5 beautiful advice for people below 25 years

জীৱনৰ খুব কম বয়সতে যদি এই ৫ টি ভুল কৰে তেন্তে জীৱন শেষ !

যিসকলৰ বয়স কম অৰ্থাৎ ২৫ বছৰৰ কম সেই লোকসকলে জীৱন বাটত খোজ দিওঁতে খুব সাৱধান হোৱা উচিত কিয়নো এই বয়সৰ সকলো লোকৰ বাবে জীৱন পথ খুব মসৃণ নহয় , বহুতৰে জীৱন পথত কাঁইট থাকে। যাৰ ফলতে এটি ভুল খোজে তেওঁৰ ভৱিষ্যত জীৱনলৈ অন্ধকাৰ মাতিব পাৰে।

surprising facts of human

কিন্তু বহু কবিয়ে, বহু সাহিত্যিকে কৈছে, “২৫ বছৰ বয়সলৈকে ভুল কৰা আৰু ভুল পৰা শিক্ষা লোৱা কিন্তু একেটা ভুল যাতে বাৰে বাৰে নহয় ; ভুলৰ পৰা পোৱা শিক্ষা কামত লগোৱা, যদি ভুলৰ পৰা কিবা নতুন শিক্ষা লব পৰা যায় তেন্তে সেই ভুলেই ভাল, সেইবুলি একে ভুলৰ পুনৰাবৃত্তি ভয়ংকৰ”। ভুল আমাৰ জীৱনত হ’ব পাৰে , ভুলে আমাৰ জীৱনৰ অভিজ্ঞতাক মজবুত কৰে, ভুলে আমাৰ ওচৰত থকা মানুহ আৰু পৰিৱেশক জানিবলৈ সাহাৰ্য কৰে ; সেয়ে কোৱা হয় ভুল হবই কিন্তু একে ভুল যাতে পুনৰ নহয় তাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিব লাগে । ভুল শিকিবৰ বাবেহে ভাল কিন্ত যিসময়ত ভুলটো সংঘটিত হৈছে সেই সময়ৰ বাবে সেই ভুল একেবাৰে শুভ নহয় ! কিন্তু ভুলৰ পৰা যদি শিক্ষা লব পৰিছে তেন্তে সেই ভুল উপকাৰী, কিয়নো তাৰ পৰা মানুহ সচেতন হয় অৰ্থাৎ অৱচেতন মন সচেতন হৈ উঠে , মানুহ শুদ্ধ হ’ব পাৰে, দক্ষ হ’ব পাৰে আৰু সেই শুদ্ধতাই জীৱন সলনি কৰি দিব পাৰে। মনত ৰাখিব যিসকল বিজ্ঞানীয়ে আমাক বিভিন্ন প্ৰযুক্তিৰ উপহাৰ দিব পাৰিছে তাৰ আঁৰত আছে তেওঁলোকৰ কিবা নহয় কিবা ভুল আৰু তাৰ পৰাই শিক্ষা লৈ কিবা নহয় কিবা আবিষ্কাৰ কৰি পেলাইছিল তেওঁলোকে।

এতিয়া শুনক কি কি ভুল কৰিব নালাগে :-

Few tips to maintain healthy skin

১) এই সামাজিক মাধ্যম আৰু ইণ্টাৰনেটৰ যুগত অফলাইন বা অন্লাইনত যিকোনো কথা বা যিকোনো লোকক অন্ধভাৱে অনুসৰণ কৰিব নালাগে, বিশ্বাস কৰিব নালাগে। এই ২৫ বছৰ বয়সৰ মানুহৰ মাজত দেখা যায় তেওঁলোকে কোনো চেলিব্ৰিটিক, কোনো নেতাক অনলাইনত বা অনলাইনত খুব অন্ধভাৱে অনুসৰণ কৰি পেলাই যাৰ ফলতে সেই চেলিব্ৰিটিয়ে কৰা প্ৰতিটো ভুল কাম বা ভুল কথা যি আচলতে কল্যাণকামী নহয় তেওঁৰ অইন দহটি ভাল আৰু গুণী কৰ্মৰ বাবে তেওঁৰ সেই ভুল কথাকো অনুসৰণ কৰি পেলাই। কাৰণ মানুহৰ সহজাত প্ৰবৃত্তি হৈছে যেতিয়া কোনোবাই কাৰোবাক ভাল পায় বা অনুসৰণ কৰে তেতিয়া তেওঁৰ বহু বেয়া কামকো আনৰ আগত ভাল বুলি উপস্থাপন কৰিবলৈ উঠিপৰি লাগি যোৱাটো। কিন্তু মনত ৰাখিব পৃথিৱীৰ কোনো মানুহ ভগৱানৰ দূত নহয় । এই পৃথিৱীৰ কোনো লোককে অন্ধভাৱে অনুসৰণ কৰিব নোৱাৰি কাৰণ মানুহ মাত্ৰ ভুল থাকে ।

২) নিকটাত্মীয়ৰ পৰা খুব বেছি প্ৰত্যাশা কৰাটো এক মহাভুল। বহুসময়ত ই প্ৰায়ে মৰিচিকাৰ পিছত দৌৰাৰ দৰে হৈ পৰে। বহুজনে কয় নহয় যে মোৰ অমুক ভাই মোক অমুক কৰি দিব তেওঁ থাকিলে মোৰ কোনো চিন্তা নাই ! মোৰ অমুক বাইদেউ আছে নহয় তেওঁ চাকৰি যোগাৰ কৰি দিব কিন্তু বাস্তৱত সেয়া হৈ উঠেনে ? এটি কথা মনত ৰাখিব যিহেতু বয়স ২৫ হোৱা নাই সেয়ে প্ৰত্যাশা নামৰ বস্তুটো কিছু কম কৰি নিজৰ ওপৰতে নিৰ্ভৰশীল হ’বলৈ শিকা উচিত ।

৩) জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত আনৰ পৰামৰ্শৰ ওপৰত এৰি দিয়া এক মাৰাত্মক ভুল। বিষয় বস্তুৰ আগ পিছ , ভাল বেয়া আটাইখিনি নিজৰ বিবেক আৰু বুদ্ধিৰে বিশ্লেষণ কৰা উচিত।

৪) মূৰ্খ আৰু বদমাছ বন্ধু বান্ধৱীৰ সৈতে মিলামিছা কৰা পৰিহাৰ নকৰিলে ভৱিষ্যত অন্ধকাৰ।

৫) চিনেমা আৰু নাটকৰ চৰিত্ৰৰ লগত নিজক কল্পনা নকৰিব। এই সমূহ কাল্পনিক চৰিত্ৰৰ বাস্তৱ জীৱনত অস্তিত্ব বহু কম। আৰু বাস্তৱ জীৱনত সেই চৰিত্ৰৰ সম্পৰ্ক নাই বাবেই চিনেমা বা নাটকখন ভাল লাগে। বাস্তৱ জীৱনৰ কোনো নহয় কোনো ঠাইত আপুনি ভাল পোৱা সেই নায়কজনো খলনায়ক। আৰু নাটকৰ প্ৰত্যেক জন খলনায়ক বাস্তৱ জীৱনৰ কোনো নহয় কোনো ক্ষেত্ৰত হিৰ’ । সেয়ে এই কাল্পনিক চৰিত্ৰ সমূহ নিজৰ জীৱনত মিলাবলৈ গলে ভৱিষ্যতে হতাশা নিশ্চিত।

Who is happy in this earth dog or human ?

৬) ইণ্টাৰনেটৰ সৰ্বোচ্চ ভাল ব্যৱহাৰ নকৰিলে জীৱন বিপন্ন। আজি ইণ্টাৰনেটত বিচাৰিলে ইমান কিছু অশ্লীল দৃশ্য আহি পৰে , বহুত মিছা তথ্য ( Fake ) আহে , অপৰাধৰ ভিডিঅ’ আহি পৰে, যিসমূহ অনুসৰণ কৰিলে জীৱন টছনছ হৈ যাব পাৰে হঠাতে , আপুনি অপৰাধ প্ৰৱণতাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে । ইণ্টাৰনেটত অহা অশ্লীলতাক চকু বন্ধ কৰি দূৰৈত ৰাখিব লাগে। কাৰণ লাজ বোলা বস্তুটো হৈছে screen saver বা protection ৰ দৰে ; লজ্জা থকা দৰকাৰী নহলে জীৱ জন্তুৰ সৈতে মানুহৰ পাৰ্থক্য নাইকিয়া হৈ পৰিব। সেয়ে মানুহ হিচাপে বাচি থাকিবলৈ লাজ ৰাখিব লাগিব।

৭) কম বয়সতে প্ৰণয়ত ( Love) সোমাব নালাগে। জানো এয়া বৰ কঠিন কাম কিয়নো বয়স ২৫ লৈ উত্তেজনা, উদ্দীপনা , আসক্তি ইত্যাদি খুব বেছি থাকে । কাৰোবাক দেখিয়ে প্ৰেমত পৰা, কাৰোবাৰ বাবে উন্মাদ হৈ পৰা এইবোৰ এই বয়সত নিয়ন্ত্ৰণ কৰা কঠিন লগতে এই বয়সত যিজনৰ প্ৰণয় নাথাকে আন বন্ধু বান্ধৱীৰ মনত তেওঁ আনস্মাৰ্ট হৈ ৰয় কিন্তু মনত ৰাখিব এই বয়সত যিজনে প্ৰণয় নকৰি নিজৰ লক্ষ্য আৰু উদ্দেশ্যত সময় খৰছ কৰে তেওঁ ৩০ -৩৫ বছৰৰ ভিতৰত আটাইতকৈ স্মাৰ্ট আৰু সফল হৈ পৰে। চকু বন্ধ কৰি যদি এই বয়সত প্ৰণয়ৰ পৰা দূৰৈত থাকিব পাৰে নিশ্চিত ভাবে তেওঁ জীবনত সুফল ভোগ কৰিব পাৰিব।

৮) অস্বাস্থ্যকৰ আনন্দ আৰু বিনোদনৰ আসক্তি ৰাখিলে জীৱন বিপন্ন। এই বয়সত প্ৰনোগ্ৰাফীৰ পৰা দূৰৈত থকা উচিত কিয়নো ই হৈছে এক জঘন্য পপাচাৰ ইয়াক প্ৰশ্ৰয় নিদিব। ইফালে সুৰাৰ প্ৰবনতা, ড্ৰাগছ ৰ আসক্তি আৰু গোটখাৰ নিচাৰ পৰা নিজক বচাই ৰাখিব নহলে জীয়াই থাকিবলৈ জীৱনে নাথাকিব।

enhance child study performance like this

৯) নিজৰ পৰিয়ালৰ বাহিৰে আন ককোয়ে প্ৰাধান্য নিদিব। এই বয়স হৈছে বন্ধু বান্ধৱীক প্ৰাধান্য দিয়াৰ বয়স কিন্তু তাকে কৰিবলৈ গৈ নিজৰ মা দেউতাক পাহৰি গলে মা দেউতাৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ’ব লাগিব।

হস্ত মৈথুনৰ ভয়ংকৰ পৰিনীতি জানিবলৈ সকলো তলৰ ৰঙা আখৰ ক্লিক কৰক

হস্ত মৈথুনৰ ভয়ংকৰ পৰিনাম জানা উচিত ! এৰিব কেনেকৈ এই নিচা ?

১০) আবেগৰ বশৱৰ্তী হৈ কম বয়সতে বিয়াত নবহিব। এই বয়স হৈছে আবেগ প্ৰবনতাৰ সন্ধি অভিসন্ধিৰ সময়। বিয়াৰ আগত লৰা হওঁক বা ছোৱালী জীৱন আৰু বয়সৰ পৰিপক্কতা অৱশ্যে দৰকাৰী। আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী হোৱাৰ আগতে আবেগৰ বশৱৰ্তী হৈ নিজৰ ইচ্ছা অনুসৰি বিবাহ কৰিলে অনাগত ভৱিষ্যতে সামাজিক আৰু আৰ্থিক নানান সমস্যা আহি পৰে।

POPULAR ASSAMESE COMEDY VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *