tips to build good relationship among family

স্বামী স্ত্ৰীয়ে এই গোপন কথাত মন দিলে বিবাহিত জীৱনত ভৰপুৰ ৰোমাঞ্চ থাকে !

  বৈবাহিক জীৱনৰ সম্পর্ক সুচাৰুভাৱে পালন কৰা খুব সহজ কথা নহয়। দুজন মানুহ একেলগে থাকি থাকি কেতিয়াবা ইজনৰ প্ৰতি সিজনৰ অনীহা ভাৱ আহি যাব পাৰে। দুজনৰ পাৰস্পৰিক মতবিৰোধ গৈ মাৰাত্মক কাজিয়া হোৱাও দেখা যায়। বহু সময়ত স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভূতি সময় বুজিবলৈ সক্ষম নহয়, সেই ভুল বুজাবুজি চৰম পৰ্যায়লৈ গৈ পৰে। আকৌ বহুজনে সেই চৰম পৰ্যায়ৰ পৰা ওলাই আহি নিজৰ মাজতে সকলো ঠিক কৰি পুনৰ এক সুন্দৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ সক্ষমো হয়।

tips to build good relationship among family

দাম্পত্য জীৱনৰ সূত্ৰই হৈছে এনেকুৱা , এজনে আনজনৰ প্ৰতি গভীৰ ভালপোৱাৰে আকৰ্ষিত হৈ ইজনে সিজনৰ ওচৰ চাপে আৰু গোটেই জীৱন একেলগে কটাবলৈ সংকল্প গ্ৰহণ কৰে । আৰু এই দাম্পত্যৰ সূত্ৰক চিৰযুগমীয়া আৰু চিৰসেউজ কৰি ৰাখিবলৈ কিছু যত্নৰ প্ৰয়োজন উভয় পক্ষৰ ফালৰ পৰা। আপোনাৰ দাম্পত্য জীৱন সুখ আৰু ৰোমাঞ্চকৰ কৰি ৰাখিবলৈ তলৰ কেইটামান টিপছ্ অৱশ্যেই দৰকাৰী হ’ব :-

expectations of wife from husband

১) আৰ্থিক পৰিকল্পনা :- বহু সময়ত উভয় দম্পতি কৰ্মৰত আৰু বহুজনৰ পৰিয়ালৰ পুৰুষ জনে উপাৰ্জন কৰে মহিলা গৰাকীয়ে সম্পূৰ্ণ পৰিয়ালৰ ঘৰৰ কাম কাজৰ দায়িত্ব লয়। সেয়া যি নহওক কিন্তু পৰিয়ালত আৰ্থিক পৰিকল্পনাৰ প্ৰয়োজন। মাহৰ উপাৰ্জনৰ টকা কত খৰছ হ’ব আৰু কত খৰছ হৈছে সেয়া উভয়ে জানা দৰকাৰী। আৰ্থিক সংকট আৰু অভাৱ থাকিলেও উভয়ে অৱগত হোৱা বাঞ্চনীয়। তেনে কৰিলে উভয়ৰ মাজত ভুল বুজাবুজি আবিৰ্ভাৱ হোৱাৰ আশংকা কমে।

২) দিনটোৰ ভিতৰত ইজনে সিজনৰ বাবে সময় দিয়া :-

tips to build good relationship among family

আপুনি হয়তো ৰাতিপুৱা ৮ বজাত অফিচলৈ যায় আৰু আপোনাৰ সংগী আপোনাৰ আগে বা পিছে বাহিৰলৈ ওলাই যায় ; সন্ধিয়া ঘৰলৈ ঘূৰি আহি উভয়ৰে থাকে আন কিছু ব্যস্ততা আৰু দিনৰ শেষত উভয়ে ভাগৰুৱা হৈ পৰে । তথাপিও দিনটোৰ কামৰ মাজতে, ব্যস্ততাৰ ভিতৰতো অলপ সময় উলিয়াই নিজৰ সংগীৰ খৱৰ লোৱা খুব দৰকাৰী। ঘৰলৈ উভতি ভাগৰ দুখৰ মাজতো একেলগে সন্ধিয়াৰ চাহ কাপ আৰু কিছু গল্প কৰাটো দাম্পত্য জীৱনৰ সুমধুৰ মুহূৰ্ত, সেই সুযোগ কেতিয়াও নেহেৰুৱাব। ৰাতিৰ আহাৰ একেলগে গ্ৰহণ কৰা , আজৰি সময়ত উভয়ৰে পছন্দৰ বোলছবি চোৱা আদিয়ে খুব ৰোমাঞ্চকৰ কৰে দাম্পত্য জীৱন।

tips to build good relationship among family

৩) ঘৰৰ কাম কাজত পৰস্পৰক সহায় কৰা :- ঘৰৰ সকলো কাম এজনেই যে কৰিব সেয়া নহয়, ইজনে সিজনক পৰস্পৰে সহায় কৰা দৰকাৰী। সপ্তাহত উভয়ে লগ হৈ ঘৰ পৰিষ্কাৰ কৰা, পাকঘৰৰ কামত ইটো সিটো সহায় কৰি দিয়া ইত্যাদিয়ে দাম্পত্য জীৱনক খুব আমোদ দিয়ে।

৪) যৌনজীৱনৰ ঘনিষ্ঠতাক গুৰুত্ব দিয়া :- সংগীৰ সৈতে যেনেদৰে সকলো কথা আলোচনা কৰা দৰকাৰী ঠিক একেদৰে দুয়োজনৰ মাজত শাৰীৰিক ঘিনিষ্ঠতা অতি প্ৰয়োজনীয়। সেয়ে সদায় মনোযোগ দিব যাতে কর্ম জীৱনৰ ব্যস্ততাৰ বাবে যাতে ব্যক্তিগত জীৱন প্ৰভাৱিত নহয়। সম্পৰ্ক ভালে ৰাখিবলৈ ইজনে সিজনৰ সৈতে ঘনিষ্ঠ মুহূৰ্ত আৰু শাৰিৰীক ঘনিষ্ঠতাৰ ভীষণ প্রয়োজন।

tips to build good relationship among family

নিজৰ জীৱনৰ বিশেষ জনৰ সৈতে বিশেষ দিন উদযাপনৰ বাবে এনেকৈ সজাই তোলক নিজৰ গৃহ ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত ! ঘৰ সজাই তোলক এনেকৈ ভৰপূৰ ৰোমাঞ্চ পাব !

৫) ফুৰিবলৈ যোৱাৰ প্ৰয়োজন :- আপুনি ব্যস্ত থাকিব পাৰে দিনটো কিন্তু পৰিয়ালৰ দায়িত্ব আপোনাৰ আৰু আপোনাৰ সংগীৰ উভয়ৰে সমানে থাকে। বহু ব্যস্ততাৰ মাজতো সম্পৰ্কৰ বাবে কিছু সময় উলিয়াই কৰবাত ফুৰিবলৈ যোৱাটো বাবে খুব দৰকাৰী। ইয়াৰ ফলত সম্পৰ্কই সঞ্জীৱনী পায়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *