few tips to maintain healthy relationship

কথা কথাই খং কৰে নেকি আপোনাৰ স্ত্ৰী ? সহজে নিয়ন্ত্ৰণ কৰাৰ উপায় কি !

  প্ৰত্যেকজন মানুহৰ সম্পৰ্ক সমূহত যেনেদৰে ভালপোৱা আৰু মধুৰ মুহূৰ্ত সমূহ থাকে তেনেদৰে কাজিয়া পেছাল আৰু ভুল বুজাবুজি থাকে ; কোৱা হয় এইসমূহৰ সংমিশ্ৰণ বোৰে হৈছে সংসাৰ। স্বামী স্ত্ৰীৰ মাজত হাই কাজিয়া থাকিবই ; কিন্তু যাতে সেই মনো – মালিন্য এনে অৱস্থালৈ নাযায় যাৰ ফলত সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰে।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

যিয়ে নহওঁক আজিকালি সকলোৱে নিজৰ কৰ্মত ব্যস্ত থাকে, সিফালে ঘৰ সংসাৰ আৰু পৰিয়ালৰো থাকে বহু চাপ , সেই সাত আৰু পাছ বাৰ হৈ কেতিয়াবা কেতিয়াবা মানুহৰ ধৈৰ্য্য চুটি হোৱা স্বাভাৱিক । আকৌ সৰু কথাতে নিজৰ সংগীৰ ওপৰত চিৎকাৰ কৰি উঠে বহুজনে আৰু বহুজন একেবাৰে চৰ্ত টেম্পাৰ ( short tempered ) থাকে যিয়ে মুহূৰ্ততে নিজৰ ধৈৰ্য্য ক্ষমতা হেৰুৱাই পেলায়। এয়া অকল মহিলাই নহয় পুৰুষৰ ক্ষেত্ৰতো একে। মনত ৰাখিব এজনে সহজতে ধৈৰ্য্য হেৰুৱালে তাৰ প্ৰভাৱ আনজনৰ ওপৰতো পৰে। কিয়নো সেই সময়ত কি কৰিব কি নকৰিব বুলি মানুহ উপায়ন্তৰ হৈ পৰে ।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

কিন্তু মনোবিজ্ঞানীৰ মতামত অনুসৰি তেনে পৰিস্থিতিত আপুনি এনে কোনো ধৰণৰ কথা কোৱা বা কাম কৰা উচিত নহয় যিটোৰ পৰা আপোনাৰ সম্পৰ্ক আৰু বেছি বেয়া হৈ যাব পাৰে, বিপৰীতে এনে কাৰ্য্য কৰক যাৰ পৰা সম্পৰ্কটোৰ কিবা ভাল হয় বা হ’ব পাৰে আৰু সম্পর্কটো ঠিকে ৰাখিব পাৰে লগতে নিজৰ স্ত্ৰীক যাতে নিয়ন্ত্ৰণত ৰাখিব পাৰে। তেনে মনোবৈজ্ঞানীক কিছু টিপছ্ তলত দাঙি ধৰা হৈছে :-

Age for boys to marry scientifically

১) যেনেকৈ প্ৰত্যেকৰে এটি মেলটিং পইণ্ট ( melting point) থাকে তেনেকৈ কোনোবা প্ৰচণ্ড খঙত থাকিলে তেওঁক নিয়ন্ত্ৰণ কৰাৰ উপায়ো থাকে। যদি আপুনি নিজে কিবা ভুল কৰিছে আৰু সেইটো আপোনাৰ বোধগম্য হৈছে তেন্তে আপোনাৰ স্ত্ৰী বেছি আগবাঢ়ি যোৱাৰ আগতে আপুনি দোষ স্বীকাৰ কৰাই ভাল ; লগতে আপুনি কৰা দোষৰ বাবে যে আপুনি অনুতপ্ত হৈছে সেয়া আপুনি দেখুৱাবলৈ যত্ন কৰক।

২) কেতিয়াও অতিমাত্ৰা তৰ্কত লিপ্ত নহ’ব। যদি আপোনাৰ স্ত্ৰী ৰাগত আছে, খঙত অগ্নিশৰ্মা হৈ আছে আৰু তেওঁ আপোনাক কথা শুনাই আছে তেন্তে আপুনি মাজতে ওপৰা – উপৰিকৈ কোনো কথা কৈ নিদিয়া বুদ্ধিয়কৰ কাম, তেওঁৰ কথাবোৰ একান্ত মনে শুনক ; তেওঁক সকলো কথা কবলৈ দিয়ক। নিজকে বচাই ৰখাৰ চেষ্টা কৰাতকৈ তেওঁৰ কথা খিনি শুনি লওঁক মনোযোগেৰে । তেওঁ তেওঁৰ কথাবোৰ শেষ কৰি কবলৈ পালে অৰ্ধেক খিনি নিজেই শান্ত হৈ পৰিব। বিপৰীতে তেওঁ খঙত থকা সময়ত তেওঁৰ সৈতে তৰ্ক কৰিলে পৰিস্থিতি আৰু ভয়ংকৰ হৈ পৰিব কিয়নো তেওঁৰ সেই সময়ত কোনো কথা শুনাৰ ইচ্ছাশক্তি নাথাকে, মাত্ৰ মনৰ আসোঁৱাহ সমূহ স্বতঃস্ফূৰ্ত ভাবে প্ৰকাশ কৰিবহে বিচাৰিব। সেই সময়ত তেওঁক শান্ত হোৱাৰ অনুৰোধ সূচক কথাও নকব। আৰু যেতিয়া তেওঁৰ ক্ষোভ আৰু খঙৰ সম্পূৰ্ণ বহিঃপ্ৰকাশ হৈ পৰিব তেতিয়া তেওঁ নিজেই শান্ত হৈ যাব। মাত্ৰ সন্মুখত থাকি আপুনি কথাবোৰ ভালকৈ শুনি যাওঁক আৰু যেতিয়া শান্ত হ’ব তেতিয়াহে আপুনি তেওঁৰ কথাৰ কিবা ভুল থাকিলে ভাঙিবলৈ প্ৰয়াস কৰা ভাল।

Woman who have five bigger organs are lucky enough !!

৩) কাজিয়া পেছালৰ সময়ত মানুহে বহু কথা কৈ পেলাই কিয়নো সেই সময়ত ব্যক্তিজনৰ ইগ’ই ( Ego) সাংঘাতিক ভাৱে ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি থাকে। খঙত থকা জনে বিপৰীতৰ লোকজনৰ সৈতে তৰ্কত জিকিবলৈ নানান কথা স্পষ্ট কৰিব বিচাৰে , যিটো মানুহৰ সহজাত প্ৰবৃত্তি। তেনেকৈ আপোনাৰ স্ত্ৰী খঙত থকা সময়ত আপোনাক নানান সৰু ডাঙৰ কথা শুনাব পাৰে কিন্তু সেইবোৰ আপুনি ধৰি নাথাকিব । তেওঁৰ কথাবোৰ গভীৰ ভাৱে ললে আপোনাৰ তেওঁৰ প্ৰতি তিক্ততা বাঢ়িব। আৰু যদি তেওঁ কোৱা কথাবোৰত আপুনি মন নকৰে তেন্তে দেখিব পিছৰ দিনা তেওঁ আপোনাক নিজেই sorry কৈ পেলাব।

Apply these six tips in love, he or she will miss you always !!

৪) স্ত্ৰী খঙত থাকিলে তেওঁক শান্ত কৰাৰ অন্যতম উপায় হৈছে নিজৰ দোষ আপুনি স্বীকাৰ কৰি লওঁক। অযথা অবাঞ্চিত আৰু অনাকাংক্ষিত তৰ্কত লিপ্ত নহৈ শান্ত থাকি শান্ত স্বভাৱে নিজৰ দোষ স্বীকাৰ কৰি যিমানৰ কথা সিমানে সামৰা উত্তম। তেওঁ কোৱা বা খঙ কৰা কথাত যে আপুনি সহমত তাক বুজাবলৈ মূৰ দুপিয়াঁই সহমত প্ৰকাশ কৰক অৱশ্যেই ; কিন্ত মুখেৰে কথা নকব তেওঁ কৈ থকা সময়ত। নিজকে লুকাবৰ চেষ্টা নকৰি তেওঁ যদি আপোনাৰ কোনো কথাত কষ্ট পাইছে তাক সোনকালে মানি লোৱা বুদ্ধিমান স্বামীৰ বৈশিষ্ট্য। এনে কৰাৰ ফলত পৰিস্থিতি ভয়াবহ হ’বলৈ নগৈ শান্ত হৈ পৰিব আৰু লাহে লাহে স্ত্ৰীৰ খঙো কমি পৰিব। শেষত –

সংসাৰ এখন ভালকৈ চলিবলৈ স্ত্ৰীৰ পৰা কিছু কথা লুকায়ো ৰাখিব লাগে ! কি কথা লুকাব জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

নিজৰ স্ত্ৰীৰ পৰা লুকাই ৰাখক এই ৪ টা বিষয় নহ’লে সম্পৰ্কত ফাট মেলা নিশ্চিত !

৫) পৰিস্থিতিৰ পৰা পলায়ন নকৰিব। যেতিয়া আপোনাৰ স্ত্ৰী খং কৰে বা সেই পৰিস্থিতিত আপুনি তেওঁৰ পৰা দূৰৈত নাযাব । পলায়ন কৰিলে পৰিস্থিতি আৰু বেয়া হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিব। তাৰ পৰিৱৰ্তে আপুনি কথাবোৰ শুনক , বুজক আৰু তেওঁৰ কোৱা শেষ হ’লে বুজাবলৈ চেষ্টা কৰক ।

POPULAR ASSAMESE COMEDY VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *