৰ মুখত এনে অমূল্য দিব্য বচন শুনি অৰ্জুনে পুনঃ প্ৰশ্ন কৰিছিল , ” হে কৃপানীধাম , মনুষ্য কোন পাপৰ ফলত সদায়ে ৰোগীয়া হৈ থাকে আৰু কোন পাপৰ ফলত বোজা উঠোৱা এটি গাধৰ জনম হয় অৰ্থাৎ গাধৰ জন্ম প্ৰাণীৰ কোন জন্মৰ পাপৰ ফলত হয় আৰু মানুহ কি অপকৰ্মৰ বাবে কোনো জনমত জঘন্য পশু হৈ জন্ম লয় “?

শ্ৰীকৃষ্ণই উত্তৰ দিছিল, ” যি মানুহে নিজৰ কন্যাক বিক্ৰী কৰি দিয়ে সেই লোক সকলো সময়তে ৰোগীয়া হৈ পৰে, যিয়ে অখাদ্য ভোজন কৰে লগতে বিষয় বিকাৰৰ কাৰণে মদ্যপান কৰি থাকে সেয় ব্যক্তি পিছৰ জনমত গাধ হৈ জনম লয়, যিয়ে খাদ্য প্ৰস্তুত কৰি প্ৰথমে নিজে গ্ৰহণ কৰি তাৰ পিছত ভগৱানক দান কৰে তেওঁৰ বিৰাল অথবা গাহৰিৰ যোনি প্ৰাপ্ত কৰে” । এইফালে ভগৱান শ্ৰীকৃষ্ণৰ উত্তৰ শুনি শুনি অৰ্জুনৰ মনত জিজ্ঞাসা বাঢ়ি গৈছিল আৰু সুধিছিল, ” হে প্ৰভু, আপুনি এই সংসাৰত যিসকলক ধন সম্পত্তি প্ৰদান কৰিছে তেওঁলোকে ইমান কি পূণ্য কৰিছিল পূৰ্বজনমত বা এই জনমত”? শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, ” হে ধনঞ্জয়, যিয়ে উত্তম ৰীতিৰ মাজেদি অইনক স্বৰ্ণ দান কৰে তেওঁ এই জন্ম আৰু পুনঃ জনমত উত্তম বাহন আৰু ধন প্ৰাপ্তি কৰে, যিয়ে ভগৱানক সাক্ষী কৰি কন্যাদান কৰে তেওঁ উত্তম পুৰুষ হৈ জনম লয়”। অৰ্জুনে পুনৰাই প্ৰশ্ন কৰিছিল, ” হে দয়াৰ সাগৰ, হে দয়ানিধি, এই সংসাৰত আপুনি কোনো মানুহক উত্তম ৰূপী সজাইছে আৰু কাৰোবাক কুৎসিত চেহেৰাৰ কৰি, কাৰোবাক ধনবান আৰু কিছুমানক ধনবন্ত কৰি, এয়া কিয় হয় “? ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছিল, ” হে অৰ্জুন যি লোকে অন্নদান কৰে তেওঁলোকৰ স্বৰূপ সুন্দৰ, যিয়ে বিদ্যাদান কৰে তেওঁ বিদ্যান, তথাপিও কওঁ পুৰুষৰ ৰূপ নহয় গুণহে মহত্যপূৰ্ণ, যিয়ে সাধুসন্তৰ সেৱা কৰে তেওঁ পুত্ৰবান হয়, ধনবান হয় “।

DAUGHTER IN LAW AND MOTHER IN LAW RELATIONSHIP

শ্ৰীকৃষ্ণৰ মুখত প্ৰশ্নৰ উত্তৰ শুনি অৰ্জুন কিছু সময় মনে মনে ৰৈছিল বাবে ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ” হে পাৰ্থ, তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ পোৱা হৈ গল নেকি নে আৰু কিবা প্ৰশ্ন আছে “? লগে লগে অৰ্জুনে কৈছিল, ” হে প্ৰভু এতিয়াও মোৰ মনত অনেক প্ৰশ্ন আছে আৰু সুধিছিল হে মধুসূদন মানুহে ধন আৰু সংসাৰৰ প্ৰতি কিয় ইমানেই মোহ ৰাখে “? কৃষ্ণই কৈছিল, ” যেতিয়া এই সংসাৰৰ প্ৰাণীয়ে আমাৰ কৃপাৰ পৰা বঞ্চিত হৈ যায় তেতিয়াই তেওঁ ধন সম্পত্তি আৰু সংসাৰৰ প্ৰতি বেছি আসক্ত হয়, আৰু সেয়া হৈছে প্ৰাণীৰ নাশৰ কাৰণ লগতে বিবেক থকা প্ৰাণী এইসমূহৰ পৰা দূৰৈত থাকে , যি ব্যক্তিয়ে সংসাৰৰ মোহ ত্যাগ কৰি পবিত্ৰ স্থানত উপস্থিত হৈ আমাৰ নিষ্কাম ভক্তি কৰি থাকে তেওঁৰ বিনাশ নহয়”।

CHANGES OF HUMAN NATURE IN PERIOD OF TIME

ভগৱানৰ মুখৰ পৰা এই কথা শুনি অৰ্জুনৰ মুখত মৃদু হাঁহি বিৰিঙি উঠিছিল। তেওঁ পুনৰ শ্ৰীকৃষ্ণক সুধিছিল, ” হে প্ৰভু মানুহৰ শৰীৰত যিসমূহ ৰোগ যেনে ৰক্তবিকাৰ, বায়ুদোষ, অন্ধ্যাত্ব, পঙ্গুত্ব আদি বিকাৰৰ কাৰণ কি”? ভগৱান শ্ৰীকৃষ্ণই তেতিয়া কৈছিল, ” যি প্ৰাণী মায়াত বন্দী হৈ মোৰ প্ৰতি বিমুখ হয় আৰু যিয়ে মায়া মোহৰ মাজত সকলো সুখ খুজিবলৈ চেষ্টা কৰি থাকে তেওঁ ক্ৰোধি, ৰক্তবিকাৰী, অলস , দৰিদ্ৰ আৰু বায়ুদোষৰ দৰে বিকাৰত বিকাগ্ৰস্ত হৈ পৰে” । তাৰ পিছত অৰ্জুনে গুৰু আৰু গুৰুদক্ষিনাৰ বিষয়ত ভগৱান শ্ৰীকৃষ্ণ পৰা কিছু জ্ঞান লব বিচাৰিছিল। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ” হে অৰ্জুন তুমি ধন্য , ধন্য তোমাৰ জননী আৰু তোমাৰ এই প্ৰশ্ন সমগ্ৰ মানৱজাতিৰ বাবে কল্যাণকামী ; হে পাৰ্থ, ব্ৰহ্মচাৰী আৰু সংযমী পুৰুষ যিয়ে নিজৰ জীৱন ঈশ্বৰ ভক্তিত আৰু পৰ উপকাৰত উচৰ্গা কৰে বা কৰিছে তেওঁক গুৰু মানি লোৱা উচিত, নিজৰ গুৰুৱে দেখুৱা পথেৰে পূজা কৰা উচিত , কাৰণ গুৰু কৃপাৰ পৰা বঞ্চিত প্ৰাণীয়ে নানান পীড়া ও পাপ ভোগ কৰে আৰু লোকে তেনে প্ৰাণীৰ মুখ দেখাও পাপ” ।

Life changing thinking

মৃত্যুৰ পিছত বৈতৰণী পাৰ হওঁতে পাপী আত্মাৰ কি হয় – গৰুড় পুৰাণ ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

মৃত্যুৰ পিছত বৈতৰণী পাৰ হওঁতে পাপী আত্মাৰ কি হয় – গৰুড় পুৰাণ !

 লগতে কৈছিল, ” হে অৰ্জুন গোটেই সংসাৰৰ গুৰু হৈছে জগন্নাথ, বিদ্যাৰ গুৰু কাশী, চাৰি বৰ্ণৰ গুৰু ব্ৰাহ্মণ, ব্ৰাহ্মণৰ গুৰু সন্ন্যাসী ; সন্ন্যাসী তেওঁকে কোৱা হয় যিয়ে সকলো ত্যাগ কৰি সদায় আমাৰ ওচৰত বিলীন হোৱাৰ চেষ্টা কৰি থাকে , ব্ৰাহ্মণ হৈছে জগতগুৰু আৰু যি গুৰুৰ ভক্ত হয় তেওঁক আমাৰ ভক্ত মান্যতা দিয়া হয়, যি মনুষ্য গুৰুৰ বিমুখ থাকে তেওঁ চণ্ডালৰ সম , যি ঠাইত মাদক দ্ৰব্যৰ ভাণ্ডাৰ থাকে সেই ঠাইৰ গঙ্গাজলো অপবিত্ৰ হৈ থাকে, একেদৰে গুৰুৰ প্ৰতি বিমুখ ব্যক্তিৰ ভজনো অপবিত্ৰ, তেওঁৰ সমস্ত কৰ্ম নিষ্ফল হয়, তেনে ব্যক্তিয়ে পৰকালত কুকুৰ , শুকুৰ, গাধ , কাম আদিৰ যোনি প্ৰাপ্ত কৰে ; তেনে লোক অজগৰ সাপৰ দৰে অলসতাত ভোগে আৰু সদা সর্বদা তিৰস্কাৰৰ মুখামুখি হয় অৰ্থাৎ গুৰুৰ দীক্ষা অবিহনে কোনো কৰ্ম সিদ্ধি নহয় ; বিপৰীতে যিয়ে গুৰুৰ সেৱা কৰে তেওঁ অনেক যজ্ঞৰ পূণ্য লাভ কৰে “। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক পুনঃ কৈছিল, ” হে অৰ্জুন এই সংবাদ যি মনুষ্যই পাব আৰু অইনক দিব তেওঁ গৰ্ভ দুখৰ পৰা বাছি থাকিব আৰু সেই মনুষ্যই নৰকৰ ৮৪ লক্ষ্য যোনিৰ পৰা মোক্ষ লাভ কৰিব “। ভগৱান শ্ৰীকৃষ্ণৰ এই বাণী অৰ্জুনে খুব আগ্ৰহেৰে শুনিছিল।

Share it with:

1 Comment

  1. সুন্দৰ লিখনি।পঢ়ি ভাল লাগিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *