Overthinking ৰ গ্ৰাসত নেকি ? মগজুত Negative চিন্তা আহে নেকি ?

বেছি Negative লোক সকলে পঢ়ক এই বাৰ্তা

এটা মাছে সম্পূৰ্ণ পুখুৰী এটাৰ মাছ নষ্ট কৰিব পাৰে, এটা পঁচা আলু থাকিলে এপাচি আলু নষ্ট হ’ব পাৰে ; ঠিক একেদৰে এটি ঋণাত্মক চিন্তাই দিনটোৰ সকলো চিন্তাধাৰা নষ্ট কৰি দিব পাৰে। যদি মই সেই কাম নকৰিলোঁহেঁতেন, যদিহে মই ভুলতো নকৰিলোঁহেঁতেন, যদি সেই সময়ত কোনোৱে মোক বুজাই দিলেহেঁতেন, তেনেহলে হয়তো আজি মই দুখ কৰিব নালাগিলে হেঁতেন। এনেবোৰ কথা বহুতৰে ক্ষেত্ৰত হৈ থাকে।

How to be positive

মানুহৰ মগজুৰ এটা বেয়া অভ্যাস হৈছে মগজুৱে সকলো সময়ত অতীতৰ কথা ভাবি থাকে আৰু তাতোকৈ বেয়া অভ্যাস যে ই বেছি বেয়া কথাবোৰহে ভাবি থাকে যদিওবা অতীতত এজন মানুহৰ জীৱনত বহু ভাল ঘটনাও ঘটি যায়। অতীতত বহুত ভাল ঘটনা মানুহৰ জীৱনত ঘটে যদিও মানুহৰ সদায় বেয়া কথাবোৰহে মনত পৰে, সেইবোৰে মনত কষ্ট দিয়ে, দুখ অনুভৱ কৰাই। তেতিয়া কিন্তু আমি বুজিব লাগিব যে আমাৰ মনে আমাৰ লগত খেলা কৰিছে কিয়নো এইটো হৈছে মনৰ এটি অভ্যাস। আৰু যদি আপোনাৰ লগত এনেকুৱা হৈছে তেন্তে জানিব যে আপুনি Overthinking ৰ গ্ৰাসত পৰিছে।

কথাতে কয় যে খালি মগজু চয়তানৰ ঘৰ। আৰু এই চয়তান হৈছে আমাৰ ঋণাত্মক চিন্তা। যি মানুহে অতীতৰ কথা চিন্তা বেছি কৰে , যিয়ে ভৱিষ্যতৰ কথা বেছি চিন্তা কৰি ভাবি থাকে যে ভৱিষ্যতে তেওঁৰ কিবা হ’ব কি নহ’ব ,; সেয়া অতি বহুত বিপদজনক কথা। কাৰণ তাৰ বাবেই আপুনি আপোনাৰ বৰ্তমানক নষ্ট কৰি দিব লাগিব, যি বৰ্তমানে মানুহৰ ভৱিষ্যত তৈয়াৰ কৰে , অতীতে নহয়।

How to be positive

বিনা কাৰণ বশত অতিৰিক্ত চিন্তাই মানুহৰ জীৱন শেষ কৰে। কিন্তু এইটো কোৱা হোৱা নাই যে আপুনি চিন্তা কৰা বন্ধ কৰি দিয়ক। জীৱনৰ সকলো কাম ভাবি চিন্তি কৰা উচিত, আগৰ ভুলৰ পৰা শিক্ষা লৈ অনাগত ভৱিষ্যতৰ পৰিকল্পনা কৰা দৰকাৰী। কিন্তু সেইবুলি ইমানো চিন্তা কৰা অনুচিত যাৰ বাবে আপুনি একো কাম আৰম্ভণি কৰিব নোৱাৰিব। ইমান চিন্তা কৰা উচিত নহয় যে আপুনি চিন্তা কৰি শেষ হৈ যাব, অতীতৰ হৈ যোৱা ভুলৰ শিক্ষা নলৈ কেৱল সেইটোকে মনত পেলাই কান্দি থাকিব ! এইটো এনে এক ভুল যি আজি বহু মানুহে কৰে , আমি সেইটো সকলোৱে জানো কিন্ত তথাপিও তাৰ পিছতো আমি ঋণাত্মক চিন্তা লৈ থাকোঁ। আমি কিয় পাহৰি যাওঁ এই কথা যে আমাৰ লগত অতীতত যি কথাই হৈছিল সেইটো ভালৰ বাবেই হৈছিল। এতিয়া যি সমূহ কথা আমাৰ বেয়া লাগি আছে ভৱিষ্যত আমি বুজি পাম যে সেই সমূহ কথা আমাৰ ভালৰ বাবেই হৈ আছে।

Who is happy in this earth dog or human ?স্বামী বিবেকানন্দৰ পৰা শিকো আহক তিনিটা মহৎ কথা ! মানৱ জীৱনৰ কিছু তিক্ত কথা জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

https://kamalpurexpress.com/2022/08/13/swami-vivekananda-lesions/

কোনোবাই খুব সুন্দৰকৈ কৈছিল, ” জীৱনক যদি বুজিব লাগে তেনেহলে অতীতৰ ফালে চোৱা আৰু জীৱনত যদি বাচিব লাগে তেনেহলে বৰ্তমানৰ ফালে চোৱা”। প্ৰত্যেক আৰম্ভণিয়ে মানুহক ভয় দেখুৱাই কিন্তু দেখিব সমস্যাৰ পিছতহে সফলতা পোৱা যায়। যি মানুহে ডাঙৰ সপোন দেখে, যাৰ জীৱনৰ লক্ষ্য ডাঙৰ তেওঁলোকে কোনো পৰিস্থিতিতে ভয় নকৰে, সৰু কথাতে চিন্তা কৰি বহি নাথাকে। সেয়ে যদি জীৱনত কিবা কৰিবলৈ হয় , জীৱনক পৰিৱৰ্তন কৰিবলৈ হয় তেনেহলে চিন্তা বেছিকৈ নকৰি কামৰ বিষয়ে মনোযোগ দিয়া অত্যন্ত প্ৰয়োজনীয়। অইন লোকতকৈ আগবাঢ়িবলৈ হ’লে অইনতকৈ পৃথক হোৱা প্ৰয়োজনীয়। আপুনি যি ভুল কৰিব নোৱাৰিব যি ভুল সমূহ সকলোৱে কৰে । আজিৰ পৃথিৱীত চিন্তাৰ জেইলত সকলোৱে বন্দী হৈ থাকে ; কিন্তু আপুনি আৰু মই সেই জেইলৰ বাহিৰত বিচৰণ কৰিব লাগিব। যি সমূহ আপোনাৰ জীৱনত ইতিমধ্যে হৈ গৈছে সেইটো আপুনি পৰিৱৰ্তন কৰিব নোৱাৰে, আৰু যিসমূহ আপোনাৰ জীৱন হ’বলৈ গৈ আছে সেইটোও আপোনাৰ হাতৰ মুঠিত নাথাকে, কিন্তু বৰ্তমান আপুনি যি কৰি আছে সেইটো আপোনাৰ হাতত আছে ; সেয়ে আপোনাৰ মূল্যবান সময়ক চিন্তা কৰিয়ে পাৰ কৰি নিদিব নহ’লে অনাগত ভৱিষ্যত জীৱন আপুনি আৰু দুগুণ চিন্তাৰ মাজেৰে পাৰ কৰিব লগীয়া হ’ব ।

কোনোবাই খুব সুন্দৰকৈ কৈছিল, ” তাজৰ দ্বাৰা কেতিয়াও তাজমহল তৈয়াৰ কৰিব নোৱাৰি, নদীক বহল কৰি কেতিয়াও সমুদ্ৰ তৈয়াৰ কৰিব নোৱাৰি”। জীৱনৰ সৈতে যুদ্ধ কৰিব লাগিব সদায়, প্ৰত্যেক দিন বহি বহি কোনো সফল হ’ব নোৱাৰে, যি কৰিব লাগে কৰক , প্রয়োজনতকৈ বেছি চিন্তা নকৰিব। যিয়ে কৰে তেওঁ কৰি যাব আৰু যিয়ে চিন্তা কৰে তেওঁ চিন্তাৰ বাঘ হৈয়ে থাকে। মনত ৰাখিব অযথা চিন্তাই আমাৰ মগজুক কেঁচা কৰে, আৰু তেনে চিন্তা মানুহৰ তেতিয়া আহে যেতিয়া মানুহ অকলশৰীয়া হৈ থাকে। যেতিয়া আমাক বুজাবলৈ কোনো নাথাকে যে আমাৰ বেছি চিন্তাই ক্ষতি কৰে তেতিয়াও আপুনি নিজেই বুজিব লাগিব যে চিন্তা এক অপৰাধ। নিজকে বাৰ বাৰ বুজাব লাগিব , যেতিয়াই মনত বেয়া চিন্তাবোৰ সোমাই তেতিয়াই নিজকে কব লাগিব, ” কিয় ভয় খাম আমি ভৱিষ্যত কি হ’ব কি নহ’ব বুলি, কিয় ভাবিম মই যে সকলো সময় বেয়াই হ’ব বুলি”।

Think this in your loneliness

কেৱল মাত্ৰ নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি যোৱা উচিত , গৈ থাকোঁতে যদি একো পোৱা নাযায় অভিজ্ঞতা হলেও পাব । অতিৰিক্ত চিন্তা কৰা কোনো ৰোগ নহয়, এয়া বেয়াও নহয় কিয়নো যেতিয়ালৈ আপুনি চিন্তা নকৰিব তেতিয়ালৈ মগজুত নতুন বুদ্ধি নোসোমাই, কিন্তু আমাৰ মগজুৰ পৰা যিটো বস্তু দূৰ কৰিব লাগিব সেইটো হৈছে ঋণাত্মক চিন্তা । আমি আমাৰ ঋণাত্মক overthinking সমূহক বিদায় দিব লাগিব, কেৱল মাত্ৰ ধনাত্মক চিন্তা কৰিব লাগিব ; আৰু নিজৰ মাজত যেতিয়া সকলো ধনাত্মক দেখিবলৈ চেষ্টা কৰিব তেতিয়া আপোনাৰ জীৱনে সলনি হৈ যাব।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *