How to win life battle

বেছি ভাল নহৈ অলপ বেয়া হ’বলৈ শিকক জীৱনত সফল হ’ব পাৰিব !

  ভাল হওঁক, আনক সন্মান কৰক, দয়ালু হওঁক, প্ৰত্যেকজন মানুহৰ প্ৰতি ভালপোৱা ৰাখক, প্ৰত্যেক মানুহকে সহায় কৰক, প্ৰত্যেকজন মানুহৰ কাষলৈ যাওঁক আনৰ উপকাৰী হ’বলৈ শিকক, আপুনি ভাল মানুহ হওঁক ; এইবোৰ হৈছে সেইবোৰ কথা যিবোৰ সদায় মা দেউতাই প্ৰত্যেক সন্তানক শিকাই । তেওঁলোকে আমাক সদায় এইটোৱে শিকাই যে আমি বহুত ভাল হোৱা দৰকাৰী, আমি দয়ালু হোৱা দৰকাৰী, সকলোৰে বাবে ভাল চিন্তা কৰা দৰকাৰী। ইয়াৰ উপৰিও আমি বহু গল্প আৰু সাধুত শুনিছোঁ যে এজন ভাল মানুহৰ সদায় ভাল হয়। আৰু এই কাৰণে আমি খুব ভাল মানুহ হোৱা বাঞ্চনীয়। কিন্তু আজি শুনি লওঁক এইবোৰ একেবাৰে মিছা কথা, এইটো এটা খুব ভুল ধাৰণা।

Importance of vitamin D during pregnancy in Assamese languages

যি মানুহ তেওঁৰ প্ৰয়োজনতকৈ বেছি ভাল হ’ব তেওঁ গোটেই জীৱন আনৰ দ্বাৰা সদায় ব্যৱহৃত হ’ব । ইতিহাস প্ৰসিদ্ধ আচাৰ্য চাণক্যই এবাৰ কৈছিল, ” কোনো মানুহে খুব বেছি চিধা আৰু সৰল হোৱা উচিত নহয়, কাৰণ চিধা গছ আৰু চিধা মানুহ বোৰক প্ৰথমে কাটি পেলোৱা হয়”। ভাল মানুহ হোৱা, দয়ালু হোৱা এই কথাবোৰ মাত্ৰ কবলৈ খুব ভাল লাগে কিন্তু সত্য হৈছে যে বাস্তৱ জীৱনৰ সঁচা ছবিখন সম্পূৰ্ণ বিপৰীত।

LIFE CHANGING QUOTES

নিজৰ জীৱনত আনন্দ লাভ কৰিবলৈ আপুনি বেয়া মানুহ হ’বই লাগিব, নিজকে protect কৰিবলৈ আপুনি বেয়া মানুহ হ’ব লাগিব, নিজৰ পৰিয়াল বৰ্গক সুখত ৰাখিবলৈ আপুনি বেয়া মানুহ হ’ব লাগিব ; আপুনি বেয়া মানুহ হ’ব লাগিব সেয়া নেদেখাজন (আপুনি যি কয় ভগবান, আল্লাহৰ ) চকুত নহয়, বৰং পৃথিৱীৰ মানুহৰ চকুত আপুনি বেয়া মানুহ হ’ব লাগিব। ৰব confuse নহ’ব, নেদেখা জনৰ চকুত বেয়া মানুহ হোৱা আৰু মানুহৰ চকুত বেয়া মানুহ হোৱাৰ পাৰ্থক্য কত ? বেয়া বেয়াই হয় নহয়নে ?

THOMAS ALVA EDISON LIFE STORY

নহয়, এইটো আপোনাৰ সম্পূৰ্ণ ভুল ধাৰণা , আৰু এই কাৰণতে আজি আপুনি সুখত নাই। যেতিয়া আপুনি আপোনাৰ সম্পূৰ্ণ কাম কৰি আজৰি হৈ আনৰ সৈতে কথা পাতে তেতিয়া আপুনি পৃথিৱীৰ সকলো মানুহৰ বাবে এজন অহংকাৰী আৰু বেয়া মানুহ হিচাপে পৰিগণিত হৈ পৰিব, আৰু পৰিবৰ্তে যদি আপুনি আপোনাৰ সকলো কাম এৰি আনৰ বাবে সময় দিয়ে তেনেহলে আপুনি খুব ভাল মানুহ হৈ পৰিব। আপুনি যদি সকলো সময়ত সকলোৰে বাবে available থাকে তেন্তে সকলোৰে চকুত আপুনি বহুত ভাল মানুহ।

how to stop nail biting habit of child

আপুনি যদি Show off কৰে তেতিয়া সকলোৱে আপোনাক ধনী বুলি কব, যদি আপুনি সাধাৰণ জীৱন যাপন কৰে তেতিয়া আপুনি পৃথিৱীৰ সন্মুখত এজন সাধাৰণ মানুহ হৈ থাকিব, দুখীয়া হৈ থাকিব ; অৰ্থাৎ যদি আপুনি পৃথিৱীৰ মানুহৰ কামত আহে তেন্তে আপুনি ভাল মানুহ । কিন্তু যদি আপুনি জীৱনত কিবা ডাঙৰ কৰিব বিচাৰে, কিবা ডাঙৰ হ’ব বিচাৰে তেতিয়া আপোনাৰ বহুমূলীয়া সময় নিজৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিব লাগিব।

যদি আপুনি কাৰোবাক সময় দিব পৰা নাই, যদি কাৰোবাৰ কিবা কাম কৰি দিব পৰা নাই বা আপুনি আপোনাৰ সময় নাই বুলি কৈছে , তেতিয়া আপুনি দেখিব আপোনাক মানুহে বেয়া বুলি কোৱা আৰম্ভণি কৰি দিছে। কিন্তু মনত ৰাখিব বেয়া বুলি কওঁক, আপোনাৰ সমালোচনা কৰক একো কথা নাই, সেই সময়ত আপুনি মনে মনে নিজকে নিয়ন্ত্ৰণত ৰাখিব লাগিব, প্ৰতিবাদ কৰিবলৈ নাযাব, আৰু মানি লওঁক যে আপুনি বেয়াই হয় , একো কথা নাই।

how to win a battle of life

যদি আপোনাক আপোনাৰ সপোন বোৰৰ সৰল ৰেখাৰ পৰা বিচলিত কৰিব খুজিছে তেনেহলে আপুনি তেওঁলোকৰ সৈতে বেয়া হৈয়ে থাকক, যদিহে আপোনাক কোনোবাই ব্যৱহাৰ কৰিব খুজিছে তেনেহলে আপুনি বেয়া হৈ থাকক তেওঁৰ লগত, যদি কোনোবাই আপোনাক প্ৰতাৰণা কৰিব বিচাৰিছে তেনেহলে আপুনি বেয়া হৈয়ে থাকক তেনে লোকৰ লগত। যদি কোনোবাই আপোনাক হিংসা কৰে, আপোনাক পিছৰ পৰা টানি ৰাখিব যত্ন কৰি থাকে তেওঁৰ বাবে আপুনি বেয়া হৈয়ে থাকক। যত আপোনাৰ পৰিয়ালৰ প্ৰশ্ন জড়িত আছে, আপোনাৰ ভৱিষ্যত জড়িত আছে , আপোনাৰ সপোন বোৰ জড়িত হৈ আছে সেই সন্ধিক্ষণত আপুনি আনৰ সৈতে বেয়া হৈ থাকক । চাওঁক যদি আপোনাৰ লক্ষ্য অর্জন কৰিবলৈ যাওঁতে মানুহৰ মনত বেয়া হৈ পৰিব লাগে তেন্তে বেয়া হৈ থাকক ; যদি নিজে শান্তিত জীয়াই থাকিবলৈ গৈ আনৰ চকুত আপুনি বেয়া হৈ পৰিব লাগে তেন্তে বেয়া হৈ থাকক।

how to win a battle of life

এই ৩ টা কথা মানি চলক দেখিব আপোনাৰ জীৱন ঘোঁৰাৰ আগত দৌৰিব! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই ৩ টা কথা মানি চলক দেখিব আপোনাৰ জীৱন ঘোঁৰাৰ আগত দৌৰিব!

কোনোবাই খুব ভালকৈ কৈছিল, ” যিয়ে সকলোকে সুখত ৰাখিব বিচাৰে, যিজনে সকলোৰে সুখ শান্তি কামনা কৰে, তেওঁ নিজে কেতিয়াও সুখ উপভোগ কৰিব নোৱাৰে” । সেয়ে পৃথিৱীৰ মানুহৰ সুখৰ কথা চিন্তা কৰা বন্ধ কৰক কিয়নো আপুনি নিজেই যদি সুখত থাকিব নোৱাৰে , নিজৰ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয়, এই পৃথিৱীয়ে আপোনাক লৈ হাস্য ৰস আৰু মজা কৰিব। আপুনি আপোনাৰ চাৰিওফালে এবাৰ ঘূৰি চাওঁক যিয়ে আনক সময় দিব নোৱাৰে, যিজন নিজৰ কামত ব্যস্ত থাকে, তেওঁলোকে যদি এদিন আপোনাক কিবা কাম কৰি দিয়াৰ বাবে কৈছে আৰু আপুনি কৰি দিব পৰা নাই সেইদিনা তেওঁলোকে আপোনাক বেয়া পাব, আপুনি বেয়া মানুহ বুলি ঢোল বজাব। সিদিনাহে কিন্তু আপুনি বুজি উঠে যে আপুনি ইমানদিনে কি ভুল কৰিছে, কাৰ বাবে আপুনি ভাল হ’ব বিচাৰিছিল । মনত ৰাখিব যিজনে অতিৰিক্ত ভাল হোৱাৰ চেষ্টা কৰে অৱশেষত তেওঁ কান্দিবলৈ বাধ্য হোৱা নিশ্চিত। বেয়া হোৱা মানে এইটো নহয় যে আপুনি সকলোৰে সৈতে বেয়া ব্যৱহাৰ কৰিব বা কাৰোবাৰ ক্ষতি কৰিব, কাৰোবাৰ বেয়া কৰিব, কাৰোবাক প্ৰবঞ্চনা কৰিব বা কাৰোবাক অপমান কৰিব । আপুনি যদি কাৰোবাক সহায় কৰাৰ সামৰ্থ্য ৰাখিছে তেনেহলে অৱশ্যেই সহায় কৰক, কিন্তু নিজৰ বহুমূলীয়া কাম এৰি সকলো সময় আনৰ বাবে available হৈ থাকে তেনেহলে শুনক আপুনি পৰিৱৰ্তন হ’ব লাগিব । আৰু সেইটোৱেই হৈছে সৃষ্টিকৰ্তাৰ চকুত বেয়া হোৱা আৰু মানুহৰ চকুত বেয়া হোৱাৰ পাৰ্থক্য। বেয়া আপুনি হ’ব লাগিব মানুহৰ চকুত কিন্তু বাস্তৱত নহয় । আপোনাক আপোনাৰ ৰাস্তাত বহুজনে ধৰি ৰখাৰ চেষ্টা কৰিব তেতিয়া আপুনি বেয়া হৈ পৰিব লাগিব, নহ’লে এই পৃথিৱীৰ মানুহে আপোনাক চাহৰ কাপৰ দৰে ব্যৱহাৰ কৰি ধুই পেলাব আৰু আকৌ প্ৰয়োজনত গৰম চাহ খাবলৈ ব্যৱহাৰ কৰিব। সেয়ে বেয়া হওঁক তেতিয়াহে জীৱন সফল হৈ পৰিব।

POPULAR ASSAMESE VIDEO

Share it with:

1 Comment

  1. Good and useful social advice for maintaining human life

Leave a Reply

Your email address will not be published. Required fields are marked *