scientific time of marriage for male

কিমান বয়সত বিয়া পাতিলে পুৰুষ দীৰ্ঘায়ু হয় ?হাবাৰ্ড বিশ্ববিদ্যালয়ৰ তথ্য।

  বিবাহ মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কিন্তু সঠিক আৰু মনে বিচৰা জীৱন সংগী নাপালে বহু মানুহ বিবাহত নবহে। আমাৰ সমাজ ব্যৱস্থাত এইটো ঠিক যে সকলোৱে সঠিক সময়ত বিবাহত বহা উচিত । ছোৱালী ২৫ আৰু ল’ৰা ৩০ বছৰ বয়সৰ ভিতৰত বিবাহ কৰা অত্যন্ত দৰকাৰী। কিন্তু আজিৰ প্ৰজন্মই বিশ্বাস কৰে যে আৰ্থিক আৰু মানসিক ভাৱে প্ৰস্তুত নহলে বিবাহত বহা উচিত নহয়। ইফালে এচামে ছোৱালীৰ বিবাহৰ বাবে চাপ প্ৰয়োগ কৰে আৰু ল’ৰাৰ বিবাহ দেৰি হলেও কোনো অসুবিধা নাই বুলিও মন্তব্য কৰা দেখা যায় ; কিন্তু সাম্প্ৰতিক এক গৱেষণাত এনে এক তথ্য প্ৰকাশ পাইছে যে এনেবোৰ ধাৰণা সম্পূৰ্ণ বিপৰীত।

Age for boys to marry scientifically

হাবাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাত প্ৰকাশ যে এক নিৰ্দিষ্ট বয়সত বিয়া কৰিলে পুৰুষৰ আয়ুস বাঢ়ে। হাবাৰ্ড বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ১২৭৫৪৫ জন মাৰ্কিন প্ৰাপ্তবয়স্ক পুৰুষৰ ওপৰত চলোৱা এক সমীক্ষা আৰু গৱেষণা অনুসৰি এজন সুখী বিবাহিত পুৰুষৰ আয়ুস বেছি। সমীক্ষাত সাঙুৰি লোৱা লোক সমূহৰ ভিতৰত অনেক জন বিবাহ বিচ্ছেদ হোৱা আৰু অনেক জন স্ত্ৰী বিয়োগ হোৱা লোকো আছিল। তাৰে বহু বিবাহিত পুৰুষ নিজৰ বৈবাহিক জীৱনক লৈ বহু সুখী দেখা গৈছিল আৰু সেই সুখী পুৰুষ সকল ডিভোৰ্ছ আৰু স্ত্ৰী পৰলোক প্ৰাপ্তি হোৱা পুৰুষ সকলতকৈ অনেক সুস্থ আছিল।

সময়ত বিবাহ হলে আয়ুস কেনেকৈ বাঢ়ে ?

Age for boys to marry scientifically

যিসমূহ পুৰুষে ২৫ বছৰ বয়সত বিয়া পাতে তেওঁলোক বেছি সুৰক্ষিত। আৰু যিসকলে ইয়াৰ আগতে বিয়া পাতে তেওঁলোকৰ সামাজিক আৰু আৰ্থিক নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হয় বাৰে বাৰে। অবিবাহিত পুৰুষৰ তুলনাত বিবাহিত পুৰুষ বেছি সুখী থাকে আৰু সুস্থ থাকে আৰু আয়ুস বাঢ়ে। বিজ্ঞান সন্মত ভাবে চাবলৈ গলে ২৫ বছৰৰ ভিতৰত বিয়া পাতিলে মনে বিচৰা ধৰণৰ জীৱন সংগী পোৱা যায় বা পোৱাৰ সুযোগ থাকে। আৰু নিজৰ পছন্দৰ বিবাহ কৰিলে বেছিভাগ লোকেই সুখী হোৱা দেখা যায় যদিও দুই এক ব্যতিক্ৰমক নুই কৰিব নোৱাৰি।

সমীক্ষাত কোৱা হয় যিসকল লোকৰ শাৰীৰিক সমস্যা থাকে তেওঁলোকে সোনকালে বিবাহত বহিব লাগে। এই শাৰীৰিক সমস্যা থকা লোকৰ বিবাহ বিচ্ছেদত সম্ভাৱনা কম আৰু বিবাহ বিচ্ছেদ হলেও তেওঁলোকৰ পুনঃ বিবাহ কৰাৰ প্ৰৱণতা বেছি থাকে।

Age for boys to marry scientifically

সমীক্ষাত আৰু কোৱা হৈছে যে বিয়াৰ পিছত যদি শৰীৰ আৰু স্বাস্থ্য ভালে থাকে তেন্তে সেই লোকৰ হৃদযন্ত্ৰ ভালে থাকে। অন্য এক সমীক্ষাত জাপানৰ বিজ্ঞানীয়ে কৈছে যে অবিবাহিত পুৰুষে বিবাহিত পুৰুষৰ তুলনাত প্ৰায় তিনিগুণ বেছি হাৰ্টৰ সমস্যাত ভোগাৰ আশংকা থাকে। ইয়াৰ উপৰিও আৰু নানান শাৰীৰিক সমস্যা বিয়া নোহোৱা মানুহৰ মাজত দেখা পোৱা যায় তাৰ ভিতৰত মানসিক স্বাস্থ্যৰ বিষয়টি অন্যতম। অবিবাহিত লোকৰ ডিপ্ৰেছনৰ সমস্যা বিবাহিত লোকতকৈ বেছি। আনকি বিবাহিত জীৱন সুখী হলে ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ হৈ থাকে।

এগৰাকী বিবাহিতা মহিলাই কি তিনিবিধ বস্তু পিন্ধিব নালাগে জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক

এগৰাকী বিবাহিতা মহিলাই এই তিনি বস্তু পৰিধান কৰা অনুচিত ! – বাস্তুশাস্ত্ৰ ।

শেষত কবলৈ হলে বিবাহিত জীৱন সুখৰ হলে পুৰুষৰ মনত দুঃচিন্তা কম থাকে, আৰু মানুহ যিমানে জীৱনকলৈ সন্তুষ্ট থাকিব সিমানে দীৰ্ঘায়ু হয় আৰু ৰোগ প্ৰৱণতা কম থাকে ।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *