parenting tips

অভিভাৱকে নিজৰ শিশুক এইসমূহ মিছা কথা কেতিয়াও নকব!

  অভিভাৱক সকলৰ নিজৰ শিশুক ডাঙৰ দীঘল কৰোঁতে Right parenting tips কেনে হোৱা উচিত সেই লৈ মনত বহুত বহু প্রশ্ন উদয় হয় । সন্তানৰ বাবে কোনটো কৰা ভাল কি কৰা বেয়া সেয়া লৈ বহুসময়ত সংশয়ত ভোগে পিতৃ মাতৃ। টোপনি নগলে ভূত আহিব, ভাত নাখালে কুঁজী বুঢ়ীক গতাই দিম এই ধৰণৰ সৰু সৰু মিছা কথা বহু পিতৃ মাতৃয়ে সন্তানৰ আগত কোৱা দেখা যায়। আৰু অভিভাৱকৰ ধাৰণা যে এনেধৰণৰ মিছা কথাৰ কোনো ক্ষতি নাই বৰং উপকাৰী। কিন্তু সঁচাই উপকাৰী নেকি ? জানো আহক এই বিষয়ত বিশেষজ্ঞই কি কয়।

Behaves that should be avoided by parents in front of their child

সন্তান লালন পালন কৰোতে বহু অভিভাৱকে বহু মিছা কথাৰ আশ্ৰয় লোৱা দেখা যায়, খাদ্য খুৱাবৰ সময়ত দুই এটা মিছা কথা, ভুল অভ্যাস এৰাবলৈ দুই এটি মিছা কথা, কিতাপ নললে দুই এটা মিছা দৈনন্দিন ঘটি ঠাকে। কিন্তু এইবোৰ মিছাৰ ফলত যাতে শিশুৰ ওপৰত কুপ্ৰভাব নপৰে। সেয়ে জানি লোৱা উচিত কি কি মিছা শিশুৰ সন্মুখত কোৱা অনুচিত।

Behaves that should be avoided by parents in front of their child

১) “আমি সৰু কালত খুব সাহসী আছিলোঁ”।

how to stop nail biting habit of child

কম বয়সত শিশুসকলৰ কোনো নহয় কোনো বস্তুৰ প্ৰতি ভয় থাকে ; আৰু তেওঁলোকৰ মনত সাহস যোগাবলৈ বহু অভিভাৱকে মিছাকৈ কৈ পেলাই, ” মই কিন্তু সৰু কালত বহুত সাহসী আছিলোঁ, একোকে ভয় কৰা নাছিলোঁ” , ইত্যাদি।

how to stop nail biting habit of child

কোনো কোনো ক্ষেত্ৰত এই মিছা কথাই কিছু শিশুৰ মনোবল বৃদ্ধি কৰিব পাৰে , কিন্তু যদিহে আপোনাৰ শিশুৰ সামান্য সাহস থকা বুলি তেওঁক আৰু বেছি সাহসী কৰিবলৈ বাৰে বাৰে নিজৰ লগত তুলনা কৰে বা তেওঁৰ লগৰ অইন শিশুৰ সৈতে তুলনা কৰে তেতিয়া শিশুটিৰ আত্মবিশ্বাস নোহোৱা হৈ পৰিব ।

২) ” মই তোমাৰ বাবে অমুক বস্তুটো লৈ আহিম”।

Few tips to control and manage your abuse child

বহু অভিভাৱকে ঘৰৰ পৰা ওলাই যাওঁতে সন্তানক কৈ যায়, ” তুমি ঘৰত থাকিবা মই আহোঁতে কিবা লৈ আহিম, পঢ়ি থাকিবা মই অমুক লৈ আহিম” , কিন্ত সন্ধিয়া সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ পাহৰি যায়। আৰু যদি এয়া সঘনাই ঘটি থাকে মনোবিজ্ঞান মতে সেয়া বৰ ক্ষতিকাৰক শিশুৰ বাবে। মনোবিজ্ঞান অনুসৰি শিশুক উৎসাহিত কৰিবলৈ প্ৰত্যুশ্ৰুতি দিব পাৰে কিন্তু মিছা প্ৰত্যুশ্ৰুতি হানিকাৰক। এনে ক্ষেত্ৰত অভিভাৱকৰ প্ৰতি শিশুৰ বিশ্বাস দুৰ্বল হৈ পৰিব । আৰু এনে কথাৰ পুনৰাবৃত্তি হৈ থাকিলে শিশুয়ে ভৱিষ্যতে মা পিতাৰ কোনো কথা নুশুনা হৈ পৰিব, বিশ্বাস নকৰা হৈ পৰিব।

৩) ” তোমাক ঈশ্বৰে পঠিয়াইছে” ।

সন্তানে মুখে মুখে তৰ্ক কৰিলে অভিভাৱকে কি কৰা উচিত জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

সন্তানে তৰ্ক কৰে নেকি ? কি কৰিব অভিভাৱক হিচাপে আপুনি ? টিপছ্।

শিশু সকলে সদায় নিজৰ জন্মৰ সৈতে জড়িত তথ্য জানিবৰ বাবে অগ্ৰহী থাকে। আৰু সেইবাবেই বহু শিশুয়ে পিতৃ মাতৃক প্ৰশ্ন কৰি থাকে যে তেওঁ পৃথিৱীত কেনেকৈ আহিল। আৰু তেতিয়া বহু মা পিতাই উত্তৰ দিয়ে ,” You are God gifted, তোমাক ঈশ্বৰে পঠাই দিছে”। মনোবিজ্ঞান অনুসৰি একেবাৰে ঈশ্বৰে পঠিয়াই দিয়া বুলি কৈ দিয়াৰ বাবে সন্তানৰ ওপৰত মানসিক প্ৰভাৱ পৰে, ব্যৱহাৰিক প্ৰভাৱ পৰিব পাৰে। সেই দিনাৰ পৰাই শিশুটিয়ে নিজকে বিশিষ্ট আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মনত ভাবিবলৈ আৰম্ভণি কৰিব, তেওঁৰ লগৰ অইন শিশুক হেয় জ্ঞান কৰিবলৈ লব।

how do you know that your child is genius

৪) ” মই এতিয়াই পায় যাম”।

পিতৃ মাতৃ থাকে বহু দূৰৈত আৰু সন্তানক কয় যে পাছ মিনিটৰ ভিতৰতে পায় আছোঁ ; তেনে মিছা শিশুৰ আগত কোৱা অনুচিত। অভিভাৱকে শিশুক যি প্ৰতিশ্ৰুতি দিয়ে তাৰ আশাত বহি থাকে শিশু। আৰু সেই পাছ মিনিটৰ ভিতৰত শিশুয়ে অভিভাৱকক নাপালে হতাশ হোৱা নিশ্চিত ; তাৰ ফলত শিশুৰ মনত ক্ষোভৰ সৃষ্টি হয় আৰু অভিভাৱকৰ প্ৰতি বিশ্বাস হেৰুৱাই।

৫) ” মই পঢ়াশুনাত খুব ভাল আছিলোঁ”।

পঢ়া শুনাৰ ৰুচি আৰু মনোযোগ বঢ়াবলৈ প্ৰত্যেক অভিভাৱকে শিশুক কয় যে তেওঁ সৰুতে পঢ়া শুনাত ভাল আছিল, কিন্তু মনত ৰখা উচিত যে যদি অভিভাবক সচাই পঢ়াত ভাল আছিল তেতিয়াহে ভাল বুলি কোৱা উচিত , শিশুৰ সন্মুখত মিছাকৈ নিজৰ প্ৰশংসা কৰা খুব বেয়া। সন্তান ডাঙৰ হৈ আপোনাৰ সত্যতা গম পাবই আৰু সিদিনা সেই শিশুয়ে অভিভাৱকক মিথ্যাবাদী বুলি ভাবিব আৰম্ভণি কৰিব, পিতৃ মাতৃৰ প্ৰতি বিশ্বাস হেৰুৱাব। আনকি দেখা দেখিকৈ হলেও কোনো মিছা কথা নকব শিশুৰ সন্মুখত কিয়নো তেওঁলোকে আপোনাৰ মিছা খিনিকে স্বাভাৱিক বুলি ভাবি লব পাৰে।

৬) কেতিয়াও কোনো কাল্পনিক চৰিত্ৰৰ কথা শুনাই শিশুক ভয় নুখুৱাব। যেনে কুঁজী বুঢ়ী আহি লৈ যাব কান্দিলে, ভূত আহিব টোপনি নগলে ইত্যাদি ইত্যাদি। এনে কৰাৰ ফলত শিশুৰ সাহসিকতা আৰু বুদ্ধিমত্তাত কুপ্ৰভাৱ পৰিব।

POPULAR ASSAMESE COMEDY VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *