HOW TO BE WORTHY BY PRAYING GOD

বিশ্বকৰ্মা পূজা , এই পবিত্ৰ দিনত এই ভুল ভুলতো নকৰিব !

 বিশ্বকৰ্মা পূজা , এই পবিত্ৰ দিনত এই এটি ভুল ভুলতো নকৰিব আপোনাৰ পূজা আধৰুৱা হৈ ৰ’ব আৰু অমংগল হ’ব আপোনাৰ।

HOW TO BE WORTHY TODAY

ভগৱান বিশ্বকৰ্মাৰ জন্মদিন উপলক্ষে বিশ্বকৰ্মা পূজা পালন কৰা হয় আৰু এই দিনটো হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অতি মহত্বপূৰ্ণ দিন। ভগৱান বিশ্বকৰ্মা ক বাস্তু দেৱতা আৰু অইন দেৱতাসকলৰ খনিকৰ হিচাপে জনা যায়। ভাদ মাহৰ শেষৰ ফালে প্ৰত্যেক বছৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়। বিশ্বকৰ্মাই ভগৱান শ্ৰীকৃষ্ণ নগৰী দ্বাৰাকা নিৰ্মাণ কৰিছিল, ৰাৱণৰ নগৰী লংকা নিৰ্মান কৰিছিল, স্বৰ্গপুৰী ইন্দ্ৰ দেৱতাৰ সিংহাসন নিৰ্মাণ কৰিছিল বিশ্বকৰ্মাই ; মহাভাৰতৰ যুগত হস্তীনাপুৰ তেঁৱে নিৰ্মাণ কৰিছিল, জগন্নাথ পুৰীৰ জগন্নাথ মন্দিৰ তেঁৱে নিৰ্মাণ কৰিছিল, সকলো দেৱ দেৱীৰ মহল সমূহ তেঁৱে নিৰ্মাণ কৰিছিল, ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ তেঁৱে নিৰ্মাণ কৰিছিল, ভগৱান শিৱৰ ত্ৰিশূল তেঁৱে নিৰ্মাণ কৰিছিল আৰু কত যে কি নিৰ্মাণ কৰিছিল হিচাপ দি শেষ কৰিব নোৱাৰি।

HOW TO BE WORTHY

এইটো বিশ্বাস কৰা হয় যে এই পূজা কৰা লোকৰ ঘৰত ধন সম্পত্তিৰ কোনো অভাৱেই নহয়, ব্যৱসায়, বাণিজ্যত সমৃদ্ধি আহে , আৰু সকলোৰে মনোকামনা পূৰণ হয়। কিন্তু এই দিনটোত আপুনি সম্পূৰ্ণ লাভলাভ পাবলৈ হ’লে কিছুমান কামৰ পৰা বিৰত থকা বাঞ্চনীয় অন্যথা আপোনাৰ ফালে বিশ্বকৰ্মা বাবাৰ শুভদৃষ্টি নপৰিব পাৰে , আনকি অমংগল পৰ্যন্ত হ’ব পাৰে। সেই কাম সমূহ হৈছে

tips to build good relationship among family

১) এই পবিত্ৰ দিনত ঘৰ দুৱাৰ অপৰিষ্কাৰ কৰি ৰাখিব নালাগে।

২) এই দিনটোত কেতিয়াও ৰাতিপুৱা দেৰীলৈ শুই থাকিব নালাগে , যিমানেই পাৰে সোনকালে উঠি স্নান আদি কৰি লোৱা উচিত।

৩) এই পবিত্ৰ দিনত আনৰ লগত হাই কাজিয়া, কাৰোবাক খং ৰাগ কৰা অনুচিত ।

৪) এই পবিত্ৰ দিনত দুখীয়া দৰিদ্ৰ ঘৰলৈ আহিলে খালি হাতে উভতি যাবলৈ নিদিব। কিবা নহয় কিবা দি পঠালে পূণ্য প্ৰাপ্তি হ’ব । আৰু

4 HABITS FOR WHICH PEOPLE NOT GETTING RICH

৫) নিজৰ বাহন আৰু ধাতুৰ যন্ত্ৰ পাতি সমূহ স্নান নকৰোৱাকৈ নাৰাখিব কাৰণ এই সামগ্ৰী সমূহে হৈছে বিশ্বকৰ্মা। সকলো সামগ্ৰী ধুই পোখালি সেন্দুৰৰ ফোঁট লগাব , এনে কৰিলে বিশ্বকৰ্মা সন্তুষ্ট হ’ব ।

চাৰি গৰাকী নাৰীৰ নাম ৰাতিপুৱা স্মৰণ কৰক জীৱন সফল হৈ পৰিব ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

চাৰি গৰাকী নাৰীৰ নাম ৰাতিপুৱা স্মৰণ কৰক জীৱন সফল হৈ পৰিব !

আৰু যদি কোনোবাই নিজৰ ব্যৱসায়ত অধিক উন্নতি দেখিব খোজে তেতিয়া তেওঁ ৰাতিপুৱা উঠি এটা কাম কৰিব পাৰে। ৰাতিপুৱা শুই উঠি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি লৈ ভগৱান বিশ্বকৰ্মাৰ ওচৰত এটি শুদ্ধ প্ৰদীপ জ্বলাই তেওঁৰ সন্মুখত ফুল, ফলমূল, চুপাৰি , মিঠাই আদি ভোগ অৰ্পণ কৰি বিধি অনুসৰি আৰতি কৰিব । আৰু যেতিয়া পূজা শেষ হ’ব তেতিয়া তেওঁৰ চৰণত থকা এটি ফুল আনি নিজৰ ব্যৱসায়ৰ ধন টকা থোৱা বাকচত সোমাই ৰাখিব। এনে কৰিলে ব্যৱসায় বাণিজ্য উভৈনদী হৈ পৰে আৰু বাধা বিঘিনিৰ পৰা দূৰৈত থাকিব পাৰি।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *