LIFE CHANGING QUOTES

মানৱ জীৱনৰ এই কটু সত্য জানিলে জীৱন সলনি হৈ পৰিব আপোনাৰ!

  মানুহৰ যেতিয়া বয়স বাঢ়ি আহে তেতিয়াহে বুজি উঠে যে কোনোবাই তিনিশ টকাৰ ঘড়ী পিন্ধক বা তিনি হাজাৰ টকাৰ ঘড়ী পিন্ধক উভয়তে সময় একেই দেখুৱাই ; কাৰোবাৰ কান্ধত তিনিশ টকীয়া বেগ থাকক বা ত্ৰিশ হাজাৰ টকাৰ বেগ থাকক, বেগৰ ভিতৰত থকা বস্তুৰ কোনো পৰিৱৰ্তন নহয়! মানুহ তিনি ফুট দৈৰ্ঘ্যৰ ঘৰতে থাকক বা তিনি হাজাৰ ফুট দৈৰ্ঘ্যৰ ঘৰত জীৱন যাপন কৰক জীৱনৰ আয়ুসৰেখাৰ কোনো সালসলনি নহয় ! কোনোবাই business ক্লাছত যাত্ৰা কৰক বা economy ক্লাছত যাত্ৰা কৰক গন্তব্য স্থান কিন্তু একে সময়তে পোৱা যায় !

how do you know that your child is genius
 এইবোৰ কাৰণতে কওঁ আপোনাৰ সন্তানক খুব বেছি ধনী হোৱাৰ বাবে উৎসাহিত নকৰিব, বৰং কওঁক আৰু উৎসাহিত কৰক তেনেকুৱা হ’বলৈ যিটোৰে তেওঁ জীৱনত সুখেৰে থাকিব পাৰে আৰু যাতে তেওঁ ডাঙৰ দীঘল হৈ সকলো বস্তুৰ গুৰুত্ব বুজি পায়, তাৰ মূল্য নহয়।

Behaves that should be avoided by parents in front of their child

ব্ৰেণ্ডেড ( branded ) বস্তু বজাৰৰ আটাইতকৈ মিছা ; যাৰ একমাত্ৰ উদ্দেশ্য হৈছে ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্য সৃষ্টি কৰি ধনী মানুহৰ পকেটৰ পৰা পইচা বাহিৰ কৰা , কিন্তু গৰিব আৰু মধ্যবিত্ত লোকসকলে সেয়া দেখি বহু আকৰ্ষিত হয়। এবাৰ ভাবি চাওঁক এটি আই ফোন সচাকৈয়ে দৰকাৰী নেকি নিজকে লোকৰ চকুত বুদ্ধিমান আৰু ধনী সজাবলৈ। নিজকে লোকৰ সন্মুখত কৃপণ নেদেখুৱাবলৈ আপুনি সদায় কে এফ চি ( KFC ) নাইবা মেক ডোনাল্ড ( Mc Donald ) টে খাদ্য গ্ৰহণ কৰা দৰকাৰী নেকি ? মানুহৰ সন্মুখত নিজকে ধনী ঘৰৰ লৰা বুলি প্ৰকাশ কৰিবলৈ বন্ধুৰ সৈতে সদায় দামী ৰেষ্টুৰেণ্টত বহা দৰকাৰী নেকি ? মানুহে আপোনাক টকা থকা বুলি ভাবিবলৈ এইটো সদায় দৰকাৰী নেকি যে আপুনি সদায় নাইক ( Nike ) নাইবা এডিডাছ ( adidas ) কোম্পানীৰে জোতা পিন্ধা দৰকাৰী নেকি ? নিজকে স্মাৰ্ট দেখুৱাবলৈ সদায় নিজৰ কথাৰ মাজত এটি দুটি ইংৰাজী শব্দ প্ৰয়োগ কৰাৰ সঁচাই দৰকাৰী নেকি? এইটো সঁচাই দৰকাৰী নেকি যে আমি ইংৰাজী গান শুনিলেহে অন্য লোকে দেখি আমাক আধুনিক বুলি ভাবিবলৈ বাধ্য হ’ব ?

LIFE CHANGING QUOTES

তেনেহলে কওঁ এইসমূহৰ কোনো দৰকাৰ নাই ; সেয়ে কোনো বৈজ্ঞানিকে কৈছিল, ” মই মোৰ সমস্ত পোছাক সাধাৰণ দোকানৰ পৰা কিনি লৈ আহোঁ, বন্ধুৰ সতে ৰাস্তাৰ যিকোনো হোটেলত সোমাই পৰো, ভোক লাগিলেই ৰাস্তাৰ ফুটপাঠৰ দোকানৰ পৰা যিকোনো খাদ্য খাবলৈ লাজ নকৰো , মই মোৰ মাতৃভাষাতে কথা কৈ ভাল পাওঁ, মই যদি বিচাৰোঁ সেই সকলোবোৰ মই কৰিব পাৰো যিবোৰ আজিৰ তথাকথিত অভিজাত লোকে কৰে” ।

how to stop nail biting habit of child

এই পৃথিৱীত এনে মানুহ দেখিবলৈ পাব যাৰ এযোৰ ব্ৰেণ্ডেড জোতাৰ দামেৰে অন্য এজনে এক মাহৰ বজাৰ কৰিব পাৰে , এক মাহ ঘৰ চলে । এনে মানুহো দেখিব যাৰ এটি মেক ডোনাল্ডৰ বাৰ্গাৰৰ মূল্যৰে আন ঘৰৰ এটি পৰিয়ালৰ আটাইৰে এসাজৰ খাদ্য যোগাৰ হৈ যায়। এটা ৰহস্যই জানি লওঁক যে অনেক বেছি ধন থকাটোৱে আৰু খৰছ কৰাটোৱে মানুহৰ স্মাৰ্টনেছৰ সীমাৰেখা হ’ব নোৱাৰে। আপুনি যদি মানুহৰ কোনো বাহ্যিক চেহেৰা দেখিহে অৰ্থাৎ তেওঁৰ জোতা, গাড়ী, ঘড়ী, পোছাক দেখিহে সেইজনক সন্মান কৰে বা কৰিছে তেন্তে আপুনি সোনকালে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত , আৰু এনে যিমান লোক আছে সকলোয়ে এবাৰ মানসিক ৰোগৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত! আপুনি সন্মান কৰা উচিত সেইজন মানুহক যাৰ ব্যৱহাৰ আৰু চৰিত্ৰ ব্ৰেণ্ডেড , যাৰ সামাজিক প্ৰমূল্যবোধ ব্ৰেণ্ডেড অৰ্থাৎ ভাল।

how to stop nail biting habit of child

কোনোবাই ignore কৰিলে কি কৰিব জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

যিয়ে আপোনাক গুৰুত্ব নিদিয়ে তেওঁক Ignore নকৰিলে বিপদ নিশ্চিত !

সূৰ্য অস্ত্ৰ যোৱাৰ পিছত এবাৰ সূৰ্যই সুধিছিল, ” মোৰ অনুপস্থিতত মোৰ কাম কোনে কৰিব বিচৰা “? তেতিয়া সকলো গ্ৰহ নক্ষত্ৰ নিস্তব্ধ হৈ পৰিছিল কিয়নো কাৰো ওচৰত একো উত্তৰে নাছিল। কিছু মুহূৰ্তৰ পিছত এটি শব্দ ভাহি আহিছিল , এটি সৰু জুই শিখাই কৈছিল, ” মই আপোনাৰ কাম খিনি নিশ্চয় কৰাৰ চেষ্টা কৰিম”। ধন্যবাদ, কথাখিনি ভাল লাগিলে নিজৰ সতে প্ৰয়োগ নিশ্চয় কৰিব।

POPULAR ASSAMESE VIDEO

Share it with:

3 Comments

  1. বাস্তৱ সত্যৰ ওপৰত সুন্দৰ অনুভৱ প্ৰকাশ পাইছে।

  2. আপোনাৰ এই লিখনীয়ে আমাক বহুত জ্ঞান দিছে । কিছুমান ঠাই আৰু কিছুমান সময়ৰ অভাৱত কিছুমান নিতী নিয়ম কৰিবলৈও অসুবিধা । কিন্ত ভগৱানৰ বানি মানি চলাটো অতি আৱশ্যক। চেষ্টা কৰিম ।

Leave a Reply

Your email address will not be published. Required fields are marked *