সন্তানৰ সফলতা বিচাৰে যদি মা – পিতাই অবশ্যেই এই কাম কৰক !

 সফলতা পাবলৈ মানুহে জীৱনত বহুত কিবাকিবি কৰে ; সন্তানৰ সুখ সমৃদ্ধি আৰু সফলতাৰ বাবে মানুহে আনকি কঠোৰ পৰিশ্ৰম কৰিবলৈকে দ্বিধাবোধ নকৰে ; কিন্তু বহু মানুহে সঠিক সময়ত সঠিক সিদ্ধান্ত লবলৈ নাজানে ! নিজৰ শিশুৰ ক্ষেত্ৰত প্ৰথমৰ পৰাই যদি মা পিতাই কিছু কথা ভালদৰে পালন কৰা যায় তেতিয়াহে শিশুটিক সফলতাৰ শিখৰত অৱস্থান কৰাবলৈ সক্ষম হ’ব পাৰি। কথাবোৰ হৈছে,,

Droupodi Murmu biography

১) উৎসাহিত কৰা :-

যিসমূহ শিশুক উৎসাহিত কৰা যায় সেই শিশু খুব আত্মবিশ্বাসী হৈ উঠে , তেওঁলোকে জীৱনত সমস্যাৰ মুখামুখি হ’বলৈ দুগুণ সমল পায় । অভিভাৱকে শিশু এটিক দিয়া অনুপ্ৰেৰণা আৰু উৎসাহ শিশুৰ বিকাশৰ বাবে খুব গুৰুত্বপূৰ্ণ কথা। কাৰোবাক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰাৰ সৰ্বোত্তম উপায় হৈছে তেওঁক উৎসাহিত কৰা। শিশুয়ে যদি কিবা ভাল কৰিছে সেইটোক এজন দায়িত্বশীল অভিভাৱক হিচাপে প্ৰশংসা কৰা দৰকাৰী আৰু তেনে কৰিলে শিশু দুগুণ উৎসাহিত হয়। শিশুৰ দ্বাৰা নতুন কিবা বিষয় চেষ্টা কৰাবলৈ হলে আপুনি শিশুক প্ৰশংসা আৰু উৎসাহিত কৰিবই লাগিব।

Behaves that should be avoided by parents in front of their child

২) ব্যৰ্থতাৰ প্ৰয়োজন :-

মানুহে বিচৰা সকলো বস্তু পোৱা নাযাব পাৰে এই জীৱনত ; আৰু তাৰ বাবে দুখ কৰি বহি থকাৰ কোনো প্ৰয়োজন নাই । এই কথা নিজৰ সন্তানক ভালকৈ অনুধাৱন কৰোৱা উচিত, বাৰে বাৰে বুজোৱা উচিত অভিভাৱক হিচাপে। ধৈৰ্য আৰু সহিষ্ণুতা যে জীৱনৰ অমূল্য সম্পদ সেয়া শিক্ষা নিজৰ সন্তানক বাৰে বাৰে উদাহৰণ দি বুজাই দিয়া উচিত । কাৰণ সকলো সময়তে সফলতা পোৱা দৰকাৰী নহয়, সন্তুষ্ট থকাটোহে গুৰুত্বপূৰ্ণ।

how do you know that your child is genius

৩) সন্তানক ডায়েৰী লিখিবলৈ উৎসাহী কৰক :-

দৈনন্দিনৰ ডায়েৰী লিখা এক ভাল অভ্যাস, সেয়ে এই অভ্যাস নিজৰ সন্তানক কৰিবলৈ গুৰুত্ব প্ৰদান কৰক। ডায়েৰী সমূহ পঢ়া টেবুলত ধুনীয়াকৈ সজাই ৰাখিবলৈ উৎসাহিত কৰক। যেতিয়া তেওঁলোকে মন বেয়া কৰে বা মনত বিষণ্ণতা প্ৰকাশ কৰে তেতিয়া সেই ডায়েৰীৰ পাতত লিখা পুৰণি কথাবোৰ পঢ়িবলৈ দিয়ক।

Behaves that should be avoided by parents in front of their child

৪) সকলো সময়ত সন্তানৰ কাষত থাকক :-

সন্তানে জানা উচিত যে আপুনি তাৰ সৈতে সকলো সময়তে আছে ; অৰ্থাৎ সন্তানৰ মনত তেনে বিশ্বাসৰ সৃষ্টি কৰা উচিত যে তেওঁ দূৰৈত থকাৰ পিছতো আপুনি যেন তেওঁৰ ওচৰতে আছে । লগতে সন্তানৰ মনৰ খবৰ লওঁক তেওঁ কি কৰিব বিচাৰে, তেওঁ কি কৰিবলৈ ভয় কৰে আৰু তাৰ ভিত্তিত সন্তানক সমাধান দিয়ক।

৫) সন্তানক বিৰতি লবলৈ দিয়ক :- লক্ষ্য অর্জনৰ বাবে ক্ৰমাগত চেষ্টাৰ লগতে মাজে মাজে বিৰতি আৰু জিৰণি দিয়ক শিশুক ; কিয়নো ক্ৰমাগত চেষ্টাৰ ফলত মন আৰু প্ৰাণ ক্লান্ত হৈ পৰে মাজে মাজে আৰু সেই ক্লান্তি দূৰ কৰি সতেজ হোৱাৰ প্ৰয়োজন আছে বিৰতি আৰু ভ্ৰমণৰ দ্বাৰা।

Behaves that should be avoided by parents in front of their child

জীৱন সফল কৰিবলৈ কি পাগলামীৰ দৰকাৰী জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

জীৱনত সফল হবলৈ পাগলামী লাগিবই !

৬) সময় দিয়ক :-

শিশুয়ে যদি কিবা নতুন বিষয় শিকিবলৈ সময় লৈছে তেওঁক সময় দিয়ক ; খং নহয়। সময় লোৱাৰ বাবে তেওঁক আপুনি খং ৰাগ কৰি মানসিক ভাৱে দুৰ্বল কৰি নেপেলাব। কিয়নো তেনে কৰিলে শিশুৰ আত্মবিশ্বাস নাইকিয়া হয় । প্ৰতিটো শিশুৰ শিকাৰ গতি ভিন্ন সেয়ে তেওঁলোকৰ ওপৰত চাপ প্ৰয়োগ কৰা উচিত নহয়।

Share it with:

3 Comments

  1. ভাল লাগিছে আৰু আশা কৰিলো

Leave a Reply

Your email address will not be published. Required fields are marked *