সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত ! ঘৰ সজাই তোলক এনেকৈ ভৰপূৰ ৰোমাঞ্চ পাব !

  যদি আপোনাৰ সন্মুখত বিশেষ দিন আহি আছে যেনে বিবাহ বাৰ্ষিকী, সংগীৰ জন্মদিন বা ডেট নাইট প্লেন ( Date night plane) কৰিছে তেন্তে বাহিৰত কতো যাব দৰকাৰ নাই, বাহিৰত ৰোমাঞ্চকৰ আৰু ৰোমান্টিক পৰিবেশ বিচাৰি যোৱাৰ প্ৰয়োজনীয়তা নাই ; নিজৰ ঘৰখনকে ৰোমান্টিক ভাবে সজাই লৈ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব পাৰে, যাৰ বাবে বহুত খৰছ নহয় আপোনাৰ। নিজৰ ঘৰখনক দিব পাৰে এক ৰোমান্টিক স্পৰ্শ। কেনেকৈ সজাব আপোনাৰ আপোন ঘৰখন কিছু টিপছ্ দিয়া হৈছে।

h

১) সুন্দৰ পোহৰ আৰু সুন্দৰ লাইট :- এটি সুন্দৰ ৰোমাঞ্চকৰ পৰিবেশৰ বাবে ঘৰখনত সুন্দৰ লাইটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই কমাৰ্চ ৱেবচাইটত সুন্দৰ লাইট কিনিবলৈ পোৱা যায়, আপোনাৰ পছন্দ অনুসৰি সেই সুন্দৰ লাইটেৰে সজাই লওঁক আপোনাৰ ঘৰ। সেই লাইটৰ অকণমান দাম বেছি হলেও ঘৰ খুব সুন্দৰ দেখিব। নাইবা আপুনি ফেয়াৰী লাইট নাইবা টুনি লাইট কিনি সজাব পাৰে নিজৰ ঘৰ । এই টুনি লাইটৰ পোহৰত আলোকিত হ’ব নিজৰ গৃহতে এক ৰোমাঞ্চকৰ পৰিবেশৰ। তেনে পৰিৱেশত আপোনাৰ মন জীপাল হৈ পৰিব। ইয়াৰ উপৰিও আপুনি ব্যৱহাৰ কৰিব পাৰে চেণ্টেড কেণ্ডেল । এই সুগন্ধি মমবাতি ব্যৱহাৰ কৰিলে আপোনাৰ গৃহৰ পৰিবেশ আৰু বেছি জিলিকি উঠিব লগতে ঘৰটোত এক সুন্দৰ গোন্ধই বিৰাজ কৰিব। ইয়াৰ উপৰিও ফ্লুটিং কেণ্ডেল ব্যৱহাৰ কৰিব পাৰে ।

home decoration tips

২) এৰোমাথেৰাপি :- সুগন্ধিৰ কোনো বিকল্প নাথাকে, নিজৰ ঘৰটো সজাই তুলিবলৈ , ৰোমাঞ্চকৰ কৰি সজাবলৈ এৰোমাথেৰাপিৰ দৰে আৰু বেলেগ ভাল ধাৰণা হ’বই নোৱাৰে। তাৰ বাবে এয়াৰফ্ৰেচনাৰ ব্যৱহাৰ কৰিব পাৰে , সেয়ে মিঠা গোন্ধৰ এয়াৰফ্ৰেচনাৰ চটিয়াই ৰাখক, ষ্ট্ৰবেৰীৰ দৰে গোন্ধৰ এয়াৰফ্ৰেচনাৰ আপোনাৰ ভাল পছন্দৰ হ’ব পাৰে। আনকি ফ্লোৰেল সুগন্ধিৰ পৰিবৰ্তে ফ্ৰুইট সুগন্ধিও আপোনাৰ ভাল পছন্দৰ হ’ব পাৰে সেয়া আপোনাৰ কথা। ইয়াৰ উপৰিও এৰোমাথেৰাপিৰ বাবে সুগন্ধি যুক্ত বিশেষ ধূপকাঠি জ্বলাব পাৰে আপুনি। আৰু নহলে চেণ্টেড মমবাতি জ্বলাই দিয়ক ঘৰৰ বিভিন্ন ঠাইত । ইয়াৰ উপৰিও ছিলেব্ৰেছনৰ দহ মিনিটমান আগতে এটা পাত্ৰত পানী লৈ কেইটোপাল মান এছেনচিয়েল অইল মিহলাই লৈ ঘৰৰ এটি চুকত ৰাখি দিলে পৰিবেশ টি আৰু বেছি ৰোমাঞ্চকৰ হৈ উঠিব।

home decoration tips

৩) ঘৰৰ এটি ঠাই ভালদৰে সজাই তোলক।

  আপোনাৰ ঘৰৰ এটি ঠাই নিৰ্বাচন কৰি লওঁক আৰু সজাই লওঁক যিখিনিত আপুনি বিশেষ মুহূৰ্ত উদযাপন কৰিব। নানান ধৰণৰ বিৰঙী পৰ্দা কিনিবলৈ পোৱা যায়, সেয়া টানি দিয়ক আৰু পৰ্দাত ওৱাৰ্ম টুনি লাইট সজাই দিয়ক। মনত ৰাখিব বগা আৰু গোলাপী ৰঙৰ পর্দাই ৰূমটো বেছি শুৱনি কৰে। সেই পৰ্দা ধুনীয়াকৈ ভাঁজ কৰি লগাই দিব আৰু পৰ্দা সমূহত ৰঙা বেলুন ওলোমাই ৰাখক দেখিবলৈ খুব সুন্দৰ লাগিব। কেক কটাৰ পৰিকল্পনা থাকিলে সেই ঠাইত কাটিব পাৰে। সেই ঠাইত ফ্লোটিং কেণ্ডেল লগাই ৰাখক আৰু ৰুম ফ্ৰেছনাৰ দিবলৈ নাপাহৰে যেন।

৪) কেণ্ডেল লাইট ডিনাৰ :-

home decoration

কেণ্ডেল লাইট ডিনাৰ কৰিবলৈ হলে যে সদায় বাহিৰলৈ যাব লাগিব তেনে কথা নহয় , কাৰণ আপুনি ঘৰতে কেণ্ডেল লাইট ডিনাৰৰ প্ৰস্তুতি কৰি লব পাৰে। নিজৰ পছন্দৰ খাদ্যভাগ প্ৰস্তুত কৰক নাইবা অৰ্ডাৰ কৰি দিয়ক ; সেই ৰূমটোত এখন সৰু টেবুলৰ ব্যৱস্থা ৰাখক আৰু মজিয়াত কাৰ্পেট দিবলৈ নাপাহৰে যেন। আৰু যদি চেণ্টাৰ টেবুলৰ সৈতে চফা ছেট নাইবা ডিনাৰ টেবুল থাকে তেন্তে কথাই নাই ; আৰু কথা পাতি পাতি উপভোগ কৰক আপোনাৰ ডিনাৰ।

home decoration tips

নিজৰ গৃহত কি চৰাই বাহ লোৱা শুভ জানিবৰ বাবে ৰঙা আখৰত ক্লিক কৰক 👇

এই চৰায়ে যদি গৃহত বাহ লৈছে তেন্তে অত্যন্ত শুভ ! – Assamese Astrology

৫) মিউজিক :- ঘৰৰ ৰোমান্টিক মুহূৰ্ত প্ৰস্তুত কৰিবলৈ সংগীত অতিকে প্ৰয়োজন। সংগীতে মুহুৰ্তবোৰ সুন্দৰ কৰিব পাৰে। কম প্ৰতিধ্বনিৰ সংগীতে সদায় পৰিবেশ এটি জীপাল কৰে, ৰসাল কৰে আৰু ৰোমান্টিক কৰি তোলে। ৰোমান্টিক jazz নাইবা instrumental মিউজিক আপোনাৰ পছন্দ মতে বজাই ৰাখক দেখিব সময় খুব সুন্দৰকৈ কাটিব আপোনাৰ।

POPULAR COMEDY VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *