How to be a successful in life

  জংঘলত এবাৰ এটি সিংহৰ এটি পোৱালি জন্ম দি মৃত্যু হৈছিল ; মা’ৰ মৃত্যুৰ পিছত সিংহ পোৱালীজনী মাকৰ ওচৰতে পৰি ৰৈছিল। আৰু একে পথেদি হৰিণৰ এটি জাক গৈ আছিল, তাকে দেখি সিংহৰ পোৱালী জনীয়ে লাহে লাহে খোজ দিবলৈ আৰম্ভ কৰিছিল আৰু হৰিণৰ জাকৰ সৈতে মিলি গৈছিল, লাহে লাহে হৰিণৰ জাকৰ সৈতে থাকি সি নিজকে হৰিণ বুলিয়ে ভাবি লৈছিল। সিংহৰ পোৱালীটোৱে এসময়ত নিজকে এনেকৈ ভাবিছিল যে সি হৰিণৰ পোৱালী, সিংহৰ নহয়। লাহে লাহে তাৰ চলাফুৰা, তাৰ ব্যৱহাৰ সকলো এটি হৰিণৰ দৰে হৈ পৰিছিল। সিংহৰ পোৱালীটোৱে কেতিয়াও ভবা নাছিল যে সি এটি সিংহ আৰু জানিব কেনেকৈ কাৰণ সি সিংহ কেতিয়াও দেখা নাই, সি সিংহৰ দৰে কেতিয়াও যুদ্ধ কৰা নাই , নাই দেখা কোনোদিনে সিংহই গোজৰ মৰা। কেৱল সি হৰিণৰ পিছে পিছে ঘূৰি জীৱন জীয়াইছিল। তেনেদৰেই সেই পোৱালী সিংহ এদিন ডাঙৰ হৈ পৰে। সি ডাঙৰ হোৱাৰ পিছতো হৰিণৰ জাকটোৱে তাক ভয় নকৰিছিল। কিয়নো যেনেদৰে সিংহ টোৱে নিজকে হৰিণ বুলি জ্ঞান কৰিছিল ঠিক একেদৰে হৰিণৰ জাকটোৱে সিংহ টিক হৰিণ বুলিয়ে অতদিনে জ্ঞান কৰিছিল আৰু তাৰ লগত চলাফুৰা কৰিছিল।

How to set a goal for life

হঠাতে এদিন এটি প্ৰকাণ্ড আৰু প্ৰাপ্তবয়স্ক সিংহই সেই হৰিণৰ জাকৰ ওপৰত আক্ৰমণ কৰে , সেই প্ৰকাণ্ড সিংহটিক দেখি হৰিণৰ লগত থকা সিংহ আচৰিত হৈছিল লগতে প্ৰকাণ্ড সিংহটোও আচৰিত হৈছিল হৰিণৰ জাকত এটি সিংহ দেখি। তাকে দেখি প্ৰকাণ্ড সিংহই ভাবিছিল যে হয়তো পৃথিৱীৰ পৰিবৰ্তন হৈছে, কিন্ত সি বিশ্বাস কৰিব পৰা নাছিল যে পৃথিৱী ইমান পৰিৱৰ্তন হৈছেনে যে সিংহই হৰিণৰ লগত একেলগে ঘাঁহ খাব। তাৰ নিজৰ কৌতুহল দূৰ কৰাৰ বাবে প্ৰকাণ্ড সিংহটিয়ে হৰিণৰ জাকৰ মাজত থকা সিংহটিক খেদি খেদি ধৰিবলৈ চেষ্টা কৰিছিল আৰু অৱশেষত ধৰি পেলাইছিল। তাকে দেখি হৰিণৰ জাকৰ সিংহটি ভয়ত কঁপিবলৈ ধৰিছিল আৰু হৰিণৰ দৰে আচৰণ কৰি নিজৰ জীৱনৰ ক্ষমা ভিক্ষা কৰিছিল। প্ৰকাণ্ড সিংহটোৱে সৰু সিংহটোৰ আচৰণ দেখি আচৰিত হৈছিল আৰু প্ৰশ্ন কৰিছিল যে সি ভয় কৰাৰ কাৰণ কি ? লগতে প্ৰশ্ন কৰিছিল যে সি হৰিণৰ সৈতে একেলগে ঘাঁহ খোৱাৰ কাৰণ কি ? সিংহটিয়ে কাকূটি মিনতি কৰি কৈছিল যে সি হৰিণ হৈ হৰিণৰ জাকত বিচৰণ কৰাত কি সমস্যা থাকিব পাৰে। বৃদ্ধ সিংহটিয়ে বুজিবলৈ বাকী নাথাকিল যে সৰু সিংহটিৰ সৈতে কি ঘটনা ঘটিব পাৰে ।

জীৱন সফল হোৱাৰ ৫ টি অমৃত বাণী ! ৰজাৰ দৰে জীৱন কটাব পাৰিব । জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

ঘটনা বুজি পোৱাৰ পিছত বৃদ্ধ সিংহটিয়ে সৰু সিংহটিক ধৰি লৈ এখন নদীৰ পাৰলৈ লৈ যায় আৰু কৈছিল, ” হেৰৌ, তই কন্দা কটা বন্ধ কৰ আৰু নদীৰ পানীৰ ফালে ভালদৰে চকু দে , পানীত আমাৰ দুয়োজনৰে প্ৰতিবিম্ব দেখা গৈছে, প্ৰতিবিম্ব চাই উঠি আমাৰ দুয়োৰে চেহেৰা নিৰীক্ষণ কৰ, তেতিয়া বুজি পাবি যে তই কোন আৰু মই কোন “।

home decoration tipsWhy does a lots of trouble come to the life of human being ?

 পানীৰ ফালে চাই সৰু সিংহটিয়ে আচৰিত হৈছিল কিয়নো সি নিজে দেখিবলৈ সিংহৰ দৰে , হৰিণৰ দৰে নহয়। সি এইটো দেখিবলৈ পাইছিল যে তাৰ শৰীৰ হৰিণতকৈ বহু ডাঙৰ আৰু শক্তিশালী। কিছু দেৰি পিছতে সি নিজৰ দেহৰ ভিতৰত প্ৰচণ্ড শক্তি অনুভৱ কৰিছিল আৰু তাৰ বিশ্বাস হৈছিল যে সি হৰিণ নহয় সিংহহে। তাৰ মনত যেতিয়া সাহস ঘূৰি আহিছিল সি বৰ জোৰকৈ চিৎকাৰ কৰি গোজৰ মাৰিছিল , যি গোজৰত জংঘল কপি উঠিছিল। সিংহটিয়ে নিজৰ পৰিচয় পোৱাৰ পিছতে তাৰ জীৱন সম্পূৰ্ণ সলনি হৈ পৰিছিল । অৰ্থাৎ যেতিয়াই সিংহই নিজৰ পৰিচয় ( Identity ) ৰ পৰিৱৰ্তন কৰিছে তেতিয়াহে সিংহটিৰ জীৱন সলনি হৈছে তাৰ মনৰ পৰা হৰিণৰ ভূত আঁতৰি গৈছে।

GREAT QUOTES FOR SUCCESS BY APJ ABDUL KALAM AZAD

সেয়ে কয় যে identity অৰ্থাৎ আমাৰ পৰিচয় আমাৰ বিশ্বাসৰ পৰা জন্ম হয়, “যে মই দুখীয়া মোৰ বেছি শক্তি নাই মই এনেকৈ জীৱন কাটিব লাগিব” , তেনেদৰে ভাবিলে জীৱন তেনেকৈয়ে পাৰ হৈ যাব। আমি যি সমাজত , যেনে লোকৰ সৈতে বসবাস কৰো , আমি যাৰ সৈতে সময় পাৰ কৰো , তেওঁলোকৰ believe system খিনিক আহৰণ কৰো । আমাৰ জীৱনত ঘটি যোৱা ঘটনা প্ৰবাহ আৰু আমাৰ অতীতৰ পৰা আৰু আমাৰ অভিজ্ঞতাৰ পৰা আমাৰ পৰিচয় প্ৰস্তুত হয় । Comfort zone এনে এটি বস্তু যাৰ কাৰণে আমি কেতিয়াও সপোনতো কল্পনা কৰিব নোৱাৰো যে আমাৰ কিমান যোগ্যতা আছে। জীৱন পৰিৱৰ্তন কৰিবলৈ হ’লে আমি আমাৰ identity পৰিৱৰ্তন কৰিব লাগিব। আপোনাৰ পৰিচয় এটি অতি শক্তিশালী বস্তু যেতিয়া আপুনি বুজি উঠিব পাৰে যে আপুনি যিখিনি চিন্তা কৰে সেইখিনি আপোনাৰ কৰাৰ সামৰ্থ্য আছে তেতিয়া আপোনাৰ বাবে action লোৱাটো সহজ হৈ পৰে ; যিটো আপুনি কৰিব বিচাৰে আপুনি সেইটো কৰাৰ আগতে নিজৰ মাজত বিশ্বাসৰ সৃষ্টি কৰিব লাগিব যে আপোনাৰ সেইটো কৰাৰ সামৰ্থ আছে। সেয়ে আপুনি জীৱনত যি হ’ব বিচাৰে যি কৰিব বিচাৰে প্ৰথমে আপুনি আপোনাৰ তেনেধৰণৰ পৰিচয় ( identity ) প্ৰস্তুত কৰা অতি দৰকাৰী।

POPULAR ASSAMESE COMEDY VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *