Think this in your loneliness

যেতিয়া অকলশৰীয়া অনুভৱ কৰে এই কথা মনত পেলাওঁক !

  প্ৰথমে মানুহে আপোনাক ঠাট্টা কৰিব তাৰ পিছত আপোনাৰ সংগ এৰি আঁতৰি যাব, তাৰ পিছত আপোনাৰ বিৰোধিতা কৰিব আৰু তাৰ পিছত আপোনাক হাঁহিব ; সকলো শেষত আপুনি যেতিয়া সফল হৈ পৰিব তেতিয়া এই মানুহবোৰেই কব , ” আমি আগৰ পৰাই জানো যে তুমি জীৱনত ডাঙৰ কিবা কৰিবা বুলি”।

Think this in your loneliness

এই পৃথিৱীৰ যি লোক সুখত আছে , যিজন আনন্দ স্ফূৰ্তিত আছে, তেনে লোকেও কেতিয়াবা নহয় কেতিয়াবা জীৱনত কষ্ট স্বীকাৰ কৰিছে ; যিয়ে জীৱনত বেছিকৈ দৌৰিছে তেওঁৰ ভৰিত অৱশ্যেই কিছু আঘাতৰ চিন থাকিব । সংঘৰ্ষ নকৰাকৈ কোনো লোক ডাঙৰ হ’ব নোৱাৰে, কিয়নো যি শিখা নজ্বলে সেই শিখাই কেতিয়াওঁ পোহৰ দিব নোৱাৰে। সেয়ে নিজৰ সপোনৰ পিছত এনেদৰে দৌৰিব লাগে যাতে আনে আপোনাক ঢুকি পোৱাটো এক সপোন হৈ ৰয় ; কথা কৈ নহয় , কৰি দেখুৱাই দিয়ক কাৰণ মানুহে শুনিবলৈ নহয় দেখিবলৈ পছন্দ কৰে।

লোকৰ কথা শুনি নিজৰ পথ পৰিৱৰ্তন কৰিব নালাগে ; কাৰণ লাজ কৰিলে সাফল্য নাহে বৰং সাহসীৰ হাততহে সাফল্য বিৰাজমান।

যদি আপোনাৰ সৈতে কোনো নাথাকে তথাপিও হতাশ নহ’ব কাৰণ আপোনাৰ সাহসতকৈ আপোনাৰ ভাল সংগী কোনো নাই। জীৱনৰ বেয়া সময় গুচি যাব মাত্ৰ অলপ ধৈৰ্য্য ধৰক ; কাৰণ সুখ যেতিয়া চিৰদিন নাথাকে একেদৰে দুখ কষ্টও চিৰদিন নাথাকে। আপুনি জীৱনৰ এনে স্থানত উপনীত হওঁক যাতে মানুহে আপোনাক ব্লক নহয় চাৰ্চ কৰে সদায়।

Think this in your loneliness

জীৱন মাত্ৰ এবাৰে পোৱা যায় , এই কথাটো ভুল কিয়নো জীৱন প্ৰতি ৰাতিপুৱাই পোৱা যায় ; মৃত্যুহে মাত্ৰ এবাৰ পোৱা যায়। পৃথিৱীৰ আধা সংখ্যক মানুহ এটা কাৰণেই দুখত থাকে কাৰণ তেওঁলোকে নিজতকৈ বেছি আনৰ সম্পৰ্কে আলোচনা কৰি ভাল পায়।

আনৰ সফলতা দেখি হিংসা নকৰিব , নেদেখা জনে আপোনাকো এদিন সফলতা দিব ; মাত্ৰ নিজে নিজৰ কাম কৰি যাওঁক।

Remember four legendry woman in the morning to be worthy in life

“মই ইমানদিনে নিজৰ কষ্টক লুকাই ৰাখিছিলোঁ আৰু এতিয়া মই একো নকওঁ সময়ে কৈছে মই কি আছিলোঁ ; যদিহে নেদেখা জনে জীৱন দিছে তেনেহলে তেওঁ চম্ভালি লব, যদিহে নেদেখা ভগৱান, আল্লাহে সমস্যা দিছে তেনেহলে তেওঁ সেই সমস্যাৰ সৈতে যুদ্ধ কৰাৰ ক্ষমতাও দিব” ।

“মোক কৰা অপমানৰ উত্তৰ ইমান সন্মানৰ সৈতে মই দিওঁ , মই দিয়া উত্তৰত সন্মুখৰ জনে লাজত শিৰ নত কৰে”।

এইটো দৰকাৰী আৰু গুৰুত্বপূৰ্ণ নহয় যে প্ৰত্যেকজন মানুহে আপোনাক বুজি পাব, কিয় জানে দগা – পাল্লাৰে গুণ নহয় মাত্ৰ ওজনৰ জোখ লোৱা হয় আৰু গুণৰ জোখ লোৱা যন্ত্ৰ আবিষ্কাৰ হোৱা নাই ।

এই প্ৰকৃতিৰ এটি নিয়ম আছে, জানে কি ? পিছৰ চিৰিলৈ যোৱাৰ আগতে প্ৰথম চিৰি বগাবই লাগিব , কিন্তু বেছিভাগ মানুহে পৰৱৰ্তী চিৰিলৈ যাব খোজে ঠিকে কিন্তু প্ৰথম চিৰিটোত খোজ দিবই নিবিচাৰে আৰু সেইবাবেই তেওঁলোক পিছলি যায়।

Reasons for enjoying extra marital affairs by man

জীৱন সফল কৰাৰ তিনিটা মন্ত্ৰ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই ৩ টা কথা মানি চলক দেখিব আপোনাৰ জীৱন ঘোঁৰাৰ আগত দৌৰিব!

যিজনে নিজকে নিজৰ সমস্যাৰ চাকৰ কৰি ৰাখে তেওঁ কেতিয়াও নিজৰ ভাগ্য সজাব নোৱাৰে । শেষত এটা কথা কওঁ winner আৰু কোনো নহয় বৰং তেওঁ এজন loser য়ে হয়, যিজনে হাৰি যোৱাৰ পিছতো কেতিয়াও হাৰ নামানে ; আপোনাৰো যদি এই হাৰ নমনা অভ্যাস আছে তেনেহলে এই অভ্যাসে আপোনাক loser নহয় winner কৰাই দিব এদিন।

how to win a battle of life

ধন্যবাদ , কথাবোৰ ভাল লাগিলে আন বহুজনক জানিবলৈ শ্বেয়াৰ কৰি দিব কাৰণ আপোনাৰ facebook app ত space বহুত আছে আৰু এবাৰ শ্বেয়াৰ কৰি দুদিনমান পিছত ইয়াক delete কৰাৰ option থাকে এই app ত ।

POPULAR ASSAMESE VIDEO

 

Share it with:

1 Comment

  1. I am really attracted which you written something happened anybody’s life, So your written will deeds as SANJIWANI for upcoming generation, thanks more young brot,

Leave a Reply

Your email address will not be published. Required fields are marked *