Duties of married woman

এগৰাকী বিবাহিতা মহিলাই এই তিনি বস্তু পৰিধান কৰা অনুচিত ! – বাস্তুশাস্ত্ৰ ।

 হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰক অধিক গুৰুত্ব দিয়া হয় । এই শাস্ত্ৰ অনুসৰি মানুহে নিজৰ কল্যাণৰ বাবে যিকোনো কাম কৰাৰ আগতে বাস্তুৰ ওপৰত ভিত্তি কৰি কৰিব লাগে যাতে পিছত দুৰ্ভোগ ভুগিব লগীয়া নহয়।

আজিকালি বহু মহিলাই যুগৰ সৈতে খোজ মিলাবলৈ বিভিন্ন ধৰণৰ বস্তু পিন্ধিব লগীয়া হয় বা পিন্ধে যদিও তেওঁলোকে সেই বস্তুৰ বাস্তু প্ৰভাৱৰ কথা নাজানে বা জানিবলৈও চেষ্টা কৰা দেখা নাযায় যাৰ ফলত হয়তো তেওঁ নজনাকৈয়ে ভৱিষ্যতে বহু কষ্ট ভোগ কৰিবলগীয়া হয়।

Duties of married woman in a family to run their family very smoothly

শাস্ত্ৰ অনুসৰি কিছুমান বস্তু এগৰাকী বিবাহিত মহিলাই পিন্ধিলে অশুভ শক্তিয়ে গ্ৰাস কৰে। এই অশুভ প্ৰভাৱ তেওঁৰ নিজৰ ওপৰতে হওঁক নাইবা স্বামী আৰু ঘৰখনতো পৰিব পাৰে। তাৰে তিনিপদ বস্তু হৈছে :-

১) বাস্তুশাস্ত্ৰ অনুসৰি এগৰাকী বিবাহ হোৱা মহিলাই শুভ্ৰ বগা বস্ত্ৰ কেতিয়াও পিন্ধিব নালাগে। এনে বস্ত্ৰ পিন্ধাৰ ফলত তেওঁৰ মান সন্মান হানি হ’ব পাৰে লগতে শাস্ত্ৰ অনুসৰি শুভ্ৰ বগা বস্ত্ৰ কেৱল বিধৱা মহিলাৰ বাবেহে। যদিহে কেতিয়াবা বগা বস্ত্ৰ পিন্ধিবলৈ মন যায় বা পিন্ধিবলৈ বাধ্য হয় তেতিয়া বগা ৰঙৰ লগত অইন ৰং সংযোগ হৈ থকা বস্ত্ৰহে পিন্ধিব লাগে কিন্তু সম্পূৰ্ণ বগা বস্ত্ৰ পিন্ধা অনুচিত। আনহাতে এগৰাকী কুমাৰী ছোৱালীয়ে এই শুভ্ৰ বস্ত্ৰ পিন্ধাত কোনো বাধা নাই।

Duties of married woman in a family to run their family very smoothly

২) আধুনিক সৌন্দৰ্য্যৰ যুগত মহিলাই নিজকে আটক ধুনীয়াকৈ সজাবলৈ ভৰিত আৰু ভৰিৰ আঙুলিত সোণৰ অলংকাৰ যেনে পায়েল বা আঙুঠি আদি পৰিধান কৰে। কিন্ত বাস্তু অনুসৰি এই সোণৰ ধাতু ভৰিত পিন্ধা নিষেধ আছে বিবাহিত মহিলাৰ বাবে।

A married woman should never gold payel in leg

ইয়াক একেবাৰে অশুভ মান্যতা দিয়া হয় যাৰ ফলত কুৱেৰ মহাৰাজ লাঞ্ছিত হয় ফলত তেনে মহিলাৰ পৰিয়ালৰ সম্বন্ধত ফাট মেলাৰ উপৰিও স্বামীৰ আয় ব্যায়ত প্ৰভাৱ পৰাৰ লগতে আৰু অনেক সমস্যা আহিব পাৰে ।

নিজৰ স্ত্ৰীক কোন তিনি ঠাইত এৰিব নালাগে জানিবলৈ তলত ক্লিক কৰি পঢ়ক এই অমৃত বাণী

নিজৰ স্ত্ৰীক এই তিনি ঠাইত কেতিয়াও নেৰিব !

Continue reading main post…

 ৩) এগৰাকী বিবাহিত মহিলাৰ স্বাভিমান আৰু প্ৰতীকী চিহ্ন হৈছে শিৰৰ সেন্দুৰ । এই শিৰৰ সেন্দুৰ স্বামীৰ মঙ্গলৰ সৈতে জড়িত হৈ থাকে । বিবাহিতা মহিলাই যদি শিৰত সেন্দুৰ নলয় তাক শাস্ত্ৰ অনুসৰি পাপ বুলি মান্যতা দিয়া হয় আৰু এনে হলে মহিলাৰ পবিত্ৰ বিবাহৰ সম্বন্ধক বিভিন্ন জনে বিভিন্ন দৃষ্টিৰে চাব পাৰে । কিন্তু বিবাহিত মহিলাই এই শিৰৰ সেন্দুৰ আনৰ পৰা খুজি কেতিয়াও শিৰত লব নালাগে , সেন্দুৰ সদায় নিজৰ ধনেৰে কিনি লব লাগে অন্যথা ইয়াক অশুভ মনা হয় আৰু সেয়া স্বামীৰ মংগলৰ হিতকৰ নহয় বুলি শাস্ত্ৰত উল্লেখ আছে।

Share it with:

1 Comment

  1. Mur potniye hodai mur logot horu horu ktha loi kajiya kore tar pisat Ari thoi jabo buli koi ai ohantir pora keneke poritran pam moi

Leave a Reply

Your email address will not be published. Required fields are marked *