Story of a broken mirror

ঘৰত ভঙা আইনা ৰাখিলে হ’ব পাৰে অৰ্থহানি আৰু দুৰ্ঘটনা ! বাস্তু শাস্ত্ৰ।

আইনা এখন মানুহৰ জীৱনৰ এক অপৰিহাৰ্য বস্তু ; আইনাৰ সন্মুখত মানুহে নিজকে ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰে আৰু এই কথাটো সকলোৱে জানে। কিন্তু মানুহে নাজানে যে আইনাৰ পৰা মানুহৰ ক্ষয় ক্ষতি হয় বহু সময়ত। বাস্তু শাস্ত্ৰত আইনা সম্বন্ধীয় এনে কিছুমান কথা উল্লেখ আছে যিবোৰ হয়তো বহু মানুহে তাহানিও শুনা নাই।

Story of a broken mirror

নিজৰ গৃহত আইনা সদায় উত্তৰ আৰু পূব দিশত ৰাখিব লাগে, তেনে কৰিলে সেই গৃহলৈ মা লক্ষ্মীৰ শুভ দৃষ্টি পৰে। ঘৰৰ দক্ষিণ আৰু পশ্চিম দিশত কেতিয়াও আইনা ৰাখিব নালাগে আৰু সেয়া অশুভ বুলি কোৱা হয়। এই দুই দিশত আইনা ৰাখিলে ঘৰত বাস্তু দোষ সংঘটিত হয় বাবে সেই গৃহত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হোৱাৰ লগতে সেই গৃহৰ লোকৰ দুৰ্ঘটনা জনীত কাৰণত অকাল মৃত্যু হোৱাৰ সম্ভাৱনা বাঢ়ে। বাস্তু শাস্ত্ৰ অনুসৰি গোলকীয় বা ঘূৰণীয়া আইনা অশুভ মনা যায়।

বাস্তু শাস্ত্ৰ অনুসৰি এজন লোকে ৬০ চেকেণ্ডতকৈ বেছি সময় আইনা চাই থাকিব নালাগে, এনে কৰিলে সেই লোকৰ গাত বেয়া শক্তিৰ প্ৰভাৱ পৰিব পাৰে।

Story of a broken mirror

নিজান আৰু অকলশৰীয়া ৰাতি কেতিয়াও আইনা চাব নালাগে কিয়নো নিজান ৰাতি আইনাই বিশেষ ৰূপ ধাৰণ কৰে ; আইনাই নিজান ৰাতি সৌন্দৰ্য প্ৰতিফলিত কৰাৰ উপৰিও কিছুমান অশুভ শক্তিৰ সংকেত ধাৰণ কৰে ফলত ব্যক্তি বিশেষৰ ওপৰত অশুভ শক্তিৰ প্ৰভাৱ পৰিবপাৰে।

আইনাই মানুহৰ ভাগ্য বেয়া কৰি তুলিব পাৰে , আইনাই মানুহৰ স্বাস্থ্য, সম্পদ আৰু সম্পৰ্কত কুপ্ৰভাৱ পেলাব পাৰে । সেয়ে শুৱনি কোঠাত আইনা ৰাখিব নালাগে, আৰু যদি শুৱনি কোঠাত আইনা ৰাখিবই লাগে তেন্তে আইনা খন এনেকুৱা ঠাইত ৰাখিব যাতে ৰাতিপুৱা শুই উঠিয়ে নিজৰ মুখ খন আইনাত দেখা নাযায়। সেয়ে বিছনাৰ সন্মুখত আইনা লগোৱা অশুভ বুলি মনা হয়। বিছনাৰ ওচৰত আইনা ৰাখিলে আইনাৰ পৰা ওলোৱা বেয়া আৰু অশুভ শক্তি মানুহৰ দেহলৈ যায় । বাস্তু শাস্ত্ৰৰ উপদেশ অনুসৰি শুৱনি কোঠাত আইনা থাকিলে ৰাতি টোপনি যোৱাৰ আগতে সেইখনত এখন কাপোৰ দি ঢাকি ৰাখিব লাগে।

tips to build good relationship among family

এই চৰায়ে যদি গৃহত বাহ লৈছে তেন্তে অত্যন্ত শুভ ! সম্পুৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই চৰায়ে যদি গৃহত বাহ লৈছে তেন্তে অত্যন্ত শুভ ! – Assamese Astrology

নিজ গৃহত ভগা আইনা কেতিয়াও ৰাখিব নালাগে, ভঙা আইনাই হয়তো এদিন ঘৰখন ধ্বংস হোৱাৰ কাৰণ হৈ পৰিব পাৰে। ভঙা আইনা গৃহত ৰাখিলে সেই গৃহত ভয়ংকৰ অশুভ শক্তি বিৰাজ কৰিব আৰু ঘৰখনত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বাঢ়ে। লগতে সেই গৃহত অকাল মৃত্যু আৰু অৰ্থ হানি হ’ব পাৰে।

ৰাতিপুৱা শুই উঠি হাত মুখ নোধোৱাকৈ আইনা চাব নালাগে, নহলে নিজৰ অৰ্থ হানি হোৱাৰ উপৰিও শৰীৰত নাকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰিব পাৰে।

আইনাখন কেতিয়াও লেতেৰা আৰু ধূলি বালি পেলাই ৰাখিব নালাগে, নিজৰ গৃহৰ মুখ চোৱা আইনা খন পৰিস্কাৰকৈ ৰখাটো অত্যন্ত প্ৰয়োজনীয় নহলে এই লেতেৰা আইনা খনৰ পৰা ঘৰখনৰ অমংগল হ’ব পাৰে।

POPULAR ASSAMESE VIDEO

 

 

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *