SIGNS SYMPTOMS AND TREATMENT OF APPENDICITIS

  এই ৰোগৰ কথা মোটামুটি সকলোৱে অৱগত আৰু এইটো সকলোৱে জানে যে এই ৰোগ হ’লে তলপেটৰ বিষ হয় আৰু দৰকাৰী হৈ পৰে চিকিৎসাৰ কাৰণ বিষত ৰব নোৱাৰা হৈ পৰে ৰোগী। আমাৰ সৰ্বসাধাৰণ লোকৰ বাবে এই ৰোগৰ বিষয়ে এইখিনিয়ে হয়তো শেষ জ্ঞান। লগতে বহুজনৰ ধাৰণাই নাথাকে এই ৰোগৰ প্ৰতি। কিন্তু চিকিৎসক হিচাপে কব খোজা হৈছে যে এই ৰোগৰ বিষয়ে সকলোৰে জ্ঞান থকা উচিত কিয়নো এই ৰোগৰ বিষয়ে সৰ্বসাধাৰণৰ জ্ঞান থাকিলে ৰোগ সোনকালে ধৰা পেলাবলৈ সহজ আৰু ৰোগীৰ চিকিৎসাও সোনকালে হৈ পৰে।

SIGNS SYMPTOMS AND TREATMENT OF APPENDICITIS

মানৱ শৰীৰৰ খাদ্যনলীৰ নিম্নভাগত সংলগ্ন হৈ থাকে নলীৰ দৰে মোনা সদৃশ এপেণ্ডিস্ক নামৰ এটি অংগ। ই আমাৰ শৰীৰত থাকে যদিও এই অংগৰ মানৱ শৰীৰত কোনো কাম নাথাকে। আৰু এপেণ্ডিচাইটিছ হৈছে এই অংগটিৰে এটি প্রধান সমস্যা। বেছিভাগ সময়ত এই ৰোগৰ চিকিৎসা হিচাপে অস্ত্ৰোপচাৰ কৰা হয় যাৰ বাহিৰে বেলেগ কোনো উপায় নাথাকে। আৰু বহুক্ষেত্ৰত এই ৰোগৰ উচিত চিকিৎসা নহলে পেটৰ ভিতৰত অনেক সমস্যাই দেখা দিব পাৰে, হ’ব পাৰে ৰক্তপাত।

এই ৰোগ কিয় হয় তাৰ প্ৰকৃত কাৰণ জানা নাযায় যদিও এপেণ্ডিস্ক নামৰ অংগতি কোনো বীজাণুৰ দ্বাৰা সংক্ৰমণ হৈ, এপেণ্ডিস্ক নলীটোৰ ভিতৰৰ ভাগ ব্লক হৈ হ’ব পাৰে এপেণ্ডিচাইটিছ বুলি ধাৰণা কৰা হয়। এই ৰোগ যিকোনো বয়সতে হ’ব পাৰে যদিও ৫ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ মানুহৰ মাজত এই ৰোগ হোৱাৰ আশংকা বেছি।

SIGNS SYMPTOMS AND TREATMENT OF APPENDICITIS

এক্যীউট এপেণ্ডিচাইটিছ ( Acute appendicitis) অৰ্থাৎ হঠাতে এই ৰোগ দেখা দিয়া লোকৰ ক্ষেত্ৰত নাভিৰ ওচৰে পাজৰে পেটবিষ আৰম্ভণি হয় আৰু এক দুই ঘণ্টাৰ ভিতৰতে এই বিষ সোঁও ফালে তলপেটলৈ গুচি যায় আৰু বিষ অতি প্ৰচণ্ড ভাৱে ঘনীভূত হয় যিটো সহ্য কৰা অতি কষ্টদায়ক হৈ পৰে। তাৰ লগতে বমি হ’ব নাইবা বমিভাব থাকিব। বহুতৰ ক্ষেত্ৰত জ্বৰ থাকিব ; খোৱা লোৱাৰ ইচ্ছা নাথাকিব লগতে খাদ্য দেখিলেই বমিভাব আহিব পাৰে ; জটিল অৱস্থালৈ গলে তলপেটৰ সোঁওফালে ফুলি উঠিব পাৰে ।

মহিলাৰ গোপন অংগ চাৰভিক্স কেঞ্চাৰৰ বিষয়ে জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

মহিলাৰ চাৰভিক্স কেন্সাৰ লক্ষণ সমূহ সকলো মহিলাই জানি থোৱা উচিত !

SIGNS SYMPTOMS AND TREATMENT OF APPENDICITIS

এই লক্ষণ সমূহ একেলগে দেখিলে তৎকালীন ভাৱে চিকিৎসকৰ পৰামৰ্শ অত্যন্ত দৰকাৰী । পৰামৰ্শ অনুসৰি আলট্ৰাচাউণ্ড , বেৰিয়াম এক্সৰে আৰু চিটি স্কেন আদি কৰিব লাগিব পাৰে ৰোগ নিৰ্ণয় আৰু নিশ্চিতকৰণৰ বাবে।

SIGNS SYMPTOMS AND TREATMENT OF APPENDICITIS

আৰু যদিহে ৰোগ নিশ্চিত ভাৱে এপেণ্ডিচাইটিছ বুলি নিৰ্ণয় হৈছে তেন্তে ভয় কৰাৰ প্ৰয়োজন নাই যিহেতু আজিকালি হৈছে আধুনিক চিকিৎসা বিজ্ঞানৰ যুগ । দুই এটি সৰু ফুটা কৰি লেপৰষ্কপীৰ দ্বাৰা সহজতে অস্ত্ৰোপচাৰ কৰা সম্ভৱপৰ হৈ উঠে। আৰু ৰোগীও খুব কম দিনতে সুস্থ্য হৈ উঠে ।
জনহিতাৰ্থে।

ডঃ এ জেদ আহমেদ।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *