Music Vs human brain

সংগীত শিকা শিশুৰ চিন্তাশক্তি , creativity বৃদ্ধি হয়।

 আপুনি জানেনে Earphone কাণত লগাই গান শুনিলে বা খালী music শুনিলে মগজুৰ সকলো অংশ সক্ৰিয় হৈ পৰে। আনকি গান শুনাৰ সময়ত আপোনাৰ আবেগ ( emotion ) , সৃষ্টিশীলতা ( creativity) আৰু আনকি কাৰ্যদক্ষতা ( skills ) ও সক্ৰিয় হৈ পৰে। আপোনাৰ লগত এনেকুৱা হৈছেনে কেতিয়াবা যে আপুনি খুব দৰকাৰী কাম এটি কৰি আছে আৰু তাৰ মাজতে হঠাৎ আপোনাৰ এটি খুব প্রিয় গীতৰ কলি মনলৈ আহিছে, তেনেহলে জানি থওঁক এই ঘটনাক Stuck song syndrome বুলি কোৱা হয়, কিন্তু এইটো একো ডাঙৰ সমস্যা বা কোনো মগজুৰ বেমাৰ বুলি কব নোৱাৰি। এনেধৰণৰ সংগীত আৰু মানৱ মগজুৰ কিছুমান বিজ্ঞান ভিত্তিক কথা আপোনালোকক জনাবলৈ চেষ্টা কৰা হৈছে যিবোৰ শুনি আপুনি এবাৰ হলেও ৱাও (wow) বুলি কব লাগিব আৰু আজিৰ পিছত আপুনি music ৰ প্ৰেমত পৰা কিন্তু খাটাং !

Good parenting tips

১) সংগীতে মানুহৰ চিন্তা (anxiety ) , মানসিক অশান্তি ( depression ) আৰু ষ্ট্ৰেছ ( stress ) কমাব পাৰে। কিন্তু কেনেকৈ ? সংগীত শুনিলে মানুহৰ মগজুৰ পৰা ক্ষৰণ হোৱা ৰাসায়নিক দ্ৰব্য কৰটিছ’ল ( cortisol ) ৰ পৰিমাণ কমে আৰু এই কৰটিছ’ল বিধ ষ্ট্ৰেছ হৰম’ন ( stress hormone ) নামেৰে পৰিচিত। কৰটিছ’ল কম হোৱা মানে মানুহৰ শিকাৰ আগ্ৰহ আৰু সামৰ্থ্য বেছি থকা ( good learning capacity) , ইয়াৰ উপৰিও কৰটিছ’ল পৰা হ’ব লগা হৃদৰোগৰ সম্ভাৱনা সংগীতে বহু গুণ কমাব পাৰে।

Music Vs human brain

২) আপুনি কেতিয়াবা ভাবি চাইছেনে আপোনাৰ প্ৰিয় গীতটি কিয় আপোনাৰ প্ৰিয় ? যেতিয়া আমি এটি গান শুনো তেতিয়া আমাৰ মগজুত আৰু এবিধ খুব ধুনীয়া হৰম’ন ক্ষৰণ হয় যাৰ নাম ড’পামীন ( Dopamine ) , এই ড’পামীন হৈছে এনে এক ৰাসায়নিক পদাৰ্থ যিয়ে মানুহৰ মনত আনন্দ আৰু স্ফূৰ্তিৰ অনুভৱ সৃষ্টি কৰে ; মানুহৰ আনন্দ তেতিয়াই লাগে যেতিয়া মগজুত ড’পামীনৰ ক্ষৰণ হয়, এই হৰম’ন আকৌ motivation আৰু addiction ৰ সৈতেও জড়িত। আৰু এই ড’পামীনৰ বাবেই যেতিয়া এটি ভাল লগা গীত শুনা যায় সেইটো পুনৰ শুনিবলৈ আগ্ৰহ আহে আৰু গীতটি বেছি প্রিয় হৈ পৰে ।

Music Vs human brain

৩) গৱেষণাত প্রকাশ যে যেতিয়া কোনো কামৰ সময়ত ওচৰতে ( background ) ত কোনো সংগীত বাজি থাকে তেতিয়া কাম কৰাৰ প্ৰৱণতা আৰু ইচ্ছা বেছিকৈ বাঢ়ে ।

৪) স্নায়ু বিজ্ঞানৰ ৰিপৰ্ট অনুসৰি বাদ্যযন্ত্ৰ বজাব জনা মানুহৰ এবিধ স্নায়ু ৰোগ যাৰ নাম ADHD ( Attention Deficit Hyperactivity Disorder ) হোৱাৰ আশংকা কম হয়, কাৰণ বাদ্য যন্ত্ৰ বজোৱা লোকে বাদ্যযন্ত্ৰ বজাই থকা সময়ত তেওঁলোকৰ মগজুৰ দুটি অংশ ( Hemisphere ) ৰ মাজত খুব ভাল যোগাযোগ ( synchronization ) ৰ সৃষ্টি হয় যাৰ বাবেই এই ৰোগৰ আশংকা কম হৈ পৰে। যদি আপুনি কিবা বাদ্য যন্ত্ৰ বজাবলৈ জানে তলত কমেণ্ট কৰিব।

Music Vs human brain

এই লক্ষণসমূহ দেখিলে জানিব আপোনাৰ শিশু genius ! সম্পুৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই লক্ষণসমূহ দেখিলে জানিব আপোনাৰ শিশু genius !

৫) আমি আমাৰ আশে পাশে যিসমূহ দেখোঁ বা শুনো তাৰ হিচাপতে আমাৰ মগজুৱে প্ৰতিক্ৰিয়া কৰে ঠিক একেদৰে যদি আমি এটি motivational গীত বা সংগীত শুনো তেতিয়া আমাৰ মগজু motivated হৈ পৰে , যেতিয়া প্ৰেমৰ গীত শুনো তেতিয়া ৰোমান্টিক অনুভৱ মনলৈ আহে, দুখৰ গীত শুনিলে দুখ অনুভৱ হয় অৰ্থাৎ সংগীতে আমাৰ আবেগৰ ওপৰত প্ৰভাৱ পেলায়।

৬) কণ কণ শিশুৰ ওপৰত গৱেষণা কৰি পোৱা গৈছে যে যি শিশুয়ে বাদ্য যন্ত্ৰ বজাবলৈ বা সংগীত শিকে সেই শিশুৰ creativity বেছি থাকে । লগতে সংগীত শিকা শিশুৰ চিন্তাশক্তি বৃদ্ধি হয়।

৭) সংগীতৰ বহু শ্ৰেণী থাকে যেনে প’প মিউজিক, ৰ’ক মিউজিক আৰু ক্লাছিকেল ( classical music) আৰু ভিন্ন লোকৰ সংগীত শুনাৰ পছন্দও ভিন্ন। গৱেষণা অনুসৰি যিসমূহ লোকে ক্লাছিকেল ( classical music ) সংগীত শুনাৰ চখ ৰাখে বা শুনে তেওঁলোকৰ IQ লেভেল বেছি থাকে অৰ্থাৎ ক্লাছিকেল ( classical music ) সংগীতে IQ লেভেল বৃদ্ধি কৰাত সহায় কৰে। তেনেহলে আপুনি কেনে গীত শুনি ভাল পায় অৱশ্যেই কমেণ্ট কৰি জনাব।

৮) ৰাতি টোপনি নহয় বোলা সমস্যা আজিকালি বহুজনৰ আছে। যদিও এই অনিদ্ৰা ( insomnia ) ৰ চিকিৎসাও ভিন্ন ধৰণৰ , সংগীতো হৈছে এই অনিদ্ৰাৰ এটি চিকিৎসা ; মাত্ৰ টোপনি যোৱাৰ আগতে অলপ relaxing music বা classical music শুনিব লাগে । এনে কৰিলে টোপনিৰ মানদণ্ড অনেক গুণ ভাল হয়।

Music Vs human brain

৯) সাধাৰণতে আমি সংগীত শুনো relax হ’বলৈ, নিজৰ mood অনুসৰি আমি সংগীত শুনো , আমনি দায়ক যাত্ৰাৰ পৰা পৰিত্ৰাণ পাবলৈ সংগীত শুনো কিন্তু আজিকালি brain damage , হৃদৰোগ আদিৰ চিকিৎসা হিচাপে সংগীত ব্যৱহাৰ কৰা হয় যাক মিউজিক থেৰাপি বুলি কোৱা হয়। মানসিক ৰোগৰ চিকিৎসাতো বিভিন্ন বিশেষ বিশেষ সংগীতৰ ব্যৱহাৰ কৰা হয়। আমাৰ মগজুৰ বাওঁভাগে গীতৰ সংগীত খিনিক process কৰে আৰু সোঁভাগে গীতৰ ভাষাক আৰু শব্দক process কৰে। মিউজিক থেৰাপিয়ে মগজুৰ দুয়ো ভাগৰ খালি ঠাইখিনিক পূৰ্ণ কৰে। এই সংগীতৰ দ্বাৰা Anxiety, depression, stroke আৰু parkinson’s disease আদিৰ চিকিৎসা কৰা হয়।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *