PILES AND FISTULA ARE CURABLE

পাইলস বা অৰ্শ কি, ইয়াৰ মুক্তিৰ উপায় কি ? Staple hemorrhoidectomy নেকি ?

পাইলস বা অৰ্শ কিয় হয় ? ইয়াৰ মুক্তিৰ উপায় কি ?পাইলস বা অৰ্শ এনে এটি ৰোগ যিয়ে প্ৰাচীন কালৰ পৰা মানুহৰ জীৱনত নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰি আহিছে। পাইখানা ৰাস্তা বা মলদাৰত পাইলস বা অৰ্শ ( piles ) ফিছাৰ ( fissure ) আৰু ভগণ্ডৰ ( fistula) এই তিনি ধৰণৰ ৰোগ সাধাৰণতে হোৱা দেখা যায় আৰু তাৰ ভিতৰত এই পাইলস বা অৰ্শৰ পয়োভৰ অতি বেছি।

পাইলস বা অৰ্শ এনে এটি ৰোগ যত পাইখানা ৰাস্তাৰ পৰা ৰক্তপাত হয় সেয়া শৌচ কৰাৰ আগতে বা পিছতো হ’ব পাৰে বা পাইখানা কৰি থকা সময়তো হ’ব পাৰে। পৰিঘটনা এনে ধৰণৰ হয় যে মালদ্বাৰৰ ভিতৰ ফালে এটি নৰম মাংসপিণ্ড ওলাই আহে আৰু যেতিয়া ই প্ৰায় বৃদ্ধি হৈ হৈ তৃতীয় স্তৰ পায়গৈ তেতিয়া এই মাংসপিণ্ডটি ৰঙাৰ পৰা কলা ৰঙলৈ পৰিণত হৈ একেবাৰে গুহ্যদ্বাৰৰ বাহিৰলৈ ওলাই থাকে যি আৰু পুনৰ সোমাই যোৱাৰ আশংকা নাইকিয়া হৈ যায়। এই মাংসপিণ্ডটি মাজে মাজে ফাটি গৈ ৰক্তক্ষৰণ আৰু অসহনীয় যন্ত্ৰণা হৈ থাকে। যদিও কিন্ত পাইলস বা অৰ্শ এনে এক ৰোগ যি সম্পূৰ্ণ ভাৱে নিৰাময় হয়।

এই ৰোগৰ কাৰণ সমূহৰ ভিতৰত বংশানুক্ৰম ( genetical ) ; ব্যতিক্ৰমী খাদ্য অভ্যাস যেনে যি লোকে অত্যাধিক মাছ মাংস অৰ্থাৎ বেছি প্ৰোটিন সেৱন কৰিছে যাৰ খাদ্য তালিকাত সেউজীয়া শাক পাচলি অতি নগণ্য, যি লোকে পানী অতি কম পৰিমাণৰ পানী সেৱনৰ ফলত দীৰ্ঘদিন ধৰি কোষ্ঠ কাঠিন্য ৰোগত ভুগি থাকে , যিয়ে মাত্ৰাধিক মদ্যপান, চিগাৰেট সেৱন কৰে , যি লোকে দিনটো বহি কটাই তেনে লোকৰ পাইলস বা অৰ্শ ৰোগ হোৱাৰ সম্ভাৱনা প্ৰকট।

এই ৰোগক যদি অতি সহজে বুজিব লাগে তেন্তে পাইলস বা অৰ্শ হৈছে মলাশয়ৰ ৰক্ত পৰিবাহী শিৰা আৰু ধমনীৰ বিসংগতিযুক্ত ( Artery – Venus mal formation ) সংযোগ হৈ সৃষ্টি হোৱা এটি মাংস পিণ্ড, আৰু সেই ঠাই খিনিক অৰ্শ বা পাইলস ( Piles mass) বোলা হয়। আৰু পাইখানা কৰাৰ সময়ত সেই বিসংগতি যুক্ত সংযোগ ভাগত ৰক্তচাপ বৃদ্ধি হৈ পাইলসৰ টুকুৰা তো ফাটি তেজ নিৰ্গত হয়। প্ৰথম অৱস্থাত এই ৰক্তক্ষৰণ কম থাকে যদিওবা লাহে লাহে ৰক্তক্ষৰণৰ মাত্ৰা বৃদ্ধি হৈ ৰোগী ৰক্তহীনতাত ভুগিব পাৰে। এই ৰোগ আৰম্ভণিতে সামান্য যেন লাগিলেও ই পিছলৈ ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে সেয়ে ইয়াক আৰম্ভণিতে গুৰুত্ব দিয়া প্ৰয়োজন। কিয়নো দেৰি হ’লে শৌচদ্বাৰৰ অন্য কিছু সমস্যা আহি পৰিব পাৰে যেনে কিছু মুহূৰ্তৰ বাবেও শৌচ ধৰি ৰাখিব নোৱাৰা, সম্পূৰ্ণ গুহ্যদ্বাৰ বাহিৰলৈ ওলাই অহা ( rectal prolapse) আদি পৰ্য্যন্ত হ’ব পাৰে।

piles-and-fistula-are-curable

যদিহে এই পাইলস বা অৰ্শ প্ৰথম আৰু দ্বিতীয় স্তৰত থাকে তেনে লোকে প্ৰথমে নিজৰ লাইফ ষ্টাইল সলনি কৰা উচিত যেনে পানী প্ৰচুৰ মাত্ৰাত সেৱন কৰা, সেউজীয়া শাক পাচলি সেৱন কৰা, জীৱ জন্তুৰ পৰা পোৱা প্ৰটিন জাতীয় খাদ্য পৰিহাৰ কৰা ইত্যাদিৰ লগতে দৈনিক কমেও আধাঘণ্টা খোজকাঢ়িবলৈ আৰম্ভণি কৰা ইত্যাদিৰ দ্বাৰা এই পাইলস বা অৰ্শৰ পৰা পৰিত্ৰাণ পাব পাৰি। তাৰ উপৰিও এই পাইলস বা অৰ্শৰ টুকুৰাত কিছু বেজী প্ৰয়োগ কৰি ইয়াক উপশম কৰিব পাৰি। কিন্তু যদিহে এই পাইলস বা অৰ্শ তৃতীয় আৰু চতুৰ্থ স্তৰলৈ গুচি যায় তেতিয়া অস্ত্ৰোপচাৰ কৰি ইয়াক ঠিক কৰাই উত্তম। এই অস্ত্ৰোপচাৰ নানান ধৰণৰ। দীৰ্ঘদিন ধৰি এই পাইলস বা অৰ্শ থাকিলে অতি বিজ্ঞান ভিত্তিক পদ্ধতি হৈছে মিলিগান মৰ্গান ( Milligan Morgan technique ) পদ্ধতি । আজিকালিৰ চিকিৎসা বিজ্ঞান আৰু কিছু আগুৱাই গৈ উদ্ভাৱন কৰিছে স্টেপল হিমৰইডকতেমী ( Staple hemorrhoidectomy ) যি মাইক্ৰচাৰ্জাৰীৰ দ্বাৰা পাইলস বা অৰ্শ সহজতে কাটি উলিয়াই আনিব পাৰি। অনেক সময়ত ৰোগীৰ মনত প্ৰশ্ন উদয় হয় যে এই পাইলস বা অৰ্শ অস্ত্ৰোপচাৰ কৰাৰ পিছতো পুনঃ ঘূৰি আহে সেয়া কিন্তু সঁচা নহয়। সঠিক শৈল্য চিকিৎসকৰ হাতৰ যাদুত এই পাইলস বা অৰ্শ সম্পূৰ্ণ ৰূপে নিৰ্মূল হয়।

ডাঃ এ জেদ আহমেদ।

নিজকে মানসিক ভাৱে শক্তিশালী কৰি গঢ়িবলৈ পঢ়ক এই বাৰ্তা

মানসিক ভাৱে strong হ’বলৈ পঢ়ক এই বাৰ্তা । – বিজ্ঞানী থমাছ এদিচনৰ কথাৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *