How to win life battle

জীৱনত সফল হবলৈ পাগলামী লাগিবই !

  পৃথিৱীৰ সকলো মানুহে মোক পাগল বুলি কয় ; হয় মই পাগল ! যদিহে বুদ্ধিমান লোকসকলে তেওঁলোকৰ জীৱনত সদায় ৰাতিপুৱা ৯.০০ বজাৰ পৰা আবেলি ৫.০০ বজালৈকে নিজৰ চাকৰি কৰি সুখী থাকিব পাৰে তেন্তে , হয় মই পাগল। যদি বুদ্ধিমান লোকসকলে তেওঁলোকৰ জীৱনত risk লব নোখোজে আৰু যদি মই পাগল মানুহ হৈ জীৱনত বেছিকৈ risk লৈছোঁ ; তেনেহলে হয়, মই পাগল। যদিহে বুদ্ধিমান লোকসকলে তেওঁলোকৰ জীৱনত ১০,০০০.০০ পৰা ১৫,০০০.০০ টকা দৰমহা লৈয়ে নিজকে সন্তুষ্ট ৰাখে আৰু তাতোকৈ বেছি আয়ৰ আশা নকৰে ; বিপৰীতে মই লাখ – কৌটি টকাৰ কথা কওঁ, লাখ – কৌটি টকা আয় কৰাৰ সপোন দেখো আৰু তেতিয়া যদি মানুহে মোক পাগল বুলি কৈছে, তেন্তে হয় মই পাগল। যদি মই নিজৰ পথত চলি গৈ আছোঁ আৰু তাতে মই নিজে ইচ্ছাকৃত ভাৱে নিজৰ সপোন বোৰক পূৰ্ণ কৰিবলৈ অহৰহ নিজৰ সৰ্বোচ্চ শক্তিৰে চেষ্টা কৰিছোঁ, মই মোৰ সপোনবোৰক পূৰণ কৰাৰ বাবে ইমানেই ব্যস্ত হৈ গৈছোঁ যে মই আনক সময় দিব পৰা নাই, তাৰ বাবেই যদি কোনোবাই মোক পাগল বুলি কয় তেনেহলে হয়, মই পাগলে।

how do you know that your child is genius

মই বুদ্ধিমান মানুহ হ’ব নিবিচাৰোঁ কাৰণ বুদ্ধিমান লোকে কেতিয়াও ইতিহাস সৃষ্টি কৰিব নোৱাৰে, মাত্ৰ এজন পাগলেহে ইতিহাস ৰচনা কৰিব পাৰে ! শচীন, শচীন টেণ্ডুলকাৰ কেনেকৈ হ’ব পাৰিছিল ? কিয় জানে তেওঁৰ মনত পাগলামী আছিল। বিৰাট কোহলী , বিৰাট কোহলী কিয় হ’ব পৰিছে জানে , তেওঁৰো মনত পাগলামী আছিল। নায়াজুদ্দিন ছিদ্দিকী, অমিতাভ বচ্চনক আমি কিয় চিনি পাওঁ , কিয়নো তেওঁলোকৰ মনত কিছু ডাঙৰ সপোন আছিল, কিছু জেদ আছিল , তেওঁলোকৰ মাজতো পাগলামী আছিল জীৱনত ডাঙৰ কিবা কৰি দেখুৱাবলৈ ; ইমানেই ডাঙৰ যাতে গোটেই পৃথিৱীয়ে তেওঁলোকক নমস্কাৰ কৰে।

how to win a battle of life

কোনোবাই খুব এটি সুন্দৰ কথা কৈছিল, ” যদি কোনোবাই আনৰ লগত যুঁজি জিকি যায় তেন্তে তেওঁ শক্তিশালী , কিন্তু যদি কোনোবাই নিজৰ মাজত জিকিব পাৰে তেন্তে তেওঁ সৰ্ব শক্তিমান ; পৃথিৱীৰ মানুহৰ কথা চিন্তা কৰা বন্ধ কৰি দিয়ক, কিয়নো যাৰ ওচৰত একো নাথাকে এই পৃথিৱীয়ে তেওঁক ঠাট্টা কৰে, তেওঁক সমালোচনা কৰে , তেওঁক হাঁহে আৰু যাৰ সকলো আছে এই পৃথিৱীয়ে তেওঁক হিংসা কৰে” ।

how to win a battle of life

আৰু কৈছিল ,”যদি মানুহ সঠিক ঠাইত আছে তেন্তে তেওঁ একো প্ৰমাণ কৰাৰ দৰকাৰ নাই, মাত্ৰ তেওঁ সঠিক হৈয়ে থাকক, সময়ে তেওঁৰ হৈ প্ৰমাণ দিব। ধৈৰ্য্য ৰাখক বেয়া সময় পাৰ হৈ যাব আৰু যিয়ে আপোনাক লৈ ঠাট্টা মস্কৰা কৰিছে , যিয়ে হাঁহিছে এদিন তেওঁৰ নিজৰ হাঁহি নোহোৱা হৈ যাব”।

মনত ৰাখিব এজন winner ৰ লগত এটি ভাল ৰিজাল্ট থাকে আৰু এজন loser ৰ সৈতে নানান অজুহাত থাকে ; যি জিকিছে তেওঁ এজন সাধাৰণ লোকেই হয় , মাত্ৰ তেওঁলোকৰ সপোন বোৰ বিশেষ থাকে আৰু জিকাৰ পিছতহে তেওঁ অসাধাৰণ হিচাপে আত্মপ্ৰকাশ কৰে । যি পৰিৱৰ্তন আমি এই পৃথিৱীত চাব বিচাৰো সেই পৰিৱৰ্তন প্ৰথমে আমি নিজৰ মাজত লৈ অহা প্ৰয়োজন।

Way to build a strong carrier

যেতিয়া সংঘৰ্ষ কৰিব লাগে তেতিয়া অকলে কৰিব লাগে কাৰোবাৰ সহযোগ বিচাৰিলে পোৱা নাযায় ; আৰু যিদিনা সফলতা পোৱা যায় সেইদিনা আনন্দ উল্লাখ কৰাৰ বাবে গোটেই পৃথিৱী লগত থাকে। ইতিহাস সাক্ষী আছে , আজি পৰ্যন্ত মানুহে যাক যাক হাঁহিছে , ঠাট্টা কৰিছে তেওঁলোকেই ইতিহাস ৰচনা কৰিছে ; সেয়ে কৰ্ম তেনেকৈ কৰিব লাগে যাতে কিবা পৰিচয় থাকে , এনেদৰে খোজ দিয়ক যাতে নিজৰ ছাপ সৃষ্টি হয় । জীৱন সকলোৱে জীয়াই কিন্ত তাৰে কেইজনমানে এনেধৰণৰ জীৱন কটাই যে তেওঁলোক সমাজত উদাহৰণ হিচাপে ৰৈ যায় ।

carrier building motivation

পিতৃ মাতৃৰ ভুলৰ বাবে বহু সন্তান বিকলংগ হৈ জন্মে ! কি ভুল জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

পিতৃ মাতৃৰ ভুলৰ বাবে বহু সন্তান বিকলংগ হৈ জন্মে !!

 জীৱনত কিমান হেৰাই গৈছে তাতে একো নাহে, একো নাযায় মাত্ৰ মনত ৰাখিব লাগে যে আপুনি জিকাৰ বাবে জন্মিছে। আপুনি ইমান ধনী হৈ দেখুৱাই দিয়ক যে আপুনি যিকোনো মূল্যবান সামগ্ৰী ক্ৰয় কৰাৰ সামৰ্থ ৰাখিছে, আৰু নিজক এনেদৰে তৈয়াৰ কৰক যাতে পৃথিৱীৰ ধনীতকৈ ধনী লোকে আপোনাক কিনিব নোৱাৰে। নিজৰ লক্ষ্যত সেইজন উপনীত হ’ব নোৱাৰে , যাৰ সপোন ডাঙৰ ; কিন্ত তেওঁ উপনীত হ’ব পাৰে যাৰ জেদ বহুত বেছি। কেতিয়াও হতাশ হ’ব নালাগে কাৰণ যিকোনো মুহূৰ্ততে আপোনাৰ নম্বৰ আহিব পাৰে, যদি আপোনাৰ মনত জুই আছে আৰু নিজৰ প্ৰতি বিশ্বাস আছে তেনেহলে খবৰ কাগজ বিক্ৰী কৰা ল’ৰাজনো ডঃ এ পি জে কালাম হ’ব পাৰে। জীৱন সেইটো নহয় যিটো আমি ভগৱানৰ পৰা পাইছোঁ, জীৱন সেইটো যিটো আমি তৈয়াৰ কৰিছোঁ।

think sky high to build a good carrier

শেষত এটি কথা মনত ৰাখিব, ” পৃথিৱীৰ লক্ষ্য আন কিবা আৰু আপোনাৰ মোৰ লক্ষ্য অইন কিবা, আমাৰ জীৱনত তেতিয়াও একো পৰিবৰ্তন হোৱা নাছিল আৰু নাজানো কেতিয়াবা পৰিৱৰ্তন হ’বনে নাই , কেৱল মাত্ৰ আমি নিজৰ কাম ভালদৰে কৰি যোৱা দৰকাৰ “। সকলোৱে ভালে থাকক সকলোৰে কুশল হওঁক।

Popular Assamese sad video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *