ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত কলিযুগ সম্পৰ্কে অৰ্থাৎ কলিযুগৰ মানুহ কেনে হ’ব, মানুহৰ জীৱন কেনেকৈ অতিবাহিত হ’ব, ইজন মানুহৰ ব্যৱহাৰ অইনজনৰ প্ৰতি কেনেকুৱা হ’ব এই সকলো বিষয় বিস্তাৰিত ভাবে বৰ্ণনা দি থৈ গৈছিল। আৰু সেই বৰ্ণনা বৰ্তমান সত্য বুলি প্ৰমাণিত হৈ গৈ আছে।
মহাভাৰত কালত পঞ্চপাণ্ডৱৰ কলিযুগ সম্পৰ্কে জনাৰ ইচ্ছা জন্মিছিল, আৰু সেয়ে তেওঁলোকে এবাৰ ভগবান শ্ৰীকৃষ্ণক সুধিছিল যে কলিযুগৰ মানুহ কেনে হ’ব, কেনে হ’ব মানুহৰ বিচাৰ ধাৰা আৰু কলিযুগত মোক্ষৰ প্ৰাপ্তি কেনে হ’ব ! এই প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই পঞ্চ পাণ্ডৱক বেলেগ বেলেগ পদ ধৰি বনলৈ যাবলৈ কৈছিল আৰু কৈছিল যে তোমালোক তাতে গৈ যি যি দেখা পাবা সেয়া মোক আহি কব লাগিব। ভগৱান শ্ৰীকৃষ্ণৰ বচন অনুসৰি পঞ্চ পাণ্ডৱ বনলৈ গৈছিল আৰু উভতি আহি কৃষ্ণৰ ওচৰত সকলো কথা বিস্তাৰিত ভাৱে বৰ্ণনা কৰিছিল।
যুধিষ্ঠিৰ মহাৰাজে বনত এটি হাতী দেখিবলৈ পাইছিল কিন্তু আচৰিত কাণ্ড যে সেই হাতীৰ দুটাকৈ শূৰ্ আছিল আৰু তেওঁ সেই দৃশ্য দেখি খুব আচৰিত হৈছিল ; যেতিয়া তেওঁ এই দৃশ্যৰ কথা ভগৱান শ্ৰীকৃষ্ণক কৈছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছিল যে কলিযুগৰ মানুহ এনে হ’ব যিয়ে মুখেৰে কব এক আৰু কাম কৰিব অইন এক, অৰ্থাৎ তেওঁলোকে উভয় দিশৰ পৰা আনক শোষণ কৰিব ।
ভীমে দেখিছিল এটি গৰু যি গৰুয়ে নিজৰ পোৱালীক এনেদৰে চেলেকি আছিল যে চেলেকা ঠাইৰ পৰা গৰু পোৱালী জনীৰ ছাল ছিঙি ৰক্তক্ষৰণ হৈ আছিল। আৰু সেই দৃশ্য দেখি ভীম আচৰিত হৈছিল , সেয়ে তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ পৰা ইয়াৰ ৰহস্য জানিব বিচাৰিছিল । কথা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগৰ মানুহ তেওঁলোকৰ সন্তানৰ প্ৰতি ইমানে আসক্ত থাকিব যে তেওঁলোকৰ অতিমাত্ৰা ভালপোৱাৰ বাবে শিশুৰ বিকাশ ঠিকমতে হ’বলৈ নাপাব । লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যদিহে কাৰোবাৰ পুত্ৰ সাধু হয় তেতিয়া সকলোৱে তেওঁৰ দর্শন কৰিব, কিন্তু যদি নিজৰ পুত্ৰ সাধু সন্ন্যাসী হ’ব তেতিয়া তেওঁৰ পিতৃ মাতৃয়ে দুখ কৰিব, তেওঁলোকে ভাবিব যে তেওঁৰ পুত্ৰ কি আচৰিত পথে গৈছে ; কলিযুগৰ পিতৃ মাতৃ সদায় এক চিন্তাতে সদায় থাকিব যে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত কি হ’ব কি নহ’ব আৰু সেই চিন্তাতে পিতৃ মাতৃৰ জীৱন নষ্ট হৈ যাব। কলিযুগৰ মানুহৰ মোহ আৰু মায়া নিজৰ পৰিয়ালতে সীমাবদ্ধ থাকিব। ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ কথা বাস্তৱতা কৈছিল, ” তোমাৰ পুত্ৰ তোমাৰ নহয় বৰং তোমাৰ স্ত্ৰীৰ আমানত, স্ত্ৰী হৈছে স্বামীৰ আমানত, এই শৰীৰ তোমাৰ নহয়, বৰং মৃত্যুৰ আমানত আৰু আত্মা পৰমাত্মাৰ আমানত “।
স্বৰ্গ কেনে হয় , পূণ্য আত্মা কেনেকৈ থাকে স্বৰ্গত – গৰুড় পুৰাণ ৰহস্য ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
অৰ্জুনে দেখিছিল এটি পক্ষী যিয়ে যাৰ ডেউকাত বেদৰ শ্লোক লিখা আছিল, কিন্তু সেই পক্ষীয়ে মৃত মানুহৰ মাংস খাই আছিল আৰু সেয়া দেখি অৰ্জুন খুব চিন্তিত হৈছিল। আৰু তাৰ অৰ্থ শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগত বহু বিদ্যান লোক থাকিব যদিও তেওঁলোকৰ মনোকামনা এইটো হ’ব যে কিমান সোনকালে কাৰ মৃত্যু হ’ব আৰু সেই মৃত লোকৰ সম্পত্তি তেওঁ কেতিয়া নিজৰ কৰি লব পাৰিব, কলিযুগৰ লোকৰ ক্ষমতা যিমানে বেছি নহওঁক কিয় তেওঁৰ চকু সদায় আনৰ সম্পত্তিৰ ওপৰতে থাকিব, এনে বহু মানুহ থাকিব কলিযুগত যিয়ে লোকৰ সম্পত্তি কাঢ়ি লোৱাৰ প্ৰৱণতা ৰাখিব ; সাত্বিক আৰু ভাল মানুহৰ সংখ্যা খুব সীমিত হৈ পৰিব কলিযুগত।
নকুলে দেখিছিল যে এটি বৃহৎ শিলৰ টুকুৰা পাহাৰৰ পৰা খহি তললৈ আহি থকা , শিলৰ টুকুৰা টি নামি আহি থাকোঁতে বহু ডাঙৰ ডাঙৰ গছ ভাঙি পৰিছিল যদিও অৱশেষত শিলৰ টুকুৰাটি এডাল সৰু গছত ঠেকা খাই সেই শিলৰ টুকুৰা ৰৈ গৈছিল। নকুলৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগত মানুহৰ বুদ্ধি থাকিব যদিও বুদ্ধি ভ্ৰষ্ট হৈ পৰিব, তেওঁলোকৰ জীৱনৰ পতন হ’ব আৰু সেই পতনক অলেখ ধন সম্পত্তি আৰু ডাঙৰ ডাঙৰ বৃক্ষই বাধা দিব নোৱাৰিব যদিও ‘হৰিনাম’ নামৰ এজোপা বৃক্ষই মানুহৰ জীৱনৰ এই পতন ৰোধ কৰিব পাৰিব আৰু এই হৰি কীৰ্তনৰ দ্বাৰা মানুহৰ বুদ্ধি প্ৰবল হ’ব।
সহদেৱে জংঘলৰ মাজত বহুত কুৱা দেখিবলৈ পাইছিল, আৰু অনেক কুৱাৰ ভিতৰত একেবাৰে মাজৰ কুৱাটো জলশূণ্য আছিল যি কুৱা অইন সকলোবোৰ কুৱাৰ তুলনাত আটাইতকৈ গভীৰ আছিল । ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ অৰ্থ কৈছিল যে কলিযুগৰ ধনী আৰু প্ৰতিপত্তিশীল লোকসকলে তেওঁলোকৰ ল’ৰা ছোৱালীৰ বিবাহত , যিকোনো উৎসৱত প্ৰচুৰ পৰিমাণে ধন অৰ্থ ব্যয় কৰিব কিন্তু যদি কোনো মানুহ অনাহাৰে থাকে সেই লোকক সাহাৰ্য্য কৰাৰ ৰুচি সেই ধনীলোকৰ নাথাকিব। ইন্দ্ৰিয় সন্তুষ্টি, মদ্যপান, মাংসভক্ষণ আৰু বিলাসীতাত খুব টকা খৰচ কৰিব কলিযুগৰ লোকে। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল , কিন্তু যি মানুহ এই অভ্যাসৰ পৰা দূৰৈত থাকিব তেওঁৰ ওপৰত কলিযুগৰ নহয় বৰং পৰমাত্মাৰ প্ৰভাৱ বিৰাজমান থাকিব।
আৰু এইয়া হৈছে কলিযুগৰ পাঁচোটা কঠিন সত্য যি ভগবান শ্ৰীকৃষ্ণই বৰ্ণনা কৰিছিল আৰু এইসমূহ বৰ্তমান প্ৰায় এশ শতাংশই মিলিবলৈ গৈ আছে।
Val lagise mon tu mukoli mua lagise aru pohim pohim lagise bohut kotha Buji paisu atia Krishna Ram Narayan gobindo joi joi dhaynabad