Excellent parenting tips

পঢ়াত মন নাই সন্তানৰ, হোমওৱাৰ্কত অনিহা ! এই ৩ টা উপায় অৱলম্বন কৰক।

  সন্তানৰ পঢ়া শুনাৰ বিষয় লৈ সকলো অভিভাৱক চিন্তিত আৰু উদ্বিগ্ন থাকে। সঠিক ভাবে হোমওৱাৰ্ক কোনো শিশুয়ে কৰিব নিবিচাৰে আৰু বহু শিশুয়ে পঢ়া টেবুলত বহু অনিহা দেখুৱাই , ৰাখে নানান অজুহাত। আজিকালিৰ লৰা ছোৱালীয়ে পঢ়া শুনাতকৈ মোবাইলত গেম খেলিব বেছি পচন্দ কৰে। আপোনাৰ সন্তানেও যদি পঢ়া শুনা কৰিবলৈ নিবিচাৰে বা মোবাইলত বেছিকৈ সময় কটায় বা হোমওৱাৰ্কত অনিহা দেখুৱাই তেনেহলে আপুনিও এই তিনিটা কৌশল অৱলম্বন কৰি সন্তানৰ স্বভাৱৰ পৰিৱৰ্তন কৰিব পাৰে।

how do you know that your child is genius

১) সন্তানৰ মন পছন্দৰ বস্তু দিয়াৰ প্ৰতিশ্ৰুতি দিয়ক। যদি সন্তানে পঢ়া আৰু হোমওৱাৰ্কত অনিহা দেখুৱাই তেন্তে আপুনি সেই সন্তানক তেওঁৰ নিজৰ পছন্দৰ কোনো বস্তু দিম বুলি কৈ প্ৰলুব্ধ কৰক। যেনে ধৰক যদি তেওঁ কোনো নিৰ্দিষ্ট পুতলা বা খেলা ধূলা কৰা বস্তু ভাল পায় সেইটোকে আপুনি দিম বুলি কওঁক আৰু নপঢ়িলে বা হোমওৱাৰ্ক নকৰিলে নিদিওঁ বুলি কওঁক ; নিশ্চয় তেওঁ হোমওৱাৰ্ক যথাসময়ত কৰি পেলাব। বিপৰীতে মাৰধৰ বা খং ৰাগ কৰিলে সন্তান বেছি জেদি আৰু অন্যমনস্ক হৈ পৰে।

Few tips to control and manage your abuse child

২) পছন্দৰ চকলেট বা কেকৰ লোভ দিয়ক। বহু শিশুয়ে চকলেট আৰু পেস্ট্ৰী খুব ভাল পাই আৰু সেইটো পাবৰ বাবে তেওঁলোকে বুজাবুজি compromise কৰিবলৈ দ্বিধাবোধ নকৰে। যদিও শিশুক বেছিকৈ চকলেট দিয়া দাঁতৰ বাবে ক্ষতিকাৰক তথাপি সৰু সৰু চকলেট দি হলেও তেওঁৰ পঢ়া আৰু হোমওৱাৰ্ক খিনি সময়ত কৰাই লওঁক। চকলেটৰ পৰিৱৰ্তে কেতিয়াবা চকলেট কেক, চকলেট বিস্কুইট বা টফি নাইবা মিছিৰি আদি দি ভোলাবৰ চেষ্টা কৰিব পাৰি। কৈ ৰাখক যে প্ৰতিদিনে যদি তেওঁ নিজৰ পঢ়া শুনা আৰু হোমওৱাৰ্ক সময়ত কৰে তেতিয়া তেওঁ প্ৰতিদিনে এই টফি বা চকলেট পাব। দেখিব আপোনাৰ সন্তানে আনন্দৰ সৈতে হোমওৱাৰ্ক সময়ত কৰি পেলাব ।

৩) ভিডিঅ’ গেমৰ প্ৰতিশ্ৰুতি :-

Few tips to control and manage your abuse child

মা দেউতাই কি কি মিছা কথা সন্তানক কব নালাগে জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

অভিভাৱকে নিজৰ শিশুক এইসমূহ মিছা কথা কেতিয়াও নকব!

বহু শিশুয়ে ভিডিঅ’ গেম খেলাৰ চখ ৰাখে কিন্তু এই খেল খেলিবলৈ দিওঁতে স্ক্ৰীন টাইম লক প্ৰতি শিশুৰ বাবে আৱশ্যক। যদি আপোনাৰ শিশুৰ কোনো প্রিয় ভিডিঅ’ শ্ব’ বা প্রিয় ভিডিঅ’ গেম থাকে তেন্তে সেয়া খেলিবলৈ আৰু শ্ব’ চাবলৈ দিয়াৰ বিনিময়ত হোমওৱাৰ্ক কৰাই লওঁক আপুনি কিন্তু স্ক্ৰীন টাইম লক কৰিবলৈ নাপাহৰিব । বিশেষজ্ঞৰ ভাষ্য অনুসৰি হোমওৱাৰ্ক কিমান গুৰুত্বপূৰ্ণ সেয়া বহু শিশুয়ে বুজিব নোৱাৰে বা বুজিবলৈ চেষ্টা নকৰে। লগতে সকলো শিশুৰ মেধা প্ৰখৰ নহয়, সেয়ে ধৈৰ্য সহকাৰে শিশুক পঢ়াশুনা আৰু হোমওৱাৰ্কত আগ্ৰহী আৰু মানযোগী কৰিব লাগিব। গালি গালাজ আৰু ভয় খুৱাই শিশুৰ পৰা কোনো কাম আদায় কৰিব নোৱাৰি সেয়ে তেওঁলোকৰ সৈতে বন্ধুৰ দৰে ব্যৱহাৰ কৰি আৰু খেল ধেমালিৰ চলেৰে তেওঁলোকক পঢ়া শুনাত আগ্ৰহী কৰি তুলিব লাগিব।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *