advice for diabetics

Fact check :- Diabetes ৰোগীয়ে কি ফল খোৱা অনুচিত ? চিকিৎসকৰ মতামত।

  ডায়েবেটিচ এটি ক্ৰনিক ৰোগ , এই ৰোগত এবাৰ আক্ৰান্ত হ’লে গোটেই জীৱন এই সমস্যা লৈয়ে চলিব লগীয়া হয়। লগতে এই ৰোগৰ প্ৰতি মানুহৰ সজাগতাৰ খুব অভাৱ আৰু সেইবাবেই হয়তো আমাৰ দেশ ভাৰতবৰ্ষক ডায়েবেটিচ ৰোগৰ ৰাজধানী বুলি অভিহিত কৰা হয়।

10 golden tips to control diabetes

বেছিভাগ লোকে ডায়েবেটিচ ৰোগৰ মূল কাৰণ সমূহ নুবুজে বা নাজানে। আচলতে আমাৰ দেহত চুগাৰ বা শৰ্কৰা নিয়ন্ত্ৰণ কৰে ইনচুলিন নামৰ এক হ’ৰমনে যি হ’ৰমন পেনক্ৰিয়াছৰ বিটা কোষৰ পৰা ক্ষৰণ হয়। বহুসময়ত দেখা যায় যে এই হ’ৰমন সঠিক পৰিমাণে ক্ষৰণ নহয় নাইবা ক্ষৰণ হোৱা হৰমন খিনিয়ে ভালকৈ কাম কৰিব নোৱাৰে। টাইপ 1 ডায়েবেটিচ হ’লে পৰ্যাপ্ত পৰিমাণৰ হ’ৰমন ক্ষৰণ নহয় আৰু টাইপ 2 ডায়েবেটিচ ত ক্ষৰিত হৰমনে ভালদৰে কাম কৰিব নোৱাৰে। আৰু উভয় কাৰণতে বাঢ়ে তেজৰ চুগাৰ বা শৰ্কৰা। আমাৰ দেশত বিশেষকৈ টাইপ 2 ডায়েবেটিচ ত বেছি মানুহ আক্ৰান্ত। আৰু এই ডায়েবেটিচ ৰোগৰ প্ৰতি মানুহৰ কিছু ভুল ধাৰণা থাকে যাৰ ফলতে এই ৰোগৰ হাৰ বাঢ়িবলৈ ধৰিছে । তেনে এক ভুল ধাৰণা হৈছে যে ডায়েবেটিচ ৰোগীয়ে ফলমুল খাব নোৱাৰে ! আহক ইয়াৰ শুদ্ধ উত্তৰ বিচাৰো আমি ( fact check) ।

ডায়েবেটিচ ৰোগীৰ খাদ্যভাগ :-

advice for diabetes people

এজন ডায়েবেটিচ ৰোগীয়ে একান্তই মানি চলিব লাগে খোৱা লোৱাৰ ৰুটিন এখন। আৰু এই ৰুটিন খনৰ কিছু তাৰতম্য হলেই বাঢ়ে তেজৰ শৰ্কৰা। খাদ্যাভ্যাস আৰু ইয়াৰ ৰুটিন ৰ বিষয়ে পিছত আলোচনা কৰা হ’ব ; এই লেখাত মাত্ৰ ফলমুলৰ বিষয়েহে fact check কৰা হৈছে । বহুতৰ ধাৰণা আছে যে ডায়েবেটিচ ৰোগীয়ে ফলমুল একেবাৰে খাব নালাগে ; কিন্ত সেই ধাৰণা একেবাৰে ভুল। ফলমুলত থাকে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন আৰু খনিজ লৱন যাৰ পৰা শৰীৰে পৰিপুষ্টি লাভ কৰে। কিন্তু ফলমুল খাওঁতে মনোযোগ দিব লাগিব কিছু কথাৰ , নহলে আকৌ ৰক্তশৰ্কৰা বাঢ়ি গৈ সমস্যা দুগুণ হৈ পৰিব পাৰে।

advice for diabetes people

মনত ৰাখিব এজন ডায়েবেটিচ ৰোগীয়ে কম গ্লাইছেমিক ইনডেস্ক ( glycemic index) থকা খাদ্য খোৱাত কোনো অসুবিধা নাই। যিসমূহ ফলমুলৰ গ্লাইছেমিক ইনডেস্ক ( glycemic index) ৫০ ৰ কম তেনেবোৰ ফলমুল খোৱাত কোনো বাধা বাধকতা নাই। তেনে ফলসমূহ হৈছে মধুৰী আম , আপেল, জাম, নাচপতি , পানিফল, পকা অমিতা, ডালিম আৰু যিকোনো ধৰণৰ নেমু । ইয়াৰ উপৰিও কেইবাধৰণৰ বিদেশী ফল যেনে ষ্ট্ৰবেৰী , চেৰী , ব্লুবেৰী ইত্যাদি ইচ্ছা কৰিলে খাব পাৰে কিয়নো ইয়াৰো গ্লাইছেমিক ইনডেস্ক ( glycemic index) ৫০ তকৈ কম। কিন্তু এই ফল সমূহৰ জুইচ্ নহয় গোটা ফলহে খাব লাগে।

advice for diabetes people

আনহাতে কিছুমান ফলমুল আছে যিসমূহৰ গ্লাইছেমিক ইনডেস্ক ( glycemic index) ৫০ ৰ ওপৰত থাকে সেইসমূহ ফলমুল এজন ডায়েবেটিচ ৰোগীয়ে খোৱাৰ পৰা বিৰত থকা ভাল। সেই তালিকাত থকা ফলমুল সমূহ হৈছে আম, লিচু, কঁঠাল, ডাঙৰ জাতৰ কলসমূহ আদি। যদিহে কাৰোবাৰ খাবলৈ মনো যায় তেন্তে এই ফলমুল সমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে গ্ৰহণ কৰা উচিত।

advice for diabetes people

পাইলস ৰোগৰ গেৰাণ্টি চিকিৎসা জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

পাইলস বা অৰ্শ কি, ইয়াৰ মুক্তিৰ উপায় কি ? Staple hemorrhoidectomy নেকি ?

ইয়াৰ উপৰিও মন কৰিবলগীয়া কথা যে অকল ফলমুলৰ বান্ধ বিচাৰ কৰিলেই ডায়েবেটিচ নিয়ন্ত্ৰণ নহ’ব , ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ হলে নিয়মীয়া দৰবৰ সৈতে নিয়মীয়াকৈ দৈনন্দিন ৪৫ মিনিট শাৰীৰিক ব্যায়াম কৰিব লাগিব। কোৱা হয় দৈনিক ৩০ মিনিটকৈ হলেও খোজ কাঢ়িলে দেহত ৰোগ নহয় ; ৪৫ মিনিট খোজ কাঢ়িলে মানুহ ধুনীয়া হৈ থাকিবলৈ সম্ভৱ হয় আৰু এক ঘণ্টা খোজ কাঢ়িলে হৃদৰোগ নহয়। সকলোৱে ভালে থাকক সুস্থ্য থাকক।

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *