Carrier guidance

ছাত্ৰ জীৱনৰ ৬ শত্ৰু ! আজিয়ে পৰাভূত কৰি সফলতা অৰ্জন কৰক !

   আজিৰ দিনত বহু ছাত্ৰ ছাত্ৰী আছে যিয়ে বহু চেষ্টা কৰিও পঢ়াশুনাত মন লগাব নোৱাৰে, সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয় ; যেন কিছুমান অদৃশ্য শক্তিয়ে তেওঁলোকৰ কেৰিয়াৰৰ ওপৰত বাধা হৈ দৌৰিছে। আজি এই অদৃশ্য শক্তি সমূহৰ কথা দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। এই শত্ৰু সমূহৰ পৰা যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে দূৰৈত থাকিব পাৰে তেন্তে তেওঁলোকৰ পঢ়াশুনাত বাধা আহিব নোৱাৰে।

WHEN TO GIVE ADMISSION TO YOUR CHILD IN SCHOOL

১) এলাহ ( আজি নহয় কালি কৰিম) :- এই কথাৰ বাবে কিমান যে ল’ৰা ছোৱালীৰ জীৱন নষ্ট হৈ যায় তাৰ কোনো হিচাপ নাই । এলাহে মানুহৰ সকলো সৰ্বনাশ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে আজিৰ কাম আজিয়ে কৰা উচিত আজিৰ পঢ়া আজিয়ে শেষ কৰা দৰকাৰী। পঢ়া শুনাৰ এখন নিৰ্দিষ্ট ৰুটিন থকা অত্যন্ত দৰকাৰী আৰু সেইমতে আগবাঢ়িব লাগে । “আজি আৰু নহ’ব” , এনে ধৰণৰ চিন্তা কেতিয়াও মনলৈ আনা উচিত নহয় কিয়নো অহাকালি যদি আজিৰ কাম কৰিব বিচাৰে তেন্তে অহাকালিৰ কাম কেতিয়া কৰিবলৈ সময় পাব ? যিমানে পাঠ্যক্ৰম জমা হৈ থাকিব সিমানে আপুনি পিছুৱাই যাব আৰু পিছত থকাটোৱে হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ শত্ৰু। এই শত্ৰুৰ পৰা পৰিত্ৰাণৰ বাবে এটি সুন্দৰ life style প্ৰস্তুত কৰিব লাগিব ; কেতিয়া পঢ়াশুনা কৰিব, কেতিয়া কি বিষয় পঢ়িব তাৰো এখন ৰুটিন বনাব লাগিব আৰু তেনেকৈ পঢ়িব লাগিব। মানসিক ভাৱে সদায় প্ৰস্তুত থাকিব লাগিব যে সময়ৰ কাম সময়ত কৰা উচিত।

২) টাৰ্গেট আৰু পৰিকল্পনাৰ অভাৱ :-

WHEN TO GIVE ADMISSION TO YOUR CHILD IN SCHOOL

নিজৰ ভাগ্য পৰিবৰ্তন কৰক এনেদৰে ! – অমৃত বাণী। কি কৰব লাগিব জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

নিজৰ ভাগ্য পৰিবৰ্তন কৰক এনেদৰে ! – অমৃত বাণী।

বহু ছাত্ৰ ছাত্ৰীয়ে পৰিশ্ৰম কৰি গৈয়ে থাকে, গৈয়ে থাকে কিন্তু কিয় পৰিশ্ৰম কৰিছে তাৰ কোনো উদ্দেশ্য নাথাকে , নাথাকে কোনো পৰিকল্পনা আৰু নাথাকে কোনো টাৰ্গেট ! ছাত্ৰ ছাত্ৰীৰ দ্বিতীয় শত্ৰু হৈছে টাৰ্গেট আৰু পৰিকল্পনাৰ অভাৱ। এই অভাৱেই কিন্ত সাফল্যৰ পৰা ছাত্ৰ ছাত্ৰীক দূৰৈত ৰাখে। প্ৰথমে এটি টাৰ্গেট স্থিৰ কৰি , এবছৰ পিছত নিজকে কি অৱস্থাত চাব বিচাৰে, কেৰিয়াৰ কি হ’ব তাৰ টাৰ্গেট লোৱা দৰকাৰী । টাৰ্গেট স্থিৰ কৰাৰ পিছত সেই ঠাইত উপনীত হ’বলৈ কি কি কৰা দৰকাৰী তাৰ পৰিকল্পনা কৰিব লাগিব। উদাহৰণ স্বৰূপে যদি ছাত্ৰজনে এইবাৰ পৰীক্ষাত ৫০ % নম্বৰ পাইছে আৰু তেওঁ টাৰ্গেট কৰিছে যে তেওঁ অহাবছৰ পৰীক্ষাত ৮০% নম্বৰ পাব লাগিব তেনেহলে তেওঁ পৰিকল্পনা কৰিব লাগিব যে তেওঁ কোন কোন বিষয়ত , কোন কোন দিশত উন্নতি কৰিব লাগিব, পূৰ্বৰ তুলনাত কিমান সময় বেছিকৈ পঢ়িব লাগিব আৰু কি বিষয়ত বিশেষ গুৰুত্বৰ প্ৰয়োজন আছে সেইবোৰৰ পৰিকল্পনা কৰি পঢ়াৰ প্ৰয়োজন।

surprising facts of human

৩) আত্মবিশ্বাসৰ অভাৱ :- ছাত্ৰ ছাত্ৰী সকলৰ আন এটি সমস্যা আৰু শত্ৰু হৈছে আত্মবিশ্বাসৰ অভাৱ। নিজকে প্ৰস্তুত কৰাৰ বাবে যেনেকৈ এটি টাৰ্গেটৰ প্ৰয়োজন ঠিক একেদৰে টাৰ্গেটত উপনীত হ’বলৈ আকৌ আত্মবিশ্বাসৰ প্ৰয়োজন। আত্মবিশ্বাসৰ অভাৱ থাকিলে কোনোৱে কেতিয়াও নিজৰ সপোন পূৰণ কৰিব নোৱাৰে। ছাত্ৰ ছাত্ৰীৰ মনত যদি আত্মবিশ্বাসৰ অভাৱ থাকে, যদি মনত দুশ্চিন্তা লৈ থাকে যে ৯০% নম্বৰ পোৱা যাবনে নাই তেতিয়া কিন্ত ছাত্ৰ ছাত্ৰীয়ে ৯০% ৰ ওচৰলৈকেও যাব নোৱাৰিব। কাৰণ আত্মবিশ্বাসৰ অভাৱ আৰু দুশ্চিন্তাই মগজুলৈ ঋণাত্মক বাৰ্তা ( signal ) প্ৰেৰণ কৰে। যাৰ ফলত ক্ৰমান্বয়ে ছাত্ৰ ছাত্ৰীৰ ফলাফল নিম্ন মানৰ হৈ গৈ থাকিব।

৪) ভয় :- ছাত্ৰ ছাত্ৰী সকলৰ বাহিৰেও সকলোৰে জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে ভয় আৰু এই শত্ৰুক প্ৰতিহত কৰিব পাৰিলে সকলো কাম সহজ হৈ পৰে। পঢ়া শুনা ভালদৰে কৰি গৈ থাকোতেই যদি হঠাতে মনত ভাব আহে যে পৰীক্ষাত পাছ কৰিব পাৰোঁনে নোৱাৰো, কোনো এটি নতুন পাঠ্যক্ৰম আৰম্ভণি কৰিয়ে যদি মনত ভাব আহে যে ইমান বিষয় মনত থাকিবনে, এই ভয় সমুহ বহুত বেয়া ; ই ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত বেয়াকৈ প্ৰভাৱ পেলাই, তাৰোপৰি পৰীক্ষাৰ আগত ভয় খোৱাটো আৰু মাৰাত্মক বেয়া কথা। সেয়ে কোনো বিষয়তে ভয় খাব নালাগে, নিজৰ মন প্ৰসন্ন ৰাখি, নিজৰ মগজু ঠাণ্ডা ৰাখি ভয় নামৰ শত্ৰুক সদায় পৰাভূত কৰিব লাগে।

do-these-before-sleep

৫) সামাজিক সম্পৰ্ক :- সামাজিক সম্পৰ্কই ছাত্ৰ জীৱনত বহুত প্ৰভাৱ পেলাই। সামাজিক সম্পৰ্কই যেনেদৰে মানুহক আগুৱাই যোৱাত সহায় কৰে ঠিক একেদৰে কেতিয়াবা ওলোটাও হ’ব পাৰে। আমাৰ ওচৰে পাজৰে এনে কিছুমান মানুহ থাকে যাৰ চিন্তাধাৰা সদায় ঋণাত্মক , আৰু তেওঁলোকে অইন লোকসকলকো ঋণাত্মক হোৱাটো কামনা কৰে। তেওঁলোকে আনৰ বেয়া আৰু আনৰ বাবে অশুভ চিন্তা কৰি ভাল পাই। তেনে লোকে কেতিয়াও উৎসাহ নিদিয়ে বৰং কাৰোবাৰ লক্ষ্য উদ্দেশ্যত বাধা প্ৰদান কৰে। তেনে লোকক চিহ্নিত কৰি সেই লোকৰ সান্নিধ্যৰ পৰা সদায় দূৰৈত থকা শ্ৰেয়।

৬) সামাজিক মাধ্যমৰ নিচা :-

আজিকালি সামাজিক মাধ্যমত সক্ৰিয় নথকা ছাত্ৰ ছাত্ৰী বিচাৰি পোৱা খুব টান। কিন্তু ছাত্ৰ ছাত্ৰী সকলে এটা কথা মনত ৰখা উচিত যে যিকোনো বস্তুৰে অতিৰিক্ত কৰা খুব বেয়া। যদিহে ফেচবুক, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যম সমূহত নিচাৰ দৰে সোমাই পৰা যায় তেন্তে সেই সামাজিক মাধ্যম সমূহ ছাত্ৰ ছাত্ৰীৰ বাবে শত্ৰুৰ দৰে হৈ পৰিব। ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বহু মূল্যবান সময় সামাজিক মাধ্যমে বিনাশ কৰি দিয়ে।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *